লেছেৰি

পৃথিৱীৰ ১০ বিধ অনন্য আৰু সুন্দৰ সাপ

 ***পৃথিৱীৰ ১০ বিধ অনন্য আৰু সুন্দৰ সাপ***

পৃথিৱীত বিভিন্ন প্ৰজাতিৰ সাপ আছে। সাপৰ বিষাক্ত প্ৰকৃতিৰ বাবে মানুহে সাধাৰণতে ইহঁতৰ পৰা দূৰতে অৱস্থান কৰে। আজি আপোনালোকলৈ লৈ আনিছোঁ পৃথিৱীত পোৱা ১০ বিধ অনন্য আৰু সুন্দৰ সাপৰ বিষয়ে কিছু তথ্য। ইয়াৰ পৰা আপোনালোকে সাপৰ ভয়লগা ছবিখনৰ বিপৰীতে ইহঁতৰ সুন্দৰতাৰ বিষয়েও জানিব পাৰিব। আশা কৰোঁ লেখাটো শেষলৈকে পঢ়িব।


১) ৰামধনু সাপ (Rainbow Snake): আপোনালোক সকলোৱে কেতিয়াবা নহয় কেতিয়াবা নিশ্চয় আকাশত ৰামধনু দেখিছে। বিচিত্ৰ ৰঙৰ সমাহাৰ এই ৰামধনু কাৰনো ভাল নেলাগে! কিন্তু কেতিয়াবা ভাবিছেনে, ৰামধনুৰ দৰেই বিচিত্ৰ ৰঙেৰে ৰঙীণ সাপো পৃথিৱীত বিদ্যমান। হয়, আমেৰিকাত পোৱা এই ৰামধনু সাপৰ গাটো বিভিন্ন ৰঙৰ সমাহাৰ দেখিবলৈ পোৱা যায়। ইয়াৰ বৈজ্ঞানিক নাম হৈছে "Farancia erytrogramma"। সাধাৰণতে পানীৰ কাষত থকা এই সাপবিধ অতি লাজকুৰীয়া। বিলুপ্তপ্ৰায় এই সৰ্বাংগসুন্দৰ সাপবিধ অলপো বিষাক্ত নহয়।


২) এম্বেৰাল্ড ট্ৰি বোৱা (Emberald Tree Boa): এমাজনৰ গভীৰ অৰণ্যত পোৱা এই সাপবিধৰ বৈজ্ঞানিক নাম হৈছে− "Corallus caninus"। সাধাৰণতে জীৱনৰ সৰহকাল গছৰ ওপৰতে বাস কৰা এই সাপবিধৰ গাৰ বৰণ সেউজীয়া। এই সুন্দৰ সাপবিধে কেৱল ৰাতিহে চিকাৰ কৰে। প্ৰায় ২ৰ পৰা ৩ মিটাৰ পৰ্যন্ত দীঘল হোৱা এই সাপবিধো বিষাক্ত নহয়।


৩) এলবিনো বল পাইথন (Albino Ball Python): সাপ বুলিলেই আমাৰ মনলৈ ক’লা বা মটিয়া বৰণৰ, জিভা লক্‌লকাই থকা এটা দীঘল জীৱৰ ছবি মনলৈ ভাঁহি আহে, কিন্তু আপুনি জানি আচৰিত হ’ব যে, এই সাপৰ বৰণ ধক্‌ধকীয়া বগা। এই বগা বৰণৰ সাপবিধৰ গুলপীয়া বৰণৰ চকু কেইটাই ইয়াৰ সৌন্দৰ্য্য দুগুণে বঢ়াই তোলে। অষ্ট্ৰেলিয়াত পোৱা এই সুন্দৰ সাপবিধৰ বৈজ্ঞানিক নাম হৈছে "Python regius"। এই প্ৰজাতিৰ অন্য অঞ্চলত পোৱা সাপবোৰ সাধাৰণতে বিভিন্ন বৰণৰ হোৱা দেখা যায়, কিন্তু এলবিনো সাপৰ বৰণ বিশুদ্ধ বগা। প্ৰায় ৮ মিটাৰলৈকে দীঘল হোৱা এই সাপবিধো বিষাক্ত নহয়।


৪) ৰজাফেঁটী সাপ (King Cobra): অসমত ৰজাফেঁটী বুলি জনাজাত এই সাপবিধ দেখিবলৈ সুন্দৰ হ’লেও তাৰ সৌন্দৰ্য্যই আপোনাক প্ৰতাৰণা কৰিব, কিয়নো এই সাপৰ ওচৰত যিমানখিনি বিহ থাকে সেইখিনি বিহে এটা প্ৰকাণ্ড এচিয়ান হাতীকো বধ কপিব পাৰে। ভাৰতত নাগৰাজ নামেৰে জনাজাত এই সাপৰ বৈজ্ঞানিক নাম হৈছে "Ophiophagus hannah"। ই হৈছে পৃথিৱীৰ আটাইতকৈ দীঘল আৰু বিষাক্ত সাপবোৰৰ ভিতৰত অন্যতম। ই প্ৰায় ২০ ফুট পৰ্য্যন্ত দীঘল হয়।


৫) ৰেড হেডেড ক্ৰেইট (Red Headed Krait): গাঢ় নালা বৰণৰ এই সুন্দৰ সাপটোৰ মূৰৰ বৰণ হৈছে ৰঙা। ইয়াৰ বৈজ্ঞানিক নাম হৈছে "Bungarus flaviceps"। ম্যানমাৰৰ হাবিত পোৱা এই সাপটো প্ৰায় ৭ ফুট পৰ্য্যন্ত দীঘল হ’ব পাৰে। দিনত শুই থাকি ৰাতি সক্ৰিয় হোৱা এই সাপটো দেখিবলৈ যিমান ধুনীয়া, সিমানেই বিষাক্ত।


৬) টাইগাৰ কীলবেক (Tiger Keelback): "Rhabdophis tigrinus" হৈছে ইয়াৰ বৈজ্ঞানিক নাম। বাঘৰ দেহত থকাৰ দৰেই এই সাপৰ দেহত ক’লা আৰু হালধীয়া বৰণৰ আঁক-বাঁক থাকে, সেয়েহে ইয়াৰ নাম টাইগাৰ কীলবেক। অষ্ট্ৰেলিয়াত পোৱা এই সুন্দৰ সাপবিধো অতিকে বিষাক্ত। দংশন কৰাৰ ৩০ মিনিটৰ পৰা ২৪ ঘণ্টাৰ ভিতৰত মানুহৰ মৃত্যু হ’ব পাৰে। অতি বিষাক্ত হ’লেও ই কিন্ত অতি ভয়াতুৰ, সাধাৰণতে মানুহৰ উমান পালেই পলাই পতং দিয়ে আৰু পলাবলৈ কোনো বাট বিচাৰি নেপালেহে দংশন কৰে।


৭) ব্লেক মাম্বা (Black Mamba): আফ্ৰিকাত পোৱা এই সাপবিধ কিন্তু তাৰ নামটোৰ দৰে ক’লা বৰণৰ নহয়, ইয়াৰ দেহৰ বৰণ ধূসৰহে। ইয়াৰ মুখৰ ভিতৰ অংশৰ বৰণ গভীৰ নীলা হোৱাৰ বাবেহে ইয়াৰ এই নাম। ইয়াৰ বৈজ্ঞানিক নাম হৈছে "Dendroaspis polylepis"। ই পৃথিৱীৰ আটাইতকৈ বিষাক্ত সাপবেৰৰ ভিতৰত অন্যতম।


৮) ড্ৰেগন স্নেক (Dragon Snake): ইয়াৰ বৈজ্ঞানিক নাম হৈছে "Xenodermus javanicus"। দক্ষিণ-পূৱ এছিয়াত পোৱা ই এবিধ অতি দূৰ্লভ প্ৰজাতিৰ সাপ। ইয়াৰ মূৰটো ড্ৰেগনৰ দৰে ডাঙৰ হোৱা বাবে ইয়াৰ নাম ড্ৰেগন স্নেক। ইয়াৰ পিঠিটো দেখিবলৈ ঘৰিয়ালৰ চালৰ দৰে। ই প্ৰায় ২৪-৩০ ইঞ্চি দীঘল হয়। অলপো বিহ নথকা ড্ৰেগন স্নেক মানুহৰ বাবে ক্ষতিকাৰক নহয়।


৯) স্কাৰলেট স্নেক (Scarlet Snake): আমেৰিকা যুক্তৰাষ্ট্ৰত পোৱা এই সুন্দৰ সাপটোৰ বৈজ্ঞানিক নাম হৈছে "Cemophora coccinea"। প্ৰায় ২৭ ইঞ্চি পৰ্য্যন্ত দীঘল হোৱা এই সাপবিধো বিষাক্ত নহয়।


১০) আইলেছ ভাইপাৰ (Eyelash Viper): দক্ষিণ আৰু মধ্য আমেৰিকাত পোৱা ই এবিধ বিষাক্ত সাপৰ প্ৰজাতি। "Bothriechis schlegelii" হৈছে ইহঁতৰ বৈজ্ঞানিক নাম। ইয়াৰ মূৰটো চেপেটা আৰু ত্ৰিভুজাকৃতিৰ। এই সাপটো দেখিবলৈ ধুনীয়া হোৱাৰ লগতে ইয়াৰ অন্য এটা বিশেষত্ব আছে। সেয়া হৈছে, অন্য সকলো সাপৰ দৰে এই সাপে কণী নেপাৰে, ইহঁতে পোৱালী দিয়ে। এই সাপে এবাৰত দুটাৰ পৰা ২০ টালৈকে পোৱালী প্ৰসৱ কৰিব পাৰে। বসবাস কৰা পৰিৱেশৰ ওপৰত নিৰ্ভৰ কৰি এই সাপৰ বৰণৰো ভিন্নতা দেখিবলৈ পোৱা যায়।