আজি দিনটোৰ তাৎপৰ্য | ১৪ জুন ২০২২

✿ আজি ইংৰাজী ২০২২ চনৰ জুন মাহৰ ১৪ তাৰিখ।
✿ অসমীয়া লেখেৰে ১৪২৯ ভাস্কৰাব্দৰ ৩০ জেঠ।
✿ আজি মংগলবাৰ।
❂ আজিৰ বৰ্ণ “হ”
❂ সাঁথৰঃ
হাবিত কাহে
ওলাই নাহে৷
উঃ কুঠাৰ
❂ ডাকৰ বচনঃ
হিয়াৰ মাজত যাহাৰ খাল৷
সিটো পুৰুষৰ লক্ষণ ভাল॥
❂ মহৎ লোকৰ বাণীঃ
হতাশাক প্ৰশ্ৰয় নিদিবা , এবাৰ প্ৰশ্ৰয় দিলে ই তোমাৰ অংগ হৈ পৰিব।
- ছিডনী স্মিথ
❂ উল্লেখনীয় ঘটনাঃ
✿ ১৯৪৬ চনৰ আজিৰ তাৰিখতে টেলিভিছনৰ আৱিষ্কাৰক জন ল'গি বেয়াৰ্ডৰ মৃত্যু হৈছিল।
✿ ১৯৫৯ চনৰ আজিৰ তাৰিখতে আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ পীতাম্বৰ দেৱ গোস্বামীৰ জন্ম হৈছিল।
✿ ২০১১ চনৰ আজিৰ তাৰিখতে অসমৰ প্ৰথম মহিলা চলচ্চিত্ৰ পৰিচালিকা আৰু প্ৰযোজিকা সুপ্ৰভা দেৱীৰ মৃত্যু হৈছিল।
✿ ১৯২৬ চনৰ আজিৰ তাৰিখতে পৃথিৱীৰ বৃহত্তম দ্ৰুত ব্ৰিডাৰ নিউক্লিয় ৰিয়েক্টৰ ছুপাৰহেমিক্স কাৰ্যক্ষম কৰা হৈছিল।
✿ ১৯৭৫ চনৰ আজিৰ তাৰিখতে ৰুছদেশৰ মহাকাশযান ভেনেৰা—১০ উৎক্ষেপন কৰা হৈছিল।
✿ ১৯৯১ চনৰ আজিৰ তাৰিখতে ৰাছিয়াৰ ঐতিহাসিক চহৰ লেলিনগ্ৰেডৰ নাম সলনি কৰি নতুন নাম ছেণ্ট পিটাৰ্ছৰ্বাগ দিয়া হৈছিল।
✿ ১৯৯৯ চনৰ আজিৰ তাৰিখতে থাবো মবেকি দক্ষিণ আফ্ৰিকাৰ নতুন ৰাষ্ট্ৰপতি হৈছিল।
✿ ২০০২ চনৰ আজিৰ তাৰিখতে হামিদ কাৰজা আফগানিস্তানৰ ৰাষ্ট্ৰপতি হৈছিল।
✿ ২০০২ চনৰ আজিৰ তাৰিখতে ভাৰতৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী ৰূপে বাওঁ মৰ্চাৰ লক্ষ্মী ছেহগালৰ নাম প্ৰস্তাৱ কৰা হৈছিল।
✿ ২০০৩ চনৰ আজিৰ তাৰিখতে ফুটবল জগতৰ তাৰকা ডেভিদ বেকহামক ইংলেণ্ডৰ ৰাণীৰ অৰ্ডাৰ অব ব্ৰিটিছ এম্পায়াৰ সন্মান প্ৰদান কৰা হৈছিল।
✿ ২০০৪ চনৰ আজিৰ তাৰিখতে চনত প্ৰথমবাৰৰ বাবে বিশ্ব স্বাস্থ্য সংস্থাই ৰক্তদানৰ মহত্ত্বৰ বিষয়ে সজাগতা সৃষ্টিৰ উদ্দেশ্যে আৰু স্বেচ্ছাসেৱক ৰক্তদাতাসমূহক জীৱনদায়িনী তেজৰ দানৰ বাবে ধন্যবাদসূচক আচৰণৰ বাবে বিশ্ব ৰক্তদাতা দিৱস উদযাপন কৰিছিল।
✿ ২০১৩ চনৰ আজিৰ তাৰিখতে চিম্পল গগৈৰ পৰিচালনাৰে, জিতুমণি টেৰণৰ প্ৰযোজনাৰে তুমি যদি কোৱা নামৰ কথাছবিখন মুক্তি পাইছিল।
✿ ১৯৬৮ চনৰ আজিৰ তাৰিখতে ইটালীৰ প্ৰখ্যাত কবি, সমালোচক নোবেল বিজয়ী ছালভাটোৰ কোৱাছিমডোৰৰ মৃত্যু হৈছিল।
✿ ১৯৮৮ চনৰ আজিৰ তাৰিখতে অসমীয়া অভিনেত্ৰী ইভা আচাওৰ মৃত্যু হৈছিল।
❂ আজি বিশ্ব ৰক্তদান দিৱস।
❂ আজি মালাউইৰ স্বাধীনতা দিৱস।
ধন্যবাদ!
✾✾ ✾✾