‘ডাকৰ বচন’ অসমীয়া মৌখিক সাহিত্যৰ এলানি উল্লেখযোগ্য প্ৰৱচন বা নীতিবাক্য।
চতুৰ্থ-ষষ্ঠ শতিকাত বৰপেটা অঞ্চলৰ লোহি বা লোহিডঙৰা ডাকৰ জন্ম হয় বুলি অনুমান কৰা হয় । বহুতৰ মতে ডাক কাল্পনিক পুৰুষ ।
ডাক মানে উচ্চাৰণ কৰা, সম্বোধন কৰা বা আহ্বান কৰা; গতিকে সমাজত কেনেকৈ চলিব লাগে, তাক সকীয়ায় দিয়া উপদেশবোৰেই হয়তো ডাকৰ বচন ৰূপে প্ৰসিদ্ধি লাভ কৰে।
বিভিন্ন ৰীতি-নীতি, উপদেশ, চহা জীৱনৰ গুৰুত্বপূৰ্ণ আৰু ব্যৱহাৰিক জ্ঞানৰ কথাবোৰেই ডাকৰ বচনবোৰত পয়াৰ ছন্দত পোৱা যায়।

১) টিক বলধে ওলায় মাটি ।
মাক ভালেহে জীয়েক জাতি ।।
২) বাৰিষা কালত বেঙ্গৰ ৰাৱ |
হাল গৰু লৈ পথাৰক যাৱ ||
৩) তিনিশ ষাঠীজোপা ৰুবা কল,
মাহেকে পষেকে চিকুনাবা তল ।
পাত পছলা লাভত পাবা,
লংকাৰ বনিজ ঘৰতে পাবা ।।