লেছেৰি

অন্ত পৰিল ভাৰতীয় ৱিকিউৎসৰ মুদ্ৰণ সংশোধন প্ৰতিযোগিতা, মাৰ্চ ২০২২

 অন্ত পৰিল ভাৰতীয় ৱিকিউৎসৰ মুদ্ৰণ সংশোধন প্ৰতিযোগিতা, মাৰ্চ ২০২২


ৱিকিউৎস প্ৰকল্পত অনলাইন ক্ৰিয়াকলাপ প্ৰচাৰ কৰাৰ উদ্দেশ্যে চিআইএছ-এ২কে সংস্থাই ভাৰতীয় ৱিকিউৎসসমূহৰ বাবে প্ৰতিবছৰে আয়োজন কৰে সৰ্বভাৰতীয় ৱিকিউৎস মুদ্ৰণ সংশোধন প্ৰতিযোগিতা।


সকলো ভাৰতীয় ৱিকিউৎস প্ৰকল্পত মুদ্ৰণ সংশোধন কৰিবলৈ এলানি ধ্ৰুপদী গ্ৰন্থ নিৰ্বাচন কৰা হয়। অসমীয়া, বাংলা, হিন্দী, সংস্কৃতকে ধৰি মুঠ ১২ টা ভাষাৰ ৱিকিউৎসৰ মুঠ ১০০ জন প্ৰতিযোগীয়ে যোগদান কৰা এইবছৰৰ মাৰ্চ মাহৰ প্ৰতিযোগিতাখনিৰ যোৱা ১৬ মাৰ্চ তাৰিখে অন্ত পৰে।

সৰ্বভাৰতীয় পৰ্যায়ত অনুষ্ঠিত এই প্ৰতিযোগিতাখনিত হিন্দী ভাষাই প্ৰথম স্থান লাভ কৰে আৰু অসমীয়া ভাষাই অধিকাৰ কৰে দ্বিতীয় স্থান। তৃতীয় স্থানত থাকে মাৰাঠী ভাষা। সৰ্বভাৰতীয় পৰ্যায়ত এককভাবে প্ৰথম স্থান লাভ কৰে অসমীয়া ৱিকিউৎসৰ প্ৰাণজ্যোতি নাথে, দ্বিতীয় স্থান লাভ কৰে পঞ্জাবী ভাষাৰ তমনপ্ৰীত কৌৰে আৰু তৃতীয় স্থান লাভ কৰে হিন্দী ভাষাৰ মমতা সাবে।

এই প্ৰতিযোগিতাখনিত অসমীয়া ৱিকিউৎসৰ মুঠ ৩১ খন গ্ৰন্থৰ মুদ্ৰণ সংশোধন কৰা হয় আৰু ইয়াৰে মুঠ ২১ খন গ্ৰন্থৰ মুদ্ৰণ সংশোধন সমাপ্ত কৰি ইউনিক'ডত পঢ়িব পৰাকৈ সম্পূৰ্ণ কৰি তোলা হয়। এই কিতাপ কেইখন হৈছে -

১) বিনন্দ ৰাম গগৈৰ “শিপিনী কীৰ্ত্তন”,

২) ফণিধৰ চলিহাৰ “আৰ্হি-চৰিত”,

৩) কেশৱ বৰাৰ “মাটিৰ মালিতা”,

৪) জোৱলা বৰাৰ “বেদনাৰ মিঠা মাদকতা”,

৫) হৰমোহন দাসৰ “শ্ৰীক্ষেত্ৰ”,

৬) জ্ঞানানন্দ জগতীৰ “সাধু কথাৰ জোলোঙা”,

৭) বেণুধৰ ৰাজখোৱাৰ “দৰবাৰ”,

৮) দুৰ্গেশ্বৰ শৰ্মাৰ “বালীবধ নাটক”,

৯) সৰ্বেশ্বৰ শৰ্মা কটকীৰ “সত্যনাথ বৰাৰ জীৱন চৰিত”,

১০) সৰ্বেশ্বৰ শৰ্মা কটকীৰ সম্পাদিত “অসমীয়া সাহিত্য-সম্পদ”,

১১) সৰ্বেশ্বৰ শৰ্মা কটকীৰ “মূৰলী”,

১২) ৰত্নধৰ বৰুৱা, ঘনশ্যাম বৰুৱা, ৰমাকান্ত বৰকাকতী আৰু গুঞ্জানন বৰুৱাৰ “ভ্ৰম-ৰঙ্গ”,

১৩) কেশৱ বৰাৰ “তৰা ফুল”,

১৪) ঈশান জ্যোতি বৰাৰ “বিজ্ঞান আৰু বোলছবি”,

১৫) মাধৱদেৱৰ “দধি মথন নাট”,

১৬) দীননাথ বেজবৰুৱাৰ “বেজবৰুৱা বংশাৱলী”,

১৭) হৰমোহন দাসৰ “মানৱ জ্যোতি”,

১৮) মহাত্মা গান্ধীৰ “সৰ্ব্বোদয়”,

১৯) জোৱলা বৰাৰ “মই যন্ত্ৰণা জয় কৰাৰ পণ লৈছোঁ”

২০) শ্ৰীবিষয়চন্দ্ৰ বিশ্বাসীৰ “পদ্যাৱলী” আৰু

২১) শিবৰাম দত্তৰ “বৈষ্ণব-ৰত্ন কীৰ্ত্তন”।

প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰি ইণ্টাৰনেটত অসমীয়া ভাষাৰ সমল বৃদ্ধি কৰা প্ৰতিজন স্বেচ্ছাসেৱকক অভিনন্দন জ্ঞাপন কৰিলোঁ।