লেছেৰি

ডিজিটেল ইণ্ডিয়া আৰু …

 বৰ্তমান ভাৰতৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীদেৱে ডিজিটেল ইণ্ডিয়া নামৰ ধাৰণা এটাৰ প্ৰচাৰ চলাইছে। ইয়াৰ বাবে তেঁও ফেচবুককো এটা মাধ্যম হিচাপে লৈছে। নিসন্দেহে কব পাৰি এই ক্ষেত্ৰত ফেচবুক কতৃপক্ষৰ লগত নিশ্চয় কিবা এটা বুজাবুজি হৈছে। বহুতে এই ধাৰণাৰ সমৰ্থনত নিজৰ প্ৰ'ফাইল চিত্ৰ তিনিবৰণীয়া কৰি লৈছে আৰু অন্য বহুতে প্ৰতিবাদ কৰিছে অন্যধৰণৰ প্ৰ'ফাইল চিত্ৰৰ সহায়ত। সমৰ্থন বা বিৰোধ কৰি অনেকে অনেক প'ষ্ট দিছে, অনেক সংযোগ (লিংক) দিছে। কিন্তু এই ডিজিটেল ইণ্ডিয়া কি কোনোৱে স্পষ্টকৈ প্ৰকাশ কৰা নাই।
মই মোৰ ক্ষুদ্ৰ মগজুৱে যি বুজিছোঁ, অলপ তাকে লিখিছোঁ (আনুস্থানিক ৱেব ছাইটটোও পঢ়ি চালো)।

