লেছেৰি

আজি দিনটোৰ তাৎপৰ্য | ২৫ মে' ২০২২

 আজি দিনটোৰ তাৎপৰ্য | ২৫ মে' ২০২৩



✿ আজি ইংৰাজী ২০২২ চনৰ মে' মাহৰ ২৫ তাৰিখ।

✿ অসমীয়া লেখেৰে ১৪২৯ ভাস্কৰাব্দৰ ১০ জেঠ।

✿ আজি বুধবাৰ।


❂ আজিৰ বৰ্ণ “খ”


❂ সাঁথৰঃ

খাল বিল শুকাই গ'ল, গছৰ আগত পানী ৰ'ল

উঃ নাৰিকল


❂ ডাকৰ বচনঃ

খোৰাই কুঁজাই দেখে যেবে৷ 

জলত পড়ি মৰিব তেবে॥


❂ মহৎ লোকৰ বাণীঃ

খং আৰু অসহিষ্ণুতা হৈছে জ্ঞান লাভৰ প্ৰধান শত্ৰু।     - মহাত্মা গান্ধী


❂ উল্লেখনীয় ঘটনাঃ

✿ ১৯৬১ চনৰ আজিৰ তাৰিখতে আমেৰিকাৰ ৰাষ্ট্ৰপতি জন এফ কেনেডীয়ে নাছা প্ৰকল্পৰ দ্বাৰা চন্দ্ৰলৈ মানৱ প্ৰেৰণ কৰাৰ লক্ষ্যৰ কথা ঘোষণা কৰিছিল।

✿ ১৮৯৫ চনৰ আজিৰ তাৰিখতে ভাৰতীয় সমাজ সংস্কাৰক, গান্ধীবাদী নেতা, শিক্ষাবিদ, লেখক আৰু অসম চৰকাৰৰ প্ৰাক্তন মন্ত্ৰী অমিয় কুমাৰ দাসৰ জন্ম হৈছিল।

✿ ২০০৫ চনৰ আজিৰ তাৰিখতে ভাৰতীয় বোলছবি অভিনেতা, প্ৰয়োজক, পৰিচালক তথা ৰাজনীতিবিদ সুনীল দত্তৰ মৃত্যু হৈছিল।

❂ আজি বিশ্ব থাইৰয়ড দিৱস।


ধন্যবাদ!

✾✾ ✾✾