আজি দিনটোৰ তাৎপৰ্য | ১০ জুন ২০২২

✿ আজি ইংৰাজী ২০২২ চনৰ জুন মাহৰ ১০ তাৰিখ।
✿ অসমীয়া লেখেৰে ১৪২৯ ভাস্কৰাব্দৰ ২৬ জেঠ।
✿ আজি শুক্ৰবাৰ।
❂ আজিৰ বৰ্ণ “ৰ”
❂ সাঁথৰঃ
ৰান্ধনী বাই ৰান্ধনী বাই,
কি শাকৰ গুটি নাই?
উঃ ঢেঁকীয়া
❂ ডাকৰ বচনঃ
ৰূপ সোণ হীৰাৰ মূল্য৷
গঙ্গাৰ জলত নুহিকে তুল্য॥
❂ মহৎ লোকৰ বাণীঃ
ৰুগীয়াৰ কাৰণে জীৱন মানেই প্ৰত্যাশা।
- চিচাৰু
❂ উল্লেখনীয় ঘটনাঃ
✿ ৩২৩ খ্ৰীষ্টপূৰ্বৰ আজিৰ তাৰিখতে মেচিড'নিয়াৰ ৰজা মহাবীৰ আলেকজেণ্ডাৰৰ বেবিলনত মৃত্য়ু হৈছিল।
✿ ১৬১০ চনৰ আজিৰ তাৰিখতে গেলিলিঅ’ গেলিলিয়ে শনি গ্ৰহৰ দ্বিতীয় আঙুঠি আৱিষ্কাৰ কৰিছিল।
✿ ১৭৫২ চনৰ আজিৰ তাৰিখতে বেঞ্জামিন ফ্ৰেংকলিনে চিলা উৰুৱাই বিজুলীৰ পৰা বিদ্যুৎ শক্তি আহৰণ কৰিবলৈ সক্ষম হৈছিল।
✿ ১৮৯০ চনৰ আজিৰ তাৰিখৰ পৰাই ভাৰতত সাপ্তাহিক ছুটীৰ বাৰ হিচাপে দেওবাৰ নিৰ্ধাৰণ কৰা হৈছিল।
✿ ১৯৭২ চনৰ আজিৰ তাৰিখতে ভাৰতৰ প্ৰথম শীত-তাপ নিয়ন্ত্ৰিত যাত্ৰীবাহী জাহাজ হৰ্ষবৰ্ধনে সমুদ্ৰযাত্ৰা কৰিছিল।
✿ ১৮৩২ চনৰ আজিৰ তাৰিখতে জাৰ্মান অভিযন্তা, পেট্ৰলিয়াম গেছৰ সহায়ত চলা প্ৰথম ফ'ৰ ষ্ট্ৰ'ক ইঞ্জিনৰ নিৰ্মাতা নিক'লাছ অট্ট'ৰ জন্ম হৈছিল।
✿ ১৮৮৫ চনৰ আজিৰ তাৰিখতে সত্ৰাধিকাৰ পীতাম্বৰ দেৱগোস্বামীৰ জন্ম হৈছিল।
✿ ১৯৫৫ চনৰ আজিৰ তাৰিখতে ভাৰতীয় বেডমিণ্টন খেলুৱৈ প্ৰকাশ পাডুকনৰ জন্ম হৈছিল।
✿ ১৯৮১ চনৰ আজিৰ তাৰিখতে দক্ষিণ আফ্ৰিকাৰ ক্ৰিকেট খেলুৱৈ আলবি মৰকেলৰ জন্ম হৈছিল।
✿ ১৯৮৯ চনৰ আজিৰ তাৰিখতে দক্ষিণ আফ্ৰিকাৰ ক্ৰিকেট খেলুৱৈ ডেভিড মিলাৰৰ জন্ম হৈছিল।
✿ ১৮৩৬ চনৰ আজিৰ তাৰিখতে ফৰাচী পদাৰ্থবিজ্ঞানী আন্দ্ৰে ম্যাৰি এম্পিয়াৰৰ মৃত্যু হৈছিল।
✿ ২০১৯ চনৰ আজিৰ তাৰিখতে ভাৰতীয় অভিনেতা, চলচ্চিত্ৰ পৰিচালক, কন্নড় লেখক, নাট্যকাৰ, চিত্ৰ্যনাট্যকাৰ আৰু ৰোডছ স্কলাৰ গিৰীশ কৰ্ণাডৰ মৃত্যু হৈছিল।
❂ আজি পৰ্টুগাল দিৱস।
ধন্যবাদ!
✾✾ ✾✾