লেছেৰি

কৃষ্ণ

    কৃষ্ণ
@@@@@@  @@@  @@@@@@

                                      ✍ দিব্যজ্যোতি দত্ত

       ৰুদ্ধতাত সৃষ্টি তাৰ,
  অত্যাচাৰি-শৃংখলৰ পৰা
  সংগোপনে পলাই থাকে   !

        পুত্ৰহীনাৰ পুত্ৰ সি
          ব্ৰজধামৰ প্ৰাণ,
        নিঃশেষ কৰি যায়
     এখনৰ পাছত এখনকৈ
          কৃষ্টিৰ বিৰোধী
       প্ৰতিখন হাতোৰা ।

       মমতাৰ ওচৰত সি
            সদায় বন্দী ।
  গৰখীয়া ল'ৰাৰ পাছে পাছে
      সি বাঁহী বজাই ফুৰে ।
      দ্বৈতৰ পৰা অদ্বৈতলৈ
  ধাৱমান তাৰ প্ৰেমৰ সংজ্ঞা ।
বৃদ্ধা কুঁজীৰ কুঁজটোৱেও তাক
           বৰ আমনি কৰে ।

  নীপিড়ীতৰ কৰুণ আৰ্তনাদে
       যমুনাৰ সিপাৰৰ পৰা
           সদায় ৰিঙিয়াই
           কাণপাতি শুনে
        সিহঁতৰ কাতৰ স্বৰ,
       ক্ৰুৰতাৰ মাজত থকা
          অক্ৰুৰৰ আহ্বানত
         বিশৃংখলিত কৰে
     সৃষ্টিৰ আজন্ম সাধকক ।

  যোগেশ্বৰহৈ দিয়ে
                      কৰ্মৰ প্ৰেৰণা ।
আত্মাৰাম, পূৰ্ণকাম,
                    প্ৰকৃতি-পুৰুষ ;
       কৃষ্টিৰ পথাৰৰ সি
      আনন্দময় শিল্পী ।।

@@@@@@  @@@  @@@@@@