লেছেৰি

অসমীয়া খাদ্য সম্ভাৰ “নাৰিকলৰ লছকৰা”

 উপকৰণ ⵓ
১) নাৰিকল ৩ টা
২)ছুজি ২ কেজি
৩)চেনী ২ কেজি
৪)ইলাচী কেইটামান
৫)গৰু ঘিউ
৬)ৰিফাইন

প্ৰস্তুত প্ৰণালী ⵓ
প্ৰথমে নাৰিকলখিনি বাকলি গুছাই মিক্সাৰত দি নাইবা ৰুকি লব লাগিব। তাৰ পিছত তাত চেনীখিনি মিহলাই ৮-৯ ঘণ্টা থৈ দিব লাগিব। ছুজিখিনি অলপমান ৰিফাইন দি ভাজি লব লাগিব। ইলাচীকেইটাও ভাজি খুন্দি লব লাগিব। চেনীখিনি ভালকৈ গলি যোৱাৰ পিছত এখন কেৰাহীত অলপমান ঘিউ দি ভাজিব লাগিব। অলপ আঠা আঠা নোহোৱালৈকে ভাজি থাকিব লাগিব। ভালকৈ ভজা হ’লে তাত ভাজি থোৱা ছুজি আৰু খুন্দি থোৱা ইলাচী দি গৰমে গৰমে লাড়ু বনাব লাগিব।