লেছেৰি

বৰ্ণ খেল

ম’বাইল ফোন! বৰ্তমান যুগত মানুহ আৰু ম’বাইল ফোনৰ সম্পৰ্ক এৰাব নোৱাৰা। ম’বাইল নহ’লে যেন জীৱনেই অচল! ডেকা−গাভৰু বাদেই, ল’ৰা−বুঢ়াৰ হাতে হাতে আজি স্মাৰ্ট ফোন। এনে পৰিস্থিতিত অভিভাৱকসকলৰ মহা সমস্যা। ল’ৰা−ছোৱালীয়ে পঢ়া−শুণা নকৰি ম’বাইলত গেইম খেলি ভাল পায়। শিশুক ম’বাইল দিলেও বিপদ, নিদিলেও বিপদ! প্ৰাথমিক পৰ্যায়ত এই সমস্যা আৰু বেছি।

যিহেতু যুগৰ পৰিবৰ্তন, শিশুক ম’বাইল লোৱাৰ পৰা সম্পূৰ্ণ বাধা দিয়া কেতিয়াও সম্ভৱ নহয়। গতিকে ম’বাইল গেইমৰ যোগেদিয়েই শিশুক শিক্ষা প্ৰদানৰ ব্যৱস্থা কৰিবলৈ আমি বাধ্য। অসমীয়া ভাষাত এনে শিক্ষামূলক ম’বাইল গেইম দুখলগাকৈ সীমিত।
এই অভাৱ সম্পূৰ্ণকৈ পূৰণ কৰিব নোৱাৰিলেও, সামৰ্থ অনুযায়ী কিবা এটা কৰাৰ প্ৰয়াস হৈছে “বৰ্ণ খেল”। ই এটা শিশুৰ বাবে নিৰ্মিত সম্পূৰ্ণ অসমীয়া বিনামূলীয়া শিক্ষামূলক এণ্ডৰইড ম’বাইল গেইম।
অতি সোনকালেই এই খেলটো মুকলি কৰা হ’ব। এপ্‌টো সকলোৱে আদৰি লয় যেন!