লেছেৰি

দ - অসমীয়া সাঁথৰ, ডাকৰ বচন আৰু মহৎ লোকৰ বাণী - “দ”

 ❂ অসমীয়া সাঁথৰ
* দল দোপ দল দোