লেছেৰি

ইশ্বৰ আৰু ধৰ্ম

   "জীৱনৰ মহা সংকটৰ মুৰ্হূত্বত যাৰ স্মৰণে জীৱক জীয়াই থকাৰ প্ৰেৰণা দিয়ে, সংকট মোচনৰ শক্তি দিয়ে সেয়াই ইশ্বৰ । আৰু যি কৰ্মৰ দ্বাৰা এনে সংকটৰ পৰা উদ্ধাৰ হ'ব পাৰি সেয়াই ধৰ্ম ।" ইশ্বৰ কোনো অলৌকিক শক্তিৰে শক্তিমান কোনোবা দেৱতা কিম্বা অন্য পদাৰ্থ নহয় আৰু চুৰিযাৰ ফেৰ মাৰি, খোল-তাল বজাই, শাস্ত্ৰৰ শ্ৰৱন-কীৰ্তন কৰাই ধৰ্ম নহয় । অসহায জনক সহায় কৰা, অন্যায়ৰ প্ৰতিবাদ কৰা, বন্য জীৱ-জন্তুৰ ৰক্ষণাবেক্ষণ দিয়া সকলোৰে কৰ্তব্য আৰু এনে কৰ্তব্য পালন কৰাটোৱেই ধৰ্ম; কাৰোবাৰ উচ্চ-নীচ বিচাৰ কৰাটো আমাৰ ধৰ্ম নহয় । ধৰ্মই মানুহক ঘৃণা কৰিবলৈ নিশিকায়, ভাল পাবলৈহে শিকায় । কোনো গুৰুৰ শৰণ ল'লে মানুহ ধাৰ্মিক নহয়, ধাৰ্মিক হয় নিজ কৰ্তব্যৰ গুণে । কাৰোবাৰ হাতে স্পৰ্শ কৰা বা কোনোবাই সিজোৱা বস্তু খালে মানুহ চুৱা নহয় বা ধৰ্ম নষ্ট নহয়; মানুহৰ ধৰ্ম নষ্ট হয় কোনো পাপ কাৰ্যত লিপ্ত হ'লে, কোনো গৰ্হিত কাম কৰিলে । বাহ্যিক শুদ্ধি নহয়, আত্মাৰ শুদ্ধি বা পবিত্ৰতাহে আচল কথা ।