ডিজিটেল ইণ্ডিয়া মানে ভাৰতবৰ্ষৰ সকলো তথ্য তথা কাৰ্য ডিজিটেলাইজ কৰা হ'ব। কেনেকৈ কৰা হ'ব? ধৰি লওক এটা চৰকাৰী কাৰ্যালয়ত থকা তথ্য সমূহ বৰ্তমান ডাঙৰ ডাঙৰ ফাইলত সংৰক্ষণ কৰা হয়। ধৰি ললোঁ পেঞ্চনৰ কাৰণে এজন অৱসৰ প্ৰাপ্ত কৰ্মচাৰীয়ে আবেদন কৰিছে। তেঁও প্ৰথমে নিজৰ খণ্ড পৰ্যায়ৰ কাৰ্যালয়ত এখন লিখিত আৱেদন দিব লাগিব। তাৰ পাছত তেঁওৰ নামত এটা ফাইল জমা হ'ব। কাৰ্যালয়ৰ পৰা এগালমান ফৰ্ম দিব, তেঁও সেইখিনি পূৰ কৰিব লাগিব। তাৰ বাবে তেঁওৰ এপইণ্টমেণ্ট লেটাৰ, জইনিং ৰিপৰ্ট, শিক্ষাগত অৰ্হতা, অৱসৰ পোৱাৰ চাৰ্টফিকেট, পাছপৰ্ট ছবি, চাৰ্ভিচ বুক আদি এগালমান তিনি চাৰি কপি মানকৈ জেৰক্স কপি জমা দিব লাগিব। তাত পৰি থাকিব দুমাহ মান। আৰু বহু ফাইল তাৰ ওপৰত জমা হ'ব। বহু বাৰ চেষ্টা কৰাৰ পাছত সেই ফাইলৰ দমৰ মাজৰ পৰা নিৰ্দিষ্ট মানধনৰ বিনিময়ত কোনোবাই খুচৰি উলিয়াব। তাৰ পিছত অফিচাৰে চহী কৰি জিলা কাৰ্যালয়লৈ পঠিয়াব, এটা কপি নিজৰ কাৰ্যালয়ৰ কোনোবা ফাইলৰ দমৰ মাজত পৰি থাকিব। জিলা কাৰ্যালয়তো একেই নাটক মঞ্চস্থ হোৱাৰ পাছত ৰাজ্যিক কাৰ্যালয়, তাৰ পাছত পেঞ্চন ডিপাৰ্টমেণ্টৰ কাৰ্যালয় ইত্যাদি অনেক দীঘলীয়া যাত্ৰাৰ অন্তত পাঁচ-ছয় বছৰমানৰ পিছত লোকজনে পেঞ্চন পাবলৈ সক্ষম হ'ব।
এতিয়া এইখিনি কাম ডিজিটেলাইজ পদ্ধতিত কেনেকৈ হ'ব। তেঁও নিজে বা আন লোকৰ সহায়ত অনলাইন ফৰ্ম জমা কৰিব। সকলো চাৰ্টিফিকেট, ছবি আদিৰ স্কেন কপি আপল'ড কৰি দিব। ফাইলটো বিচাৰিবলৈ ফাইলৰ দমৰ মাজৰ পৰা এটা এটাকৈ বিচৰাৰ প্ৰয়োজন নাই, নিৰ্দিষ্ট নাম টাইপ কৰিলেই ফাইল নিজে নিজে উপস্থিত হ'ব। বিভিন্ন পৰ্যায়ৰ কাৰ্যালয়লৈ ফাইলটো কপি কৰি অনলাইন পঠিয়াই দিলেই হ'ব। যদি ব্যক্তিজনক নিজা একাউণ্ট আৰু পাছৱৰ্ড উপলব্ধ কৰোৱা হয়, তেন্তে তেঁও নিজৰ ফাইলৰ অগ্ৰগতি চাব পাৰিব।
গতিকে ডিজিটেল ইণ্ডিয়া ধাৰণাটো বেয়া নহয় যেন অনুভৱ হয়।
বহুলোকে কৈছে ই নেট নিউট্ৰেলিটিৰ প্ৰতি মানুহৰ সমৰ্থন আদায় কৰাৰ কৌশল। কিছুমানৰ যুক্তি আজি দেশৰ অনুন্নত ৰাস্তা-পথ আগে নিৰ্মান কৰি লওক, আগে দৰিদ্ৰৰ অন্ন-বস্ত্ৰ-বাসস্থানৰ ব্যৱস্থা কৰক, নিয়োগৰ ব্যৱস্থা কৰক, তাৰ পাছত ডিজিটেল ইণ্ডিয়া। কিন্তু এইটো যুক্তি কিমান যুক্তিসংগত। এইবোৰৰ বাবে চোন শতাধিক চৰকাৰী আঁচনি আছে। এনৰেগা, সৰ্বশিক্ষা, আৱাস যোজনা, বিপিএল, এপিএল, সূলভ মূল্যৰ দোকান, পিডব্লিউডি, এম পি ফাণ্ড, এমএলএ ফাণ্ড, খেতিয়কৰ বাবে ট্ৰেক্টৰ, উন্নত বীজ, নাঙল, উন্নত প্ৰজাতিৰ গায়, কৃষি লোন, আত্মসহায়ক গোটৰ ঋণ, হাঁহ-কুকুৰা-গাহৰী-ছাগলী পালনৰ বাবে সাহাৰ্য, কেচু সাৰ প্ৰস্তুতকৰণৰ সাহাৰ্য, সূতা, কম্বল, দমকল, অগভীৰ নলীনাদ, অনাময় ব্যৱস্থাৰ শৌচাগাৰ, এলপিজিৰ সাহাৰ্য, বিনামূলীয়া বিদ্যুৎ, ইত্যাদি।এই আঁচনিবোৰ কিমান সফল হৈছে? এইবোৰে কিমান দৰিদ্ৰৰ দৰিদ্ৰতা নিৰাময় কৰিব পাৰিছে, কিমাত ৰাস্তা-ঘাট উন্নত কৰিছে? চৰকাৰেতো বছৰি এইবোৰৰ নামত ধন খৰছ কৰি আছে, কিন্তু ধনবোৰ ক'লৈ গৈছে, কোনে আত্মসাৎ কৰিছে?
কিন্তু ভালদৰে চিন্তা কৰিলে আমি বুজি পাম, ডিজিটেলাইজেছনত চোন এই আঁচনি বা কাৰ্যবোৰো জিজিটাইজ কৰা হ'ব। এইসমূহৰ তথ্যবোৰোতো অনলাইন সংৰক্ষণ কৰা হ'ব। এই তথ্যবোৰোতো অনলাইন চাব পৰা হ'ব। আমাৰ গাঁওৰ ভগা ৰাস্তাটো কিজানি চৰকাৰী তথ্য মতে পকী হৈয়ে আছে, সেই তথ্যয়োতো ফাদিল হ'ব। গাঁওৰ ৰামকাইৰ নামত নিৰ্মানহৈ থকা আৱাস যোজনাৰ ঘৰটোত কিজানি কোনোবা পালিনেতাৰ অঙহী-বঙহীয়ে সুখ নিদ্ৰা লৈ আছে। দুখীয়া ৰামুৱে বিপিএলৰ চাউল নেপায়, কিন্তু আঢ্যৱন্ত লংকেশ্বৰে সে পায় সেইটো তথ্য ৰাইজে দেখিব।
শেষত এটা কথাই কব বিচাৰোঁ ডিজিটেল ইণ্ডিয়াৰ এই ধাৰণা যদিও এটা সুন্দৰ ধাৰণা, প্ৰকৃততেই ফলৱতী হ'ব নে নাই তাত বহু সন্দেহ আছে, কিয়নো ৰাইজ একে খিনিয়েই, নাম সলনি হ'লেও চৰকাৰ একেখনেই, নেতা-পালিনেতাও একে আৰু কৰ্মচাৰীও একেসকলেই। আনহাতে মোৰ নিজৰ কথানো কি কম! মোৰ ঘৰৰ কাষৰজন লঘোনে থাকিলেও মই জুতি লৈ এসাজ খোৱা মোৰ স্বভাৱ, কেঁকুৰাক দৰে ওপৰলৈ উঠাজনত টানি নমাই দিয়া মোৰ চৰিত্ৰ, পৰচৰ্চা - পৰনিন্দা কৰা মোৰ অভ্যাস, চান্দা তোলা মোৰ বৃত্তি, ধৰ্মঘট - বন্ধ আদি কৰ্তব্য আৰু লগত চিৰ সংগী হৈছে এডাল বেঁকা নেজ।