ঘৰলৈ আহি সকলোকে কথাটো ক'লো, সকলোৱে বৰ ৰস পালে । বাবুৱে ( জেষ্ঠ ভাতৃ) ছোৱালী হোষ্টেলত থাকিলে হ'ব পৰা নানা কাল্পনিক সম্ভাৱনাৰে বৰ্ণাই নিজেও হাঁহিলে আৰু আনকো খুব হঁহুৱালে, লগৰবোৰৰ মাজতো ই আমোদৰ যোগান ধৰিলে । যি কি নহওক মোৰ নামটো J.C.N.ৰ পৰা শিৱসাগৰ মহাবিদ্যালয়ৰ পুৰণা ছাত্ৰাবাসলৈ (OLD BOYS HOSTEL বা O.B.H.) সলনি কৰি অনা হ'ল । হোষ্টেলত বৰ বেছি ৰেগিং হয় বুলি শুনিছিলো । নিউ ক'মাৰ সকলক বোলে বিছনাৰ তলত ভৰাই থয়, আঠুৱাৰ ৰছী ধৰি থাকিবলৈ দিয়ে, গা মালিচ কৰোৱাই, ছোৱালীৰ ফ'টোত লিপ কিছ কৰিবলৈ দিয়ে, বিছনাৰ তলৰ পৰা মতা মহ ধৰি আনিবলৈ দিয়ে, ইত্যাদি । মোক লগৰ বিলাকে ফ্ৰেচাৰ্চ (নবাগত আদৰণি সভা, Freshers' Social )ৰ পাছত যাবলৈ উপদেশ দিলে, তেতিয়ালৈ বোলে ৰেগিং নকৰে আৰু । মই তেতিয়ালৈকে ৰেগিং পোৱা নাছিলো । মৰাণ উচ্চতৰ মাধ্যমিক বিদ্যালয়তো ৰেগিং নাপালো, শিৱসাগৰ ক'লেজতো নাম লগোৱা এসপ্তাহ মানেই হ'ল ৰেগিং নাই । ৰেগিং নো কেনেকৈ কৰে, ল'ৰা-ছোৱালী কিছুমান নো কিয় আত্মহত্যা পৰ্যন্ত কৰিবলগীয়া হয়, মই তেনে পৰিস্থিতিত কি কৰিম এনে অলেখ প্ৰশ্ন মোৰ মনত আছিল। মই সঁচায়ে বৰ অনুসন্ধিৎসু হৈ আছিলো, সেয়ে ফ্ৰেচাৰ্চলৈ ৰৈ নাথাকিলো ।
২৯ জুলাই,২০০৩ তাৰিখে মই হোষ্টেলত ভৰি দিলোগৈ । O.B.H.ৰ ১৩ নং কোঠটো মই দখল কৰিলো। কোঠাটো চাফ-চিকুন কৰি, গেঞ্জি আৰু এখন গামোছা পিন্ধি অলপ ওলাই গলো । তেতিয়া হোষ্টেলত মাত্ৰ এজনক চিনি পাও, ত্ৰিদিপ ফুকন। বাৰাণ্ডাত কেইজন মান ল'ৰাই কেৰম খেলি আছে, সম্ভৱ চিনিয়ৰেই হ'ব । এজন শকত, এজন শকত, ওখ আৰু বগা, এজন তেনেই ক্ষীণ আৰু আনজন পাহুৱাল । মই গৈ তাতে ৰ'লো । তেওঁলোকে মোলৈ চালে, একো নক'লে । এবাৰত এজনে মাত লগালে যে মই যেন আকৌ বাহিৰলৈ আহিলে পেণ্ট-চাৰ্ট পিন্ধিহে আহোঁ, তাকো চুট কৰিহে । আজি মোক নতুন কাৰণে একো কৰা নাই । তেনেতে এজন ওখ, ক্ষীণ ল'ৰা আহি মোক নাম, ক্লাচ, আদি সুধিলে।
মেজৰ কি সুধিলে- "Zoology",-মই ক'লো ।
"গৰু-ছাগলী নে ঘাঁহ-পাত,"-এজনে মাত লগালে,
"গৰু-ছাগলী," - মই ক'লো ।
"বস্তু বনি আহিছে !"
