ৱিকিপিডিয়া বৰ্তমান সময়ৰ এটা অতি চিনাকি শব্দ। ফেচবুক, ইউটিউবৰ দৰে সামাজিক মাধ্যমৰ দৰেই ৱিকিপিডিয়ায়ো ইণ্টাৰনেটৰ জগতত আজি নিজৰ স্থান দখল কৰিবলৈ সক্ষম হৈছে। বৰ্তমান মুক্ত শৈক্ষিক সমলসমূহৰ ভিতৰত ৱিকিপিডিয়া অন্যতম। ৱিকিপিডিয়া অব্যাৱসায়িক সংস্থা ৱিকিমিডিয়া ফাউণ্ডেছনৰদ্বাৰা পৰিচালিত এক মুক্ত, ৱেব-ভিত্তিক, সহযোগিতামূলক, বহুভাষিক বিশ্বকোষ। পৃথিৱীৰ বিভিন্ন প্ৰান্তৰ মুঠ ৩৪২টা ভাষাত ৱিকিপিডিয়া উপলভ্য। ২০০২ চনৰ ২ জুনত অসমীয়া ভাষাটো ৱিকিপিডিয়া মুকলি কৰা হৈছিল। তেতিয়াৰেপৰা অসম তথা প্ৰবাসত থকা বহু অসমীয়া স্বেচ্ছাসেৱকৰ অৱদানেৰে সমৃদ্ধ অসমীয়া ৱিকিপিডিয়াই বৰ্তমান এক দীঘলীয়া যাত্ৰা সম্পূৰ্ণ কৰি ২৩টা বৰ্ষ অতিক্ৰম কৰিলে। এই সময়ছোৱাত অসমীয়া ৱিকিপিডিয়াৰ সহযাত্ৰী হিচাপে সংযুক্ত হ’ল অন্য দুটা ভগ্নী প্ৰকল্প ৱিকিউৎস আৰু অসমীয়া ৱিকিউদ্ধৃতি। ইয়াৰ লগতে খোজত খোজ মিলাই আগবাঢ়ি গৈ থাকিল ৱিকিমিডিয়াৰ অন্য তিনিটা বহুভাষিক প্ৰকল্প মেটাৱিকি, ৱিকিকমন্স আৰু ৱিকিডাটা। মাত্ৰ কেইজনমান ৱিকিমিডিয়ানেৰে আৰম্ভ কৰা অসমীয়া ৱিকি যাত্ৰাত আজি দেখা পোৱা গৈছে শতাধিক ৱিকি পদাতিক। ৱিকিমিডিয়াৰ মাধ্যমেৰে অসমীয়া ভাষা আৰু সংস্কৃতিৰ বিভিন্ন সমলেৰে ইণ্টাৰনেটৰ ভঁৰাল টনকিয়াল কৰিবলৈ আগবাঢ়ি অহা এই ৱিকিযোদ্ধাসকললৈ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ।
বিগত বছৰসমূহৰ দৰেই ২০২৪ বৰ্ষতো অসমীয়া ৱিকিমিডিয়াই নিয়মীয়া সম্পাদনাৰ লগতে সম্পন্ন কৰিছে বহুতো অগানুগতিক কৰ্ম। অসমীয়া ভাষা, সংস্কৃতিৰ প্ৰচাৰ আৰু প্ৰসাৰৰ সমান্তৰালকৈ বিশ্বৰ বিভিন্ন দেশৰ ৰাজনৈতিক, সামাজিক, অৰ্থনৈতিক, ধৰ্মীয় তথা সাংস্কৃতিক উপাদানৰ অন্তৰ্ভুক্তিৰে অসমীয়া ৱিকিমিডিয়া প্ৰকল্পসমূহে ইণ্টাৰনেটত অসমীয়া ভাষাক প্ৰতিষ্ঠিত কৰিবলৈ অহৰহ প্ৰচেষ্টা কৰিছে। ২০২৫ বৰ্ষত অসমীয়া ৱিকিৰ তৰফৰপৰা কেইবাটাও কৰ্মশালা, সম্পাদনা মেলা, আলোচনা-চক্ৰ, ৱিকি সন্মিলন, অনলাইন সভা আৰু প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়।
