হুদুম দেওৰ পূজা কোচ ৰাজবংশী সমাজৰ এক উল্লেখযোগ্য লোককৃষ্টি। যেতিয়া খৰাং হয় পথাৰে চিৰাল ফাঁট দিয়ে তেতিয়া বৰষুণ কামনা কৰি মহিলাসকলে সেই পূজাৰ আয়োজন কৰে। হুদুম পূজা মহিলাসকলৰ, ইয়াত পুৰুষসকলৰ অংশগ্ৰহণ নিষেধ।
এই পূজাৰ বাবে এটা হুদুম চৰাই বা কল গছৰ পুলি অনা হয়। আঁউসীৰ নিশা পথাৰৰ মাজত বা নৈৰ পাৰত এডাল খুঁটিত বান্ধি মহিলাসকলে সম্পূৰ্ণ বিবস্ত্ৰ হৈ খুঁটিৰ চাৰিওফালে ঘুৰি ঘুৰি গোটেই নিশা নৃত্য গীত কৰে।
নিশাৰ আন্ধাৰৰ নৃত্য-গীতসমূহ যৌনগন্ধী আৰু এনে নৃত্য গীতেৰে হুদুম দেওৰ প্ৰতীক হুদুম চৰাই বা কলগছৰ পুলিৰ ওচৰত প্ৰকৃতিৰ উৰ্ব্বৰা শক্তি তথা বৰষুণ কামনা কৰি কৰা এই অনুষ্ঠানত প্ৰজননৰ ভাবনা প্ৰকাশিত হয়। লোকবিশ্বাস অনুসৰি হুদুম দেও সন্তুষ্ট হ’লে পৃথিৱীত ধাৰাষাৰে বৰষুণ হয়।
পূজাৰ একাংশ গীত এনেধৰণৰ-
হুদুম দেও হুদুম দেও
আমাক ফটিক পানী দেও
আমাৰ দেশত নাই পানী
জীৱন লয়া টানা-টানি।
হুদুম দেও হুদুম দেও
এক চলকা পানী দেও
ছুৱায় আছি নাই পানী
ছুৱায় ছুতি বাৰা বানি।
কালা মেঘ ধলা মেঘ মেঘ সোদৰ ভাই
একঝাক পানী দেও গাও ধুবা চাই
কালা মেঘ ধলা মেঘ ডাকেয়া আন ঝৰি
আন্ধাৰ কৰিয়া দেওয়া আইসে দাবাৰি।
উৎস :- সাহিত্য উট অৰ্গ