ইংৰাজ চৰকাৰে ৰাজহ বৃদ্ধি কৰাৰ প্ৰতিবাদত দৰং জিলাৰ পথৰুঘাট নামৰ ঠাইত কৃষকসকলে ইংৰাজৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছিল। ১৮৯৪ চনৰ ২৮ জানুৱাৰীত, দৰং অঞ্চলৰ বহু কৃষকে তেওঁলোকৰ আপত্তি দৰ্শাবলৈ পথৰুঘাটৰ ডাক বঙলালৈ গৈছিল। কিন্তু ইংৰাজ শাসক বৰ্গই নিৰীহ ৰাইজৰ আপত্তি নুশুনি গুলীবৰ্ষণ কৰিছিল। ফলত ১৪০ জন কৃষক ছহিদ হৈছিল আৰু বহুজন ঘুণীয়াও হৈছিল। বুৰঞ্জীত এই বিদ্ৰোহক ‘পথৰুঘাট’ৰ ৰণ বোলা হয়।