'''অসমীয়া ৱিকিমিডিয়া সমাজ'''
২০২৫ বৰ্ষত অসমীয়া ৱিকিৰ এটা অতি গুৰুত্বপূৰ্ণ কৰ্ম হৈছে ৱিকিমিডিয়া ব্যৱহাৰকাৰী গোট হিচাপে অসমীয়া ৱিকিমিডিয়া সমাজৰ স্বীকৃতি লাভ। ৱিকিমিডিয়া ব্যৱহাৰকাৰী গোট হৈছে কোনো অঞ্চল ভিত্তিক বা ভাষাভিত্তিক ব্যৱহাৰকাৰীসকলৰ একপ্ৰকাৰৰ সংগঠিত ৰূপ বা দল। ব্যক্তিগত পৰ্যায়ত কাম কৰাতকৈ এনে গোটৰ জৰিয়তে কাম কৰিলে কাম সমূহ অধিক পৰিকল্পিত, প্ৰণালীবদ্ধ আৰু সংগঠিত হোৱাৰ লগতে বিভিন্ন সমজুৱা প্ৰকল্পৰ বাবে পুঁজি আৱণ্টনৰ সম্ভাৱনাও বৃদ্ধি পায়। অসমীয়া ৱিকিমিডিয়া সমাজৰ স্বীকৃতিয়ে অসমীয়া ৱিকিৰ ভৱিষ্যত অধিক সুৰক্ষিত কৰিব বুলি আশা কৰিব পাৰি।
'''সন্মিলন'''
যোৱা বৰ্ষত অসমীয়া ৱিকিমিডিয়া সমাজৰদ্বাৰা দুখন ৱিকি সন্মিলন অনুষ্ঠিত কৰা হয়। ২০২৪ চনৰ ১ অক্টোবৰৰপৰা ৩১ ডিচেম্বৰলৈ বিভিন্ন অসমীয়া ৱিকিমিডিয়া প্ৰকল্পত অৱদান আগবঢ়াবলৈ আগ্ৰহী যিকোনো নতুন ব্যক্তিক সহায় আৰু পথ প্ৰদৰ্শনৰ বাবে অসমীয়া ৱিকিমিডিয়া সমাজৰ উদ্যোগত ৱিকিসংযোগ নামৰ এই মেণ্টৰশ্বিপ কাৰ্যসূচী আৰম্ভ কৰা হৈছিল। এই কাৰ্যসূচীৰ সামৰণি অনুষ্ঠান হিচাপে ২০২৫ বৰ্ষৰ ৫ জানুৱাৰীত অসমীয়া ৱিকিমিডিয়া সমাজ আৰু CIS-A2Kৰ যৌথ উদ্যোগত গুৱাহাটীস্থ ভাৰতীয় বেংক ব্যৱস্থাপনা প্ৰতিষ্ঠান, গুৱাহাটী (IIBM, Guwahati)ত দিনজোৰা কাৰ্যসূচীৰে প্ৰথমখন অসমীয়া ৱিকিসংযোগ সন্মিলন অনুষ্ঠিত কৰা হয়। ২০২৫ বৰ্ষৰ ২৬ জুলাইত গুৱাহাটীৰ IRIS হোটেলত গ্ৰন্থযাত্ৰা প্ৰকল্প আৰু অসমীয়া সংস্কৃতিৰ প্ৰেমত ৱিকি প্ৰকল্পৰ এক যৌথ সন্মিলন অনুষ্ঠিত কৰা হয়। এই সন্মিলনত গ্ৰন্থযাত্ৰা নামৰ ৱিকিউৎসৰ বাবে সংগ্ৰহ কৰা গ্ৰন্থসমূহৰ স্বত্বাধিকাৰীসকলক কৃতজ্ঞতা জনোৱাৰ লগতে অসমীয়া সংস্কৃতিৰ প্ৰেমত ৱিকি প্ৰকল্পৰ শুভ আৰম্ভণি কৰা হয়। উল্লেখ্য যে গ্ৰন্থযাত্ৰা প্ৰকল্পৰ জৰিয়তে বিভিন্ন লেখকৰ প্ৰায় দুই শতাধিক গ্ৰন্থ মুক্তভাৱে পাঠকে পঢ়িব পৰাকৈ ৱিকিউৎসত উপলভ্য কৰোৱা হৈছে।
