লেছেৰি

ৱিকিপিডিয়ানৰ মনৰ কথা ২

   ২০০২ চনৰ ২ জুনত জন্মলাভ কৰা অসমীয়া ৱিকিপিডিয়াই আজি ১৩টা বৰ্ষ গৰকিলে। এই সমগ্ৰ সময়চোৱাত বিভিন্ন স্বেচ্ছাসেৱকৰ নেৰানেপেৰা প্ৰচেষ্টাৰ ফলত বৰ্তমান এই বিশ্বকোষখনি প্ৰায় ৩৯০০টা প্ৰবন্ধৰে সমৃদ্ধ হৈছে। অসমীয়া ৱিকিপিডিয়াতকৈ বহু পিছত জন্ম লাভ কৰা বহুকেইখন ৱিকিপিডিয়াৰ আকাৰ আজি অসমীয়া ৱিকিপিডিয়াতকৈ ডাঙৰ। ইয়াৰ প্ৰধান কাৰণ হৈছে, অসমীয়া ৱিকিপিডিয়াৰ সক্ৰিয় সম্পাদকৰ সংখ্যা নিচেই তাকৰ। এজন ৱিকিপিডিয়ান হিচাপে অসমীয়া ৱিকিপিডিয়া সম্বন্ধে মনত উদয় হোৱা ভাবসমূহৰ ভিতৰত ই হৈছে অন্যতম; কিদৰে ৱিকিপিডিয়ানৰ সংখ্যা বঢ়াব পাৰি!

   বছৰ অনুসৰি অসমীয়া ৱিকিপিডিয়াই যদিও ১৩টা বছৰ অতিক্ৰম কৰিলে, তথাপি অসমীয়া সমাজৰ বাবে আজিও ৱিকিপিডিয়া অচিনাকী হৈয়ে আছে। বহুলোকে বিশেষকৈ গ্ৰাম্যাঞ্চলৰ লোকে আজিও ৱিকিপিডিয়া কি গম নেপায়। প্ৰচাৰৰ অভাৱ হৈছে অসমীয়া ৱিকিপিডিয়াৰ প্ৰসাৰহীনতাৰ আন এটা কাৰণ। বিভিন্ন "ৱিকি মেল"সমূহৰ জৰিয়তে প্ৰচাৰ কাৰ্য চলাই থকা হৈছে যদিও, এয়াই হয়তো যথেষ্ট নহয়! বাতৰি কাকত, দূৰদৰ্শন আদিৰ যোগেদিও প্ৰচাৰ কাৰ্য চলাব পৰা হলে হয়তো অধিক সহায়ক হ'লহেঁতেন। ইয়াৰোপৰি গ্ৰাম্যাঞ্চলত প্ৰচাৰৰ নতুন ব্যৱস্থা লোৱাৰ ক্ষেত্ৰত কিছু গুৰুত্ব দিয়া প্ৰয়োজন অনুভূত হয়।

   আন এটি মনৰ কথা হৈছে, অসমীয়া ৱিকিপিডিয়াৰ প্ৰবন্ধসমূহৰ সন্দৰ্ভত। ইয়াৰ প্ৰৱন্ধবোৰ যথেষ্ট চুটি। অৱশ্য দীঘল প্ৰবন্ধ নথকা নহয়, আছে, কিন্তু চুটি প্ৰবন্ধৰ সংখ্যাই সৰহ। গতিকে ইয়াৰ প্ৰবন্ধবোৰ দীঘল কৰাৰ ভাব এটাইও মাজে মাজে ভুমুকি মাৰি থাকে।

   অসমীয়া ৱিকিপিডিয়াক সমৃদ্ধিশালী কৰাৰ ক্ষেত্ৰত ছাত্ৰ সমাজে অগ্ৰণী ভূমিকা গ্ৰহণ কৰিব পাৰে। শিক্ষাৰ্থীসকলে তেঁওলোকৰ পাঠ্যবিষয় সমূহ, যেনে- বিজ্ঞান, গণিত, অৰ্থনীতি, ৰাজনীতি, সাহিত্য আদিৰ বিষয়সমূহ ৱিকিপিডিয়াত লিখিব পাৰে। ই দুই প্ৰকাৰৰ লাভ প্ৰদান কৰিব, প্ৰথমতে শিক্ষাৰ্থীসকলৰ নিজৰ অধ্যয়ন হ'ব লগতে ৱিকিপিডিয়াও জ্ঞানবৰ্ধক লিখনিৰে সমৃদ্ধিশালী হ'ব। 'ফেচবুক'ৰ দৰে সামাজিক ৱেবছাইটত আজিৰ যুৱ-সমাজে যিমান সময় খৰছ কৰে তাৰ আধা সময়ো যদি ৱিকিপিডিয়াত খৰছ কৰে, তেতিয়া তেঁওলোকৰ লগতে সমাজৰো বহু উপকাৰ সাধন কৰা হ'ব বুলি ভাব হয়। সেইবাবে অসমৰ শিক্ষাৰ্থী তথা যুৱ-সমাজক ৱিকিপিডিয়াত বৰঙণি আগবঢ়াবলৈ আহ্বান জনালোঁ।

   যিকি নহওক, ইণ্টাৰনেটৰ বহুভাষিতাৰ বিপ্লৱৰ এটা অংশ হিচাপে অসমীয়া ভাষাৰ বিশ্বযাত্ৰাৰ সহযাত্ৰীস্বৰূপ অসমীয়া ৱিকিপিডিয়াৰ উত্তৰোত্তৰ কামনাৰে… 

৩০ ডিচেম্বৰ, ২০১৫