✪ আজি দিনটোৰ তাৎপৰ্য:
✽ আজি ইংৰাজী ২০২২ চনৰ মে' মাহৰ ২৪ তাৰিখ।
✽ অসমীয়া লেখেৰে ১৪২৯ ভাস্কৰাব্দৰ ৯ জেঠ।
✽ আজি মংগলবাৰ।
✪ আজিৰ বৰ্ণ “ক”
✪ সাঁথৰ:
প্ৰ: কাণত ধৰি নাকত বহে কি?
উ: চশমা
✪ ডাকৰ বচন:
কাৱৈ মাছক কচি কুটিয়া।
হালধি মৰিচ হিঙ্গক দিয়া॥
উলট পালট কৰিয়া পিঠ।
খায়া পাবা ভোজন মিষ্ঠ॥
✪ উল্লেখনীয় ঘটনাৱলী:
❀ মণীষ কুমাৰ ডেকাই মাউণ্ট এভাৰেষ্ট শৃংগ জয় কৰি দ্বিতীয়জন অসমীয়াৰ কৃতিত্ব অৰ্জন কৰিছিল ২০১৩ চনৰ আজিৰ তাৰিখতে।
❀ ১৯৮৮ চনৰ আজিৰ তাৰিখতে ভাৰতীয় এথলেট থোনাকল গোপীৰ জন্ম হৈছিল।
❀ ১৫৪৩ চনৰ আজিৰ তাৰিখতে 'পৃথিৱী সৌৰজগতৰ কেন্দ্ৰ নহয়, বৰং সূৰ্যহে সৌৰজগতৰ কেন্দ্ৰ'-এই কথাষাৰৰ আৱিষ্কাৰক পোলেণ্ডৰ জ্যোতিৰ্বিজ্ঞানী নিকোলাচ কপাৰনিকাচ মৃত্যু হৈছিল।
✪ আজি আন্তৰ্জাতিক ভাতৃ দিৱস।
ধন্যবাদ!
✰✰✰