লেছেৰি

পৃথিৱীৰ আটাইতকৈ ডাঙৰ দূৰবীন, জেমছ ৱেব স্পেছ টেলিস্কোপ ( James Webb Space Telescope )

 


'''জেমছ ৱেব স্পেচ টেলিস্কোপ''' হৈছে ইউৰোপীয় মহাকাশ সংস্থা আৰু কানাডিয়ান স্পেচ এজেন্সিৰ অৱদানৰ সৈতে নাছাৰ দ্বাৰা নিৰ্মিত এক বিশাল মহাকাশ দূৰবীন যন্ত্ৰ। জ্যোতিৰ্বিজ্ঞান ক্ষেত্ৰত নাছাৰ ফ্লেগশ্বিপ মিছন হিচাপে হাবল মহাকাশ দূৰবীনক সফলতাৰে প্ৰতিস্থাপন কৰিবলৈ ইয়াক পৰিকল্পনা কৰা হৈছে।
এই দূৰবীনটোৰ নাম ১৯৬১ চনৰ পৰা ১৯৬৮ চনলৈ নাছাৰ প্ৰশাসক পদত থকা আৰু এপোলো কাৰ্যসূচীত এক অবিচ্ছেদ্য ভূমিকা পালন কৰা বিজ্ঞানী জেমছ ই ৱেবৰ নামেৰে নামকৰণ কৰা হৈছে।
আজি কিছুদিন আগলৈকে মহাকাশত ঘূৰি ফুৰা সকলোতকৈ ডাঙৰ মহাকাশ দূৰবীক্ষণ যন্ত্ৰটোৰ নাম আছিল হাবল স্পেছ টেলিস্কোপ। ১৯৯০ চনৰ ২৪ এপ্ৰিলত আমেৰিকাৰ Kennedy Space Center ৰ পৰা এই Hubble Space Telescope মহাকাশত স্থাপন কৰা হৈছিল। ৪৩ ফুট দীঘল আৰু ১৪ ফুট বহল এই মহাকাশ দূৰবীক্ষণ যন্ত্ৰটোৰ ওজন আছিল ১১,১১০ কিলোগ্ৰাম। ইয়াক পৃথিৱীৰ পৰা ৫৪০ কিলোমিটাৰ ওপৰত কক্ষপথত স্থাপন কৰা হৈছিল। ই পৃথিৱীৰ চাৰিওফালে প্ৰায় ২৭ হাজাৰ কিলোমিটাৰ বেগত ভ্ৰমণ কৰি বিভিন্ন গ্ৰহ, উপগ্ৰহ, গ্ৰহানু, নক্ষত্ৰ, তাৰকাৰাজ্য, কৃষ্ণগহ্বৰ, নিহাৰিকা আদিৰ ফটো পৃথিৱীলৈ প্ৰেৰণ কৰি আছে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিখ্যাত মহাকাশ বিজ্ঞানী এডৱিন পাৱেল হাবলৰ নামত, মহাকাশ ক্ষেত্ৰত তেওঁৰ অভূত বৰঙণিৰ বাবে এই মহাকাশ দূৰবীক্ষণ যন্ত্ৰটোৰ নাম 'হাবল' ৰখা হৈছিল। আৰু এই দূৰবীনটোকে প্ৰতিষ্ঠাপন কৰিবলৈ ২০২১ চনৰ যোৱা ২৫ ডিচেম্বৰ তাৰিখে আমেৰিকা যুক্তৰাষ্ট্ৰৰ মহাকাশ সন্থা নাছাই মহাকাশলৈ প্ৰেৰণ কৰিলে ইতিহাসৰ সকলোতকৈ ডাঙৰ মহাকাশ দূৰবীক্ষণ যন্ত্ৰ জেমছ ৱেব স্পেছ টিলিস্কোপ। এই মহাকাশ দূৰবীক্ষণ যন্ত্ৰটো ৬৬ ফুট দীঘল আৰু ৪৭ ফুট বহল। ই আকাৰত 'হাবল'তকৈ ডাঙৰ হ'লেও ওজন হাবল'তকৈ কম। ইয়াৰ ওজন হৈছে ৬১৬১ কিলোগ্ৰাম। হাবল'ক পৃথিৱীৰ পৰা ৫৪০ কিলোমিটাৰ ওপৰলৈ প্ৰেৰণ কৰা হৈছিল কিন্তু 'James Webb' ক পৃথিৱীৰ ১.৫ নিযুত কিলোমিটাৰ দূৰলৈ প্ৰেৰণ কৰা হৈছে। এই মহাকাশ দূৰবীক্ষণ যন্ত্ৰটোক ইউৰোপীয়ান মহাকাশ সন্থাই নিৰ্মাণ কৰা 'Ariane 5' নামৰ অতি শক্তিশালী ৰকেটৰ সহায়ত মহাকাশলৈ প্ৰেৰণ কৰা হয়।
James Webb Space Telescope নিৰ্মাণৰ কাম আৰম্ভ হৈছিল ১৯৯৬ চনত। সোণৰ প্ৰলেপ দিয়া বেৰিলিয়ামেৰে নিৰ্মিত এই দূৰবীনৰ দাপোনখনৰ ব্যাস হৈছে ৬.৫ মিটাৰ অৰ্থাৎ ২১ ফুট আৰু Focal length হৈছে ১৩১.৪ মিটাৰ।
কোনো বাধা নোপোৱাকৈ অৱলোহিত ৰশ্মি পৰ্যবেক্ষণ কৰিবলৈ দূৰবীনটো অতি ঠাণ্ডা কৰি ৰাখিব লাগিব, সেয়েহে ইয়াক পৃথিৱীৰ পৰা প্ৰায় ১.৫ নিযুত কিলোমিটাৰ দূৰৰ সূৰ্য-পৃথিৱী “এল2 লাগ্ৰেঞ্জ বিন্দু”ৰ ওচৰৰ মহাকাশত স্থাপন কৰা হৈছে, এই দূৰত্ব চন্দ্ৰ আৰু পৃথিৱীৰ মাজৰ দূৰত্বৰ প্ৰায় তিনি গুণ। চিলিকন আৰু এলুমিনিয়ামৰ আৱৰণযুক্ত কাপ্টনেৰে নিৰ্মিত এখন ডাঙৰ চানশ্বিল্ডে ইয়াৰ আইনা আৰু অন্য সঁজুলিবোৰৰ উষ্ণতা −২২৩° চেলচিয়াছৰ তলত ৰাখিব বুলি অনুমান কৰা হৈছে।
কাৰিকৰী ভাবে বহুত উচ্চ প্ৰযুক্তিৰ যন্ত্ৰ ইয়াত লগোৱা হৈছে যাতে এই মহাকাশ দূৰবীক্ষণ যন্ত্ৰটোৱে সঠিকভাবে মহাকাশ গৱেষণা কৰিব পাৰে, বিশ্বব্ৰহ্মাণ্ডত আমি নজনা আৰু নেদেখা বহু গ্ৰহ, উপগ্ৰহ, ধুমকেতু, গ্ৰহানু, তাৰকাৰাজ্য, নিহাৰীকা, কৃষ্ণগহ্বৰ আদিৰ সন্ধান কৰিব পাৰে লগতে তাৰ ফটো আৰু তথ্য পৃথিৱীলৈ প্ৰেৰণ কৰি থাকিব পাৰে। আমি আশা কৰিম এই James Webb Space Telescope য়েই এদিন আমাক ব্ৰহ্মাণ্ডত মানুহৰ বসবাসযোগ্য গ্ৰহ তথা অন্য গ্ৰহৰ জীৱৰ সন্ধান দিব। ধন্যবাদ।