লেছেৰি

এণ্ড্ৰইডৰ বাবে অসমীয়া কেলেণ্ডাৰ 'জয়মতী'

   আজি ১৩ চ'ত। ১৬০১ শকৰ আজিৰ দিনটোতেই আহোমৰ তুংখুঙীয়া ফৈদৰ কোঁৱৰ গদাপাণিৰ পত্নী জয়মতী কুঁৱৰীৰ মৃত্যু হৈছিল। জয়মতীৰ মৃত্যুৰ দুবছৰ পিছত ল'ৰাৰজাৰ স্বেচ্ছাচাৰী শাসনৰ অন্ত পেলাই ১৬৮১ খ্ৰীষ্টাব্দত গদাপাণি আহোম ৰাজ্যৰ ৰজা হৈছিল। ১৬৮১ চনৰ পৰা ১৬৯৬ চনলৈ তেওঁৰ শাসনকালত অসমৰ শান্তি ঘূৰি আহিছিল। জয়মতীৰ আত্মত্যাগে সমাজলৈ সুস্থিৰতা ঘূৰাই অনাৰ লগতে জাতীয় জীৱনৰ প্ৰতিটো দিশলৈ সুস্থিৰতা আনিছিল, সেই কথা সকলোৱে জানে। এই গৰাকী মহীয়সী নাৰী সেয়ে চিৰ বন্দনীয়।

সেই সতী জয়মতীৰ পবিত্ৰ সোৱৰণত আজি "জয়মতী" নামৰ এটি এণ্ডৰইড এপ মুকলি কৰা হৈছে। এই এপটো হৈছে অসমীয়া দিনপঞ্জী (কেলেণ্ডাৰ)।
এপটোৰ নিৰ্মান কাৰ্যত মূল্যবান দিহা-পৰামৰ্শেৰে সহায় আগবঢ়োৱা শ্ৰীযুত মৃদুল কুমাৰ শৰ্মা দেৱলৈ অশেষ কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ।
যিসকল আগ্ৰহীলোকে এপটো ব্যৱহাৰ কৰে তেঁওলোকে ইয়াত ৰৈ যোৱা ভুল-ত্ৰুতিবোৰ দেখুৱাই দিলে নথৈ আনন্দিত হম যাতে পৰৱৰ্তী সংস্কৰণত তাৰ সংশোধন কৰিব পৰা যায়।
আগ্ৰহী সকলে তলৰ লিংকটোত ক্লিক কৰি এপ্ ষ্টৰৰ পৰা এপটো ইনষ্টল কৰিব পাৰিব।