লেছেৰি

মাজুলী−নিমাতী ঘাটৰ ফেৰী দুৰ্ঘটনা

মাজুলী−নিমাতী ঘাটৰ ফেৰী দুৰ্ঘটনাৰ বাবে আমি সকলোৱে এতিয়া ভগৱানক প্ৰাৰ্থনা কৰিছোঁ, দুখ প্ৰকাশ কৰিছোঁ, সমবেদনা জনাইছোঁ আৰু চৰকাৰক গালি পাৰিছোঁ। আৰুনো কৰিমেই কি? কিমান আধুনিক মাজুলিৰ ফেৰী ব্যৱস্থা? ফেৰীত উঠা মানুহক বোলে টিকট দিয়াৰেই ব্যৱস্থা নাই! এতিয়া কোনেও কব নোৱাৰে ফেৰীত কিমান যাত্ৰী আছিল?  ১০৭৭ আৰু ৭৬৩৫৯৬১৫২২ নম্বৰ দুটা দি প্ৰশাসনে পৰিয়াল তথা অন্য লোকৰ পৰা তথ্য বিচাৰিছে।

অসমীয়া সংস্কৃতিৰ প্ৰাণকেন্দ্ৰ মাজুলীলৈ যাতায়াতৰ একমাত্ৰ ব্যৱস্থাই হ’ল মাজুলি − নিমাতীঘাট ফেৰীসেৱা। এই ব্যৱস্থা উন্নত কৰিবলৈ মাজুলী সমষ্টিৰ বিধায়ক তথা প্ৰাক্তন মুখ্যমন্ত্ৰী শ্ৰীযুত সৰ্বানন্দ সোনোৱালৰ কাৰ্যকালত ইয়ালৈ কেইবাখনো ডাঙৰ ৰ’ৰ’ জাহাজ, ৰ’পেক্স অনা হৈছিল। কিন্তু সেইবোৰ কেৱল বিজ্ঞাপন হৈ বহি থাকে। চলি থাকে পুৰণা আধাভগা ফেৰীবোৰ। কিমান যাত্ৰী উঠে তাৰ হিচাপ নাই, কিমান গাড়ী−মটৰ উঠাই তাৰ হিচাপ নাই। মাত্ৰাধিক বোজাই লৈ চলি থাকে ফেৰী বোৰ। হঠাৎ কিবা এটা দূৰ্ঘটনা হ’লে জীৱন বচোৱা সঁজুলি যেনে লাইফ জেকেট, লাইফ বয় আদিৰ সুব্যৱস্থা নোহোৱাকৈয়ে চলি থাকে ফেৰী বোৰ।

গতিকে চৰকাৰক অনুৰোধ জনাইছোঁ নমামী ব্ৰহ্মপুত্ৰ, ভূমি পূজন এইবোৰ পাতি চৰকাৰী ধনৰ শৰাধ কৰাতকৈ এই জল পৰিবহন ব্যৱস্থাৰ আধুনিকীকৰণ কৰক। ব্যক্তিগত ফেৰীসমূহক নিয়ন্ত্ৰণ কৰক। অভাৰ লোড নিয়ন্ত্ৰণ কৰক। জোখতকৈ অধিক যাত্ৰী কঢ়িয়াই নিছে নেকি চকু দিয়ক, টিকটৰ ব্যৱস্থা কৰক। লাইফ জেকেট, লাইফ বোট আদি সুৰক্ষা সঁজুলিৰ ব্যৱস্থা কৰক। ঘাটবোৰৰ ট্ৰেফিক নিয়ন্ত্ৰণ কৰক। সৰ্বোপৰি কেৱল আধাৰশিলাতেই ব্যস্ত নাথাকি মাজুলি−যোৰহাট সংযোগী দলংখন নিৰ্মানৰ ব্যৱস্থা কৰক। ধন্যবাদ।