'''বৰ্ষশ্ৰেষ্ঠ অসমীয়া ৱিকিমিডিয়ান বঁটা'''
চন্দন চিৰিং ফুকন ন্যাসৰ তৰফৰ পৰা প্ৰতিবছৰে অসমীয়া ৱিকিমিডিয়া প্ৰকল্পসমূহত বিশেষ বৰঙনি আগবঢ়োৱা এজন ৱিকিমিডিয়ানক বৰ্ষশ্ৰেষ্ঠ অসমীয়া ৱিকিমিডিয়ান বঁটা প্ৰদান কৰা হয়৷
১. ২০২৫ চনৰ ৫ জানুৱাৰীত গুৱাহাটীত অনুষ্ঠিত হোৱা প্ৰথমখন অসমীয়া ৱিকিসংযোগ সন্মিলনত ২০২৪ বৰ্ষৰ বৰ্ষশ্ৰেষ্ঠ অসমীয়া ৱিকিমিডিয়ান বঁটা জ্যোতি চিৰিঙক প্ৰদান কৰা হয়৷
২. ২০২৫ চনৰ ২৫ ডিচেম্বৰত গুৱাহাটীত অনুষ্ঠিত হোৱা ৱিকি সন্মিলনত ২০২৫ বৰ্ষৰ বৰ্ষশ্ৰেষ্ঠ অসমীয়া ৱিকিমিডিয়ান বঁটা বাবুল বৈশ্যক প্ৰদান কৰা হয়৷
'''ৱিকি প্ৰকল্প'''
১. ''অসমীয়া সংস্কৃতিৰ প্ৰেমত ৱিকি'': ২০২৫ বৰ্ষত অসমীয়া ৱিকি সমাজে আৰম্ভ কৰা এক অন্যতম প্ৰকল্প। ৱিকিমিডিয়ান নয়ন জ্যোতি নাথ, বিকাশ দিহিঙীয়া, পৱন বৰ্মন, হানিফ আলি, কমল দাস আৰু পাপৰি বৰাৰ নেতৃত্ব আৰম্ভ কৰা এই প্ৰকল্পৰ উদ্দেশ্য হৈছে ৱিকিমিডিয়াৰ বিভিন্ন প্ৰকল্পসমূহত অসমীয়া সংস্কৃতিৰ সমল উপলভ্য কৰোৱা। ২০২৫ বৰ্ষৰ জুলাই মাহত আৰম্ভ কৰা এই প্ৰকল্প ২০২৫ বৰ্ষৰ ২৫ ডিচেম্বৰত সফলতাৰে সমাপ্ত কৰা হয়। এই প্ৰকল্পৰ জৰিয়তে দুখনকৈ ৱিকি সন্মিলন, এখন আলোকচিত্ৰ প্ৰতিযোগিতা আৰু কেইবাটাও ফটোৱাক আয়োজন কৰি অসমীয়া সংস্কৃতিৰ বহুসংখ্যক দৃশ্য-শ্ৰাব্য সমল ৱিকি কমন্সত উপলভ্য কৰোৱা হয়।
২. ''সৰাপাতৰ সৌৰভ'': 'সৰাপাতৰ সৌৰভ' হৈছে 'ৱিকি লাভচ্ ডকুমেণ্টেচন' প্ৰকল্পৰ অধীনত অসমীয়া ৱিকিমিডিয়ানৰদ্বাৰা সমল নথিভুক্তিকৰণৰ এক প্ৰচেষ্টা। এই প্ৰকল্পৰ জৰিয়তে অসমৰ বিভিন্ন স্থানত ব্যক্তিগত প্ৰচেষ্টাত সংৰক্ষিত হৈ থকা সাঁচিপাতৰ পুথিসমূহক ৱিকিমিডিয়া ফাউণ্ডেছনৰ সহযোগিতাৰে অসমীয়া ৱিকিমিডিয়ানৰদ্বাৰা ডিজিটাইজ কৰা হয়।
৩. ''জগন্নাথ বৰুৱা মহাবিদ্যালয় সৈতে গ্লেম প্ৰকল্প'': ২০২৫ চনত আৰম্ভ কৰা এই প্ৰকল্পৰ জৰিয়তে যোৰহাটৰ জগন্নাথ বৰুৱা মহাবিদ্যালয় কৃষ্ণকান্ত সন্দিকৈ কেন্দ্ৰীয় পুথিভঁৰালৰ অসমীয়া, ইংৰাজী, বঙালী আদি ভাষাৰ বহুসংখ্যক দুষ্প্ৰাপ্য কিতাপ তথা আলোচনীৰ লগতে পুৰণি অসমীয়া বহুখিনি পুথিচিত্ৰ মুদ্ৰণ সংশোধন কৰি ইউনিকোডলৈ ৰূপান্তৰ কৰা হয়৷
৪. ''নন্দ তালুকদাৰ প্ৰতিষ্ঠানৰ সৈতে গ্লেম প্ৰকল্প'': 'ডিজিটাইজিং অসম' প্ৰকল্পৰ কপিৰাইটমুক্ত স্কেন কিতাপসমূহ ৱিকিমিডিয়া কমন্সত অন্তৰ্ভুক্ত কৰাৰ লগতে অসমীয়া ৱিকিউৎসত ইউনিকোডলৈ ৰূপান্তৰ কৰি মুদ্ৰণ সংশোধনৰ বাবে ২০২৫ চনৰ ১ এপ্ৰিল তাৰিখে নন্দ তালুকদাৰ ফাউণ্ডেচন আৰু অসমীয়া ৱিকিমিডিয়া সমাজৰ সহযোগত এই প্ৰকল্প আৰম্ভ কৰা হয়৷ ৱিকিমিডিয়ান প্ৰাণজ্যোতি নাথ আৰু চাণক্য কুমাৰ দাসৰ নেতৃত্বত এই প্ৰকল্পৰ কাম আৰম্ভ কৰা হয়৷
৫. ''যোৰহাট নৰ্মাল স্কুলৰ সৈতে গ্লেম প্ৰকল্প'': ২০২৫ বৰ্ষৰ ১৫ অক্টোবৰৰ পৰা আৰম্ভ কৰা এই প্ৰকল্পৰ জৰিয়তে যোৰহাট নৰ্মাল স্কুলৰ আপুৰুগীয়া গ্ৰন্থাগাৰৰ কপিৰাইট মুক্ত অসমীয়া কিতাপসমূহ অসমীয়া ৱিকিউৎসত ডিজিটেল ৰূপত সংৰক্ষণৰ ব্যৱস্থা কৰা হয়৷ ৱিকিমিডিয়ান প্ৰাণজ্যোতি নাথ আৰু চাণক্য কুমাৰ দাসৰ নেতৃত্বত এই প্ৰকল্পৰ কাম আৰম্ভ কৰা হয়৷
৬. ''ডিজিটাইজেছন আৰু উচ্চতৰ অসমীয়া ৱিকিউৎস কৰ্মশালা প্ৰকল্প ২০২৫'': ২০২৫ চনৰ ১৫ অক্টোবৰৰ পৰা আৰম্ভ কৰা এই প্ৰকল্পৰ যোগেদি অসমীয়া ৱিকিউৎস আৰু অসমীয়া ভাষা সম্প্ৰদায়ক শক্তিশালী কৰি তোলাৰ প্ৰয়াস কৰা হৈছে৷
৭. ''ৱিকি লাভছ বাৰ্ডছ – অসম চেপ্তাৰ'': ৱিকি লাভছ বাৰ্ডছ ইণ্ডিয়া ২০২৫ অভিযানৰ অধীনত ৱিকি লাভছ বাৰ্ডছ – অসম চেপ্তাৰ নামৰ এক আঞ্চলিক ফটোগ্ৰাফী আৰু নথিকৰণ পদক্ষেপ গ্ৰহণ কৰা হয়৷ এই অভিযানৰ অংশ হিচাপে ২৮ ডিচেম্বৰৰ পৰা ৩০ ডিচেম্বৰলৈ এটা ফটো-ৱাক আৰু ৱিকিপিডিয়াৰ প্ৰবন্ধত ফটো সংযোগৰ কাম কৰা হয়৷
'''কৰ্মশালা'''
বিগত বৰ্ষটোত অসমীয়া ৱিকিমিডিয়া সমাজৰদ্বাৰা অসমৰ বিভিন্ন প্ৰান্তত কেইবাখনো কৰ্মশালা অনুষ্ঠিত কৰা হয়। এই কৰ্মশালা সমূহৰ যোগেদি অসমীয়া ৱিকিমিডিয়া প্ৰকল্প সমূহৰ প্ৰচাৰ আৰু প্ৰসাৰ হোৱাৰ লগতে বহু নতুন স্বেচ্ছাসেৱকৰ আগমন হোৱা দেখা যায়।
১. ''নৰ্থ লখিমপুৰ মহাবিদ্যালয় (স্বায়ত্তশাসিত)ৰ অসমীয়া বিভাগৰ উদ্যোগত ৱিকিমিডিয়া কৰ্মশালা'': ২০২৫ বৰ্ষৰ ১৮ জানুৱাৰীত নৰ্থ লখিমপুৰ মহাবিদ্যালয় (স্বায়ত্তশাসিত)ৰ অসমীয়া বিভাগৰ উদ্যোগত এই কৰ্মশালাখন অনুষ্ঠিত হয়। কৰ্মশালাখনিৰ আঁত ধৰে মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক ড° অৰবিন্দ ৰাজখোৱাই। কৰ্মশালাত সমল ব্যক্তি হিচাপে উপস্থিত থাকে অসমীয়া ৱিকিমিডিয়াৰ এজন সক্ৰিয় কৰ্মী তথা তেজপুৰ বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ অতিথি অধ্যাপক তথা ৱিকিমিডিয়ান ভাস্কৰ ভূঞা।
২. ''চেলিব্ৰেট ৱুমেন অঙ্কীয়কৰণ আৰু অসমীয়া ৱিকিউৎস কৰ্মশালা, ২০২৫'': আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস উপলক্ষে তেজপুৰ বিশ্ববিদ্যালয়ত ২০২৫ চনৰ ৮ মাৰ্চত “চেলিব্ৰেট ৱুমেন অঙ্কীয়কৰণ আৰু অসমীয়া ৱিকিউৎস কৰ্মশালা, ২০২৫” শীৰ্ষক এখন আৱাসিক কৰ্মশালা অনুষ্ঠিত কৰা হয়।
৩. ''বড়োলেণ্ড বিশ্ববিদ্যালয়ত অসমীয়া ৱিকিপিডিয়া কৰ্মশালা'': ২০২৫ চনৰ ১৯ মাৰ্চত বড়োলেণ্ড বিশ্ববিদ্যালয়ত অসমীয়া ৱিকিপিডিয়া এখন কৰ্মশালা অনুষ্ঠিত কৰা হয়৷
৪. ''“সোঁৱৰণ আৰু সংকল্প” শীৰ্ষক এদিনীয়া কৰ্মশালা'': ২০২৫ চনৰ ২৭ এপ্ৰিল তাৰিখে নগাঁৱৰ বুকনুক পুথিভঁৰালৰ সহযোগত “চন্দন চিৰিং ফুকন সোঁৱৰণ”ত এখনি এদিনীয়া কৰ্মশালা অনুষ্ঠিত কৰা হয়।
