আজি দিনটোৰ তাৎপৰ্য | ২ জুন ২০২২
✿ আজি ইংৰাজী ২০২২ চনৰ জুন মাহৰ ২ তাৰিখ।
✿ অসমীয়া লেখেৰে ১৪২৯ ভাস্কৰাব্দৰ ১৮ জেঠ।
✿ আজি বৃহস্পতিবাৰ।
❂ আজিৰ বৰ্ণ “ধ”
❂ সাঁথৰঃ
ধপলাধপল পাত
তাতো নাখায় ভাত,
লোমা-লোমে গুটি
তাকো নাখায় উঠি।
উঃ অমিতা
❂ ডাকৰ বচনঃ
ধনৰ মধ্যত ধান্যসে শোভন৷
ধান নহলে মৰা তেতিক্ষণ॥
❂ মহৎ লোকৰ বাণীঃ
ধৈৰ্যশীল মানুহে বহুতো কথাৰ দিক্ নিৰ্ণয় কৰিব পাৰে।
- চক্ৰেটিছ
❂ উল্লেখনীয় ঘটনাঃ
✿ ১৯১৮ চনৰ আজিৰ তাৰিখতে প্ৰখ্যাত অসমীয়া গৱেষক, প্ৰৱক্তা আৰু সাহিত্য সমালোচক ভৱানন্দ দত্তৰ জন্ম হৈছিল।
✿ ১৯৮৮ চনৰ আজিৰ তাৰিখতে ভাৰতীয় চলচ্চিত্ৰ নিৰ্মাতা আৰু অভিনেতা ৰাজ কাপুৰৰ মৃত্যু হৈছিল।
✿ ২০০৩ চনৰ আজিৰ তাৰিখতে কাজাখাস্তানৰ বৈকানুৰ মহাকাশ কেন্দ্ৰৰ পৰা মংগল গ্ৰহলৈ বুলি প্ৰথম ইউৰোপীয় মহাকাশযান প্ৰেৰণ কৰা হৈছিল।
✿ ১৯৭৯ চনৰ আজিৰ তাৰিখতে পোপ দ্বিতীয় জন পলে মাতৃভূমি পোলেণ্ড ভ্ৰমণ আৰম্ভ কৰিছিল।
✿ ১৯৯৯ চনৰ আজিৰ তাৰিখতে ভুটান ব্ৰডকাষ্টিং ছাৰ্ভিছ প্ৰথমবাৰৰ বাবে দেশত টেলিভিছন সম্প্ৰচাৰ আৰম্ভ কৰিছিল।
✿ ১৫৩৫ চনৰ আজিৰ তাৰিখতে পোপ একাদশ লিও জন্ম হৈছিল।
✿ ১৭৩১ চনৰ আজিৰ তাৰিখতে আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰথম ফাৰ্ষ্ট লেডি মাৰ্থা ৱাচিংটনৰ জন্ম হৈছিল।
✿ ১৮৬৫ চনৰ আজিৰ তাৰিখতে ইংৰাজ ক্ৰিকেটাৰ জৰ্জ লোহমেনৰ জন্ম হৈছিল।
✿ ১৯৪৬ চনৰ আজিৰ তাৰিখতে ছুয়েডীয় চলচ্চিত্ৰ পৰিচালক লাছে হালস্ত্ৰোমৰ জন্ম হৈছিল।
✿ ১৯৬৫ চনৰ আজিৰ তাৰিখতে অষ্ট্ৰেলিয়ান ক্ৰিকেটাৰ মাৰ্ক ৱাহৰ জন্ম হৈছিল।
✿ ১৯৮৭ চনৰ আজিৰ তাৰিখতে শ্ৰীলংকান আন্তৰ্জাতিক ক্ৰিকেটাৰ এঞ্জেলো মেথিউছৰ জন্ম হৈছিল।
✿ ১৯৮৭ চনৰ আজিৰ তাৰিখতে ভাৰতীয় বলিউড অভিনেত্ৰী সোণাক্ষী সিনহাৰ জন্ম হৈছিল।
✿ ১৯৭৫ চনৰ আজিৰ তাৰিখতে ভাৰতীয় পদাৰ্থবিজ্ঞানী দেবেন্দ্ৰ মোহন বসুৰ মৃত্যু হৈছিল।
✿ ১৯৭৭ চনৰ আজিৰ তাৰিখতে উত্তৰ আয়াৰলেণ্ডৰ অভিনেতা ষ্টিভেন বয়েডৰ মৃত্যু হৈছিল।
✿ ১৯৯০ চনৰ আজিৰ তাৰিখতে ইংৰাজ অভিনেতা ৰেক্স হাৰিছনৰ মৃত্যু হৈছিল।
✿ ২০১৫ চনৰ আজিৰ তাৰিখতে সত্যজিৎ ৰায়ৰ স্ত্ৰী বিজয়া ৰায়ৰ মৃত্যু হৈছিল।
❂ আজি তেলঙ্গানা দিৱস।
ধন্যবাদ!
✾✾ ✾✾