ল'ৰা জনে মোক উল্টা-পুল্টা প্ৰশ্ন কৰিবলৈ ধৰিলে, মোৰ খং উঠি গ'ল । ভাৱিলো এয়াই ৰেগিং । সেই জন আছিল, উদয় কৃষ্ণ কোঁৱৰ মানে উদয়দা । বাকী কেইজন হ'ল - বিপ্লৱদা, এজন অভিজিতদা, এজন উৎপলদা আৰু আনজন দুদু দোকানী । কোঠালৈ আহি বিছনা খনতে অলপ পৰি দিলো । চিলমিলকৈ টোপনিটো আহিছিলহে, লগত ল'ৰা এটালৈ, শকত, ওখ, বগা ল'ৰা এজন সোমাই আহিল । আনটোও দেখাত ধুনীয়া, বগা, ওখ । ল'ৰাজন আহি মোৰ বিছনাতে বহিল, আনটো ল'ৰা হিঃ হিঃ কৰি কাষতে থিয় হৈ থাকিল । তেওঁ মোৰ পৰিচয় ল'লে আৰু বাল্ব আৰু ঝাৰু কিনিবলৈ ১০ টকা এটা খুজি লৈ গ'ল । মই ভাবিলো মোৰ ৰুমৰ বাবে বস্তু কেইপদ আনি দিব চাগে ! যাওতে লগৰটোক, মোক হোষ্টেলৰ নীতি-নিয়মবোৰ শিকাই দিবলৈ কৈ গ'ল । সেই জন আছিল ধ্ৰুৱদা, লগৰটো উন্মন । অলপ পাছত আৰু এটা ল'ৰা আহিল, লগত সৰু-ফুটীয়া আন এটা ল'ৰা । সিও নতুনকৈ হোষ্টেললৈ আহিছে, মোৰ লগতে একেটা ৰুমতে থাকিব । নাম সৌৰভ গগৈ । পাছতহে গম পালো সৰু যেন লগা ল'ৰাটো তাৰ ককায়েক, হোষ্টেলৰ চিনিয়ৰহে, প্ৰসান্তদা । তাৰ পাছত কাগজ কলমলৈ আৰু এটা ল'ৰা আহিল। সি মোৰ এড্ৰেছ টুকি ল'লে আৰু মোকো তাৰ এড্ৰেছ, বহী এখনত টুকি লবলৈ ক'লে । সি মোক ক'লে যে, হোষ্টলত ৰুমৰ পৰা বাহিৰলৈ যাওঁতে চুট কৰি যাব লাগে, ভাত খাবলৈ যাওঁতে ডিঙিত গামোছা লৈ যাব লাগে, চিনিয়ৰ আহিলে বহাৰ পৰা উঠি দিব লাগে আৰু বহ বুলি ক'লেহে থেংকিউ বুলি কৈ বহিব লাগে, হোষ্টেলৰ সকলোৰে এড্ৰেছ লৈ মুখস্থ কৰিব লাগে ইত্যাদি ।সি আছিল সিদ্ধাৰ্থ ।সন্ধিয়া সকলোৱে হোষ্টেলৰ বাৰাণ্ডাতে প্ৰাৰ্থনা কৰিলো । তাত সকলোকে মোৰ পৰিচয় দিলো । ৰাতি ৮ মান বজাত ধ্ৰুৱদা আকৌ আহিল। মোক বাল্ব কিয় নাই লগোৱা সুধিলে,
মই ক'লো,-"কোনোবা এজনে বাল্ব আৰু ঝাৰু আনিবলৈ মোৰ পৰা পইচা নিছিল ।"
"ময়েই আছিলো, গেৰু, সেইটো তোৰ ৰুমৰ কাৰণে নহয়, বাহিৰৰ কাৰণেহে ।"
তাৰ পাছত মোৰ এটা কাণ্ড দেখি তেওঁ হাঁহিবলৈ ধৰিলে । মই বাল্বৰ হোল্ডাৰটোৰ পৰা ৰছী এডাল লগাই তাতে চোলা কেইটামান আঁৰি থৈছিলো ।
"অই গেৰু, চাৰ্ট কেইটা যে তাত আঁৰিছ পঢ়িবি কেনেকৈ ?"
তাৰ বহুত দিন পিছলৈকে তেওঁ সেইটো কথা কৈ কৈ খুব জমাইছিল। ৰাতি ভাত খোৱাৰ সময় হ'ল । আমি জুনিয়ৰ সকলোৱে ডিঙিত গামোছা লৈ ভাত খাবলৈ গ'লো । ভাত খাওঁতে দাদাহঁতৰ কৃপাত এবাৰ বাওঁ হাতে, এবাৰ দুইহাতে, এবাৰ ডাইৰেক্ট মুখেৰে, এবাৰ কাঁহীখন মূৰত লৈ ইত্যাদি নানা ৰকমে ভাত খাবলৈ পালো । ভাত খাই আহি ৰুমত বহিলোহি । টোপনি ধৰা নাছিল । এনেতে এজনে আহি আমাক এটা ৰুমলৈ মাতি নিলেহি । তাত আমাক দাদাহঁতে জুইশলা কাঠীৰে গদা যুদ্ধ, হোষ্টেল চং, হোষ্টেল চেলুত আদি শিকালে । গিলাছে-গিলাছে পানী খুৱালে, মতা মহ ধৰাৰ কিটিপ শিকালে, অল্প বসন পৰিধান কৰি নাচিবলৈ শিকালে । মুঠতে দাদাহঁতৰ কৃপাত আমি যে কিছুদিনৰ ভিতৰতে সৰ্ব বিদ্যা বিশাৰদ হ'ম সেইটো মই বাৰুকৈয়ে উপলব্ধি কৰিলো আৰু এই বিদ্যা আমি আমাৰ অনুজহঁতকো পিছলৈ শিকাম বুলি ঠিৰাং কৰিলো । এনেদৰে বিভিন্ন শিক্ষাৰ অগতানুগতিক পাঠদানেৰে প্ৰায় ৰাতি ৩ মান বজাত হোষ্টেলত মোৰ প্ৰথম দিনাৰ দিক্ষা সমাপ্ত হ'ল । আমি শুবলৈ বুলি নিজৰ নিজৰ কোঠাত প্ৰৱেশ কৰিলো । সেইদিনা বৰ সুন্দৰ টোপনি আহিল।
উপসংহাৰঃ হোষ্টেলৰ প্ৰথম দিনটোৰ দৰেই প্ৰায় ৭-৮টা মান দিনৰ পাছত হোষ্টেল ফ্ৰেচাৰ্চ অনুষ্ঠিত হ'ল । ফ্ৰেচাৰ্চৰ আগৰাতি আমি দাদাহঁতৰ পৰা লোন লৈ হংকং যাত্ৰাও কৰি আহিলো । দাদাহঁতে আমাৰ চুলিবোৰ দীঘল হোৱা বাবে চুটি-চুটিকৈ কাটি দিলে । আমাক সকলোকে এটা এটা উপ-নামো (Nick Name) দিলে; মোক মৰমতে নাম দিলে - কালিয়া ।
❇❇❇✾✺✾❇❇❇