লেছেৰি

সঠিককৈ কোনেও নেজানে

"সঠিক কৈ কোনেও নাজানে"
'''''''''''''''''''''''''''''''''''''''''''
✍ দিপানজিত চেতিয়া
ঠিক কোনখিনিৰ পৰা আৰম্ভ হয়
জীৱনৰ সংজ্ঞা    ???
ভূমিষ্ঠ হোৱাৰ পৰা,
আইৰ গৰ্ভৰ পৰা,
নে পিতাইৰ...

মই আপোনাক সুধিছোঁ
এটা শ্ৰেষ্ঠ কবিতাৰ
শিৰোনামাৰ আৰম্ভণি বৰ্ণ কি হব লাগে ?
কোনেও নাজানে , মইও নাজানো  !

ঘড়ীৰ কাটাই কোনখিনি চুলে
আমি নিশ্চিত ভাৱে কব পাৰো,
'এতিয়া দিন শেষ হৈ ৰাতি আৰম্ভ হ'ল'
কোনে কব পাৰিব ?

কোনে কব পাৰিব...
জন্মৰ পৰা মৃত্যুলৈ...
পোৱাৰ পৰা নোপোৱালৈ...
মিলনৰ পৰা বিচ্ছেদলৈ...
কিমান হ'ব লাগে
সঠিক দূৰত্ব  !

কিমান বাৰ কান্দিলে অন্ত হয়
জীৱনৰ দূখ,
হেৰুৱাৰ বেদনা !
কিমান ঘন-ঘোৰ আউসী অতিক্ৰম কৰিলে
প্ৰাপ্তি হয়
পূৰ্ণিমা !
কিমানটা উতপ্ত চুমাই গাঢ় কৰে প্ৰেম
ঠিক কোনেও নাজানে...

কিহৰ ভিত্তিত টনা হয়
শ্লীল-অশ্লীল,
বৈধ-অবৈধ,
পাপ-পূণ্য,
বন্দী-মুক্ত
কিম্বা 
ধনী-দূখিয়াৰ সীমাৰেখা !

ঈপ্সিত স্বাধীনতা,
কিমান জনী ভনীৰ যৌৱন উৎসৰ্গা হলে,
কিমানটা কলিজা শৰ-বিদ্ধ হলে,
কিমানজনী আইৰ বুকু মুচৰ খালে
পাব পাৰি !

কিমানজাক বৰষুণৰ পাছত
উটি যায় ক্লেশ,
সেউজীয়া হয় পৃথিৱীৰ সপোন ...
সঠিক কৈ কোনেও নাজানে...
কোনেও নাজানে...
----X----