লেছেৰি

শতফুল

 মা আমি শদিয়ালৈ যামে
মা আমি শতফুল খামে……

শতফুলৰ বিষয়টো খুব এটা বিতৰ্কিত৷ সৰ্বমন্মতি মতে কোনো এটা বস্তুকে শতফুল বুলিব নোৱাৰি৷ তলত শদিয়া অঞ্চলত শতফুল সম্পৰ্কে প্ৰচলিত কেইটামান ব্যাখ্যা আগবঢ়োৱা হ'ল। এয়া আমাৰ ব্যক্তিগত মতামত নহয়।
১) বিভিন্ন কিতাপত পোৱা মতে শদিয়াত টংলতি বুলি এবিধ গছ আছে৷ ইয়াক শদিয়া সমাজে বিভিন্ন সকামে নিকামে আৰু বিভিন্ন মাংগলিক কামত ব্যৱহাৰ হয়৷ সেই টংলতি গছৰ ফুলক শতফুল বুলি কয়৷
২) একাংশ বৃদ্ধ লোকৰ মতে শদিয়াত ব্যাপক ভাবে প্ৰচলিত চাউলৰ পৰা বনোৱা ঘৰুৱা লাওপানীক (শদিয়াত মদ বুলি কয়) শতফুল বুলি কয়৷ কাৰণ ঘৰলৈ আলহি অতিথি আহিলে চাহ জলপানেৰে আপ্যায়ন কৰাতকৈ সেই বিশেষ লাওপানীৰে আপ্যায়িত কৰি ভাল পায় আৰু ফুল বস্তু অলপ দিছো খাওক বুলি কয়৷ এই ফুল বস্তু পৰাই শতফুল হৈছে বুলি কোনো কোনোৱে কব বিচাৰে৷
৩) শদিয়া হৈছে বিভিন্ন জাতি জনজাতি মিলন ভূমি৷ ইয়াক শত(100)জাতি জনজাতিৰ আবাস স্থলি বুলি কোৱা হয়। এই শত জাতি জনজাতিৰে‍য(ফুলৰ বাগিচাত ফুলে যেনেকৈ বাৰীখন জাতিস্কাৰ কৰি ৰাখে) শদিয়াক ভিন্ন সাস্কৃতিক ৰঙেৰে জাতিস্কাৰ কৰি ৰাখিছে বাবে এই শত জাতিক শতফুল বুলি একাংশ লোকে কব বিচাৰে।
৪) ডেকা সমাজত শদিয়াৰ ছোৱালী বোৰকো শতফুল বুলি কয়৷ কাৰণ ইয়াৰ ছোৱালীবোৰ অতি ধুনীয়া৷
৫) শদিয়া অঞ্চলত হোৱা এবিধ জলজ উদ্ভিদক বহুতে শতফুল বুলি কব বিচাৰে।
৬) শদিয়াবাসীৰ অকৃত্ৰিম মৰম চেনেহক বহু লোকে শতফুল বুলি কব বিচাৰে।
✍ সংগ্ৰহ কৰা হৈছে