লেছেৰি

আজি দিনটোৰ তাৎপৰ্য | ৩ জুন

 আজি দিনটোৰ তাৎপৰ্য | ৩ জুন ২০২২




✿ আজি ইংৰাজী ২০২২ চনৰ জুন মাহৰ ৩ তাৰিখ।

✿ অসমীয়া লেখেৰে ১৪২৯ ভাস্কৰাব্দৰ ১৯ জেঠ।

✿ আজি শুক্ৰবাৰ।



❂ আজিৰ বৰ্ণ “ন”


❂ সাঁথৰঃ

নদী আছে পানী নাই,

চহৰ আছে মানুহ নাই।

উঃ মানচিত্ৰ


❂ ডাকৰ বচনঃ

নিস্ফল জীৱন পৰত কৰে আশ৷

নিস্ফল জীৱন খণ্ড প্ৰবাস॥


❂ মহৎ লোকৰ বাণীঃ

নিজ মাতৃক অৱহেলা কৰি দেশ-মাতৃৰ কৰা সেৱাৰ চেষ্টা ভণ্ডামি মাথোন।

        - তৰুণৰাম ফুকন


❂ উল্লেখনীয় ঘটনাঃ

✿ ১৮৪৪ চনৰ আজিৰ তাৰিখতে অন্তিম যোৰা উক চৰাই (Great auk) হত্যা কৰা হৈছিল।

✿ ১৯৮৬ চনৰ আজিৰ তাৰিখতে স্পেইনৰ বিখ্য়াত টেনিছ খেলুৱৈ ৰাফেল নাডালৰ জন্ম হৈছিল।

✿ ১৯৭১ চনৰ আজিৰ তাৰিখতে অসমৰ সাহিত্যিক, শিক্ষাবিদ, প্ৰবন্ধকাৰ আৰু অধ্যাপক উপেন্দ্ৰচন্দ্ৰ লেখাৰুৰ মৃত্যু হৈছিল।

✿ ১৯১৫ চনৰ আজিৰ তাৰিখতে ইংৰাজ চৰকাৰে কবিগুৰু ৰবীন্দ্ৰনাথক ‘নাইট’ উপাধি প্ৰদান কৰা হৈছিল।

✿ ১৯৪০ চনৰ আজিৰ তাৰিখতে চিংগাপুৰে ইংৰাজ শাসনৰ পৰা স্বাধীনতা লাভ কৰিছিল।

✿ ১৭২৩ চনৰ আজিৰ তাৰিখতে অষ্ট্ৰিয়াৰ চিকিৎসক আৰু প্ৰকৃতিবিদ জিঅ'ভান্নি এণ্ট'নিঅ' স্কোপ'লিৰ জন্ম হৈছিল।

✿ ১৯২৬ চনৰ আজিৰ তাৰিখতে আমেৰিকাৰ বিট আন্দোলনৰ কবি এলেন গিঞ্চবাৰ্গৰ জন্ম হৈছিল।

✿ ১৯৩০ চনৰ আজিৰ তাৰিখতে ভাৰতীয় শ্ৰমিক সঙ্ঘৰ সদস্য, ৰাজনীতিবিদ, সাংবাদিক আৰু কৃষিবিদ জৰ্জ ফাৰ্নাণ্ডেজৰ জন্ম হৈছিল।

✿ ১৯৪০ চনৰ আজিৰ তাৰিখতে ভাৰতীয় অধিবক্তা তথা মানৱ অধিকাৰ আৰু লিংগসমতা কৰ্মী ইন্দিৰা জয়সিংহৰ জন্ম হৈছিল।

✿ ১৯৯২ চনৰ আজিৰ তাৰিখতে জাৰ্মান ফুটবলাৰ, ২০১৪ চনৰ বিশ্বকাপ ফুটবল ফাইনেলৰ একমাত্ৰ গ'ল দাতা মাৰিঅ' গ'টজেৰ জন্ম হৈছিল।

✿ ১৯৬৩ চনৰ আজিৰ তাৰিখতে তুৰ্কি কবি আৰু লেখক নাজিম হিকমতৰ মৃত্যু হৈছিল।

✿ ১৯৯৪ চনৰ আজিৰ তাৰিখতে ভাৰতীয় স্বাধীনতা সংগ্ৰামী আৰু এগৰাকী গান্ধীবাদী নেতা কিশিভাই পেটেলৰ মৃত্যু হৈছিল।

✿ ২০১৬ চনৰ আজিৰ তাৰিখতে বিশ্ব বিখ্যাত বক্সিং খেলুৱৈ মহম্মদ আলীৰ মৃত্যু হৈছিল।

✿ ২০২১ চনৰ আজিৰ তাৰিখতে কোভিদ-১৯ত আক্ৰান্ত হৈ অসমীয়া সাহিত্যিক, সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ডঃ লক্ষ্মীনন্দন বৰাৰ মৃত্যু হৈছিল। ১৯৮৮ চনত তেঁও 'পাতাল ভৈৰৱী' গ্ৰন্থৰ বাবে সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল আৰু ২০১৫ চনৰ ২৬ জানুৱাৰীৰ দিনা তেঁওক পদ্মশ্ৰী বঁটাৰে সন্মানিত কৰা হৈছিল।


❂ আজি বিশ্ব চাইকেল দিৱস।


ধন্যবাদ!

✾✾ ✾✾