৫. ''সামাজিক প্ৰতিষ্ঠানৰ সৈতে সহযোগিতামূলক ৱিকিউদ্ধৃতিৰ কৰ্মশালা'': ২০২৫ চনৰ ৩ ডিচেম্বৰত যোৰহাটৰ মেলেঙত সামাজিক প্ৰতিষ্ঠানৰ সৈতে সহযোগিতামূলক ৱিকিউদ্ধৃতিৰ কৰ্মশালা অনুষ্ঠিত কৰা হয়। কৰ্মশালাখনত সমল ব্যক্তি হিচাপে ৱিকিমিডিয়ান প্ৰণামিকা অধিকাৰীয়ে অংশগ্ৰহণ কৰে।
৬. ''ৱিকিপিডিয়া এছিয়ান মাহ উপলক্ষ্যে অসমীয়া ৱিকিপিডিয়া কৰ্মশালা'': ৱিকিপিডিয়া এছিয়ান মাহ, ২০২৫ উপলক্ষ্যে বঙাইগাঁও জিলাৰ চিলাৰায় জাতীয় বিদ্যালয়, মূলাগাঁওত ২০২৫ চনৰ ১৩ ডিচেম্বৰত এই কৰ্মশালাখন অনুষ্ঠিত কৰা হয়। কৰ্মশালাখনত সমল ব্যক্তি হিচাপে ৱিকিমিডিয়ান কন্দৰ্পজিৎ কল্লোল উপস্থিত থাকে।
'''সম্পাদনা মেলা আৰু প্ৰতিযোগিতা'''
২০২৫ বৰ্ষত অসমীয়া ৱিকিমিডিয়াৰ বিভিন্ন প্ৰকল্পসমূহত সমল বৃদ্ধি তথা নতুন স্বেচ্ছাসেৱকৰ অন্তৰ্ভুক্তিৰ বাবে বহুকেইখন সম্পাদনা মেলা অনুষ্ঠিত কৰা হয়।
১. ''ইণ্ডিক ৰাইটিং চিষ্টেম কেম্পেইন, ২০২৫'': দক্ষিণ এছিয়াৰ লেখন ব্যৱস্থাৰ সংৰক্ষণ আৰু নথিকৰণৰ ওপৰত গুৰুত্ব আৰোপ কৰিবলৈ ৱিকিপ্ৰজেক্ট ৰাইটিং চিষ্টেমৰ অংশ হিচাপে ২০২৫ চনৰ ২৩ জানুৱাৰীৰপৰা ২৯ ফেব্ৰুৱাৰীলৈ এখনি সম্পাদনা মেলা অনুষ্ঠিত কৰা হয়।
২. ''নাৰীবাদ আৰু লোকগাথা এডিটাথন ২০২৫'': ৱিকিপিডিয়াত সাংস্কৃতিক বৈচিত্ৰ্য আৰু লৈংগিক সমতাৰ বাৰ্ষিক উদ্যাপন। এয়া হৈছে ৱিকিপিডিয়াত বিশ্বৰ বিভিন্ন অঞ্চলৰ লোক-সংস্কৃতি, লোকগাথা আৰু মহিলা বিষয়ক সমল বৃদ্ধিৰ উদ্দেশ্যে ২০২৫ চনৰ ১ ফেব্ৰুৱাৰীৰপৰা ৩১ মাৰ্চলৈ এই সম্পাদনা মেলা অনুষ্ঠিত কৰা হয়।
৩. ''ৱিকি লাভছ্ ফ'ক্ল'ৰ ২০২৫, অসম'': ৱিকি লাভছ্ ফ'ক্ল'ৰ হৈছে ৱিকিমিডিয়া প্ৰকল্পৰ জৰিয়তে বিশ্বৰ বিভিন্ন প্ৰান্তৰ সাংস্কৃতিক বৈচিত্ৰ্যক উপভোগ আৰু উদযাপনৰ বাবে আয়োজিত এক আন্তৰ্জাতিক ফটোগ্ৰাফিক প্ৰতিযোগিতা। এই আন্তৰ্জাতিক প্ৰতিযোগিতা খনৰে দেশীয় সংস্কৰণৰ ভাগ হিচাপে অসমীয়া ৱিকিমিডিয়া সমাজে স্থানীয় ভাষাৰ ৱিকি প্ৰকল্পৰ বাবে ২০২৫ চনৰ ১ ফেব্ৰুৱাৰীৰ পৰা ৩১ মাৰ্চলৈ ৱিকি লাভছ্ ফ'ক্ল'ৰ ২০২৫, অসম অনুষ্ঠিত কৰা হয়।
৪. ''ৱিকিউদ্ধৃতি সংযোগ মেলা ২০২৫'': ২০২৫ চনৰ ১৮ এপ্ৰিলৰপৰা ২৪ এপ্ৰিললৈ অসমীয়া ৱিকিউদ্ধৃতিত এখন অনলাইন ৱিকিউদ্ধৃতি সংযোগ মেলা অনুষ্ঠিত কৰা হয়।
৫. ''অসমীয়া ৱিকিপিডিয়া পোখালি বিস্তাৰ সম্পাদনা মেলা ২০২৫'': ২০১৫ চনৰ ১৬ মে’ৰপৰা ৩০ মে’লৈ অসমীয়া ৱিকিপিডিয়া পোখালি বিস্তাৰ সম্পাদনা মেলাৰ যোগেদি অসমীয়া ৱিকিপিডিয়াৰ অসম্পূৰ্ণ প্ৰবন্ধসমূহ বিস্তাৰ কৰাৰ বাবে এখনি সম্পাদনা মেলা অনুষ্ঠিত কৰা হয়।
৬. ''মহাত্মা গান্ধী এডিটাথন, ২০২৫'': গান্ধী জয়ন্তী উপলক্ষ্যে ২০২৫ বৰ্ষৰ ছেপ্টেম্বৰৰ ৩০ তাৰিখৰপৰা ২ অক্টোবৰলৈ এই সম্পাদনা মেলা অনুষ্ঠিত কৰা হয়।
৭. ''অসমীয়া-নেপালী-বাংলা আন্তঃৱিকি সহযোগিতামূলক সম্পাদনা মেলা ২০২৫'': ২০২৫ চনৰ ৫ নৱেম্বৰৰপৰা ১৪ নৱেম্বৰলৈ অসমীয়া ৱিকিপিডিয়া, নেপালী ৱিকিপিডিয়া আৰু বাংলা ৱিকিপিডিয়া (বাংলাদেশ)ৰ উমৈহতীয়া উদ্যোগত ইং ২০২৫ চনৰ ৫নৱেম্বৰৰপৰা ১৪ নৱেম্বৰলৈ ১০ দিনজোৰা “অসমীয়া-নেপালী-বাংলা আন্তঃৱিকি সহযোগিতামূলক সম্পাদনা মেলা ২০২৫”ৰ আয়োজন কৰা হয়।
৮. ''ৱিকিপিডিয়া এছিয়ান মাহ ২০২৫'': ৱিকিপিডিয়া এছীয় সম্প্ৰদায়সমূহৰ মাজত সদ্ভাৱ বৃদ্ধিৰ লক্ষ্যৰে ২০২৫ চনৰ ১৫ নৱেম্বৰৰপৰা ১৫ ডিচেম্বৰলৈ এই সম্পাদনা মেলা অনুষ্ঠিত কৰা হয়।
৯. ''অসমীয়া সংস্কৃতিৰ প্ৰেমত ৱিকি ফটোগ্ৰাফী প্ৰতিযোগিতা'': অসমীয়া সংস্কৃতিৰ প্ৰেমত ৱিকি প্ৰকল্পৰ অধীনত ২০২৫ চনৰ ২৫ নৱেম্বৰৰ পৰা ২০ ডিচেম্বৰলৈ এখন ফটোগ্ৰাফী প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়৷
১০. ''মুদ্ৰণ সংশোধন মেলা, ডিচেম্বৰ ২০২৫'': ডিজিটাইজেছন আৰু উচ্চতৰ অসমীয়া ৱিকিউৎস কৰ্মশালা প্ৰকল্প ২০২৫-২৬ৰ লগত সংগতি ৰাখি অসমীয়া ৱিকিউৎসত ১৫ ডিচেম্বৰৰপৰা ১৫ জানুৱাৰী ২০২৬ লৈ এখনি এমহীয়া মুদ্ৰণ সংশোধন প্ৰতিযোগিতা আয়োজন কৰা হৈছে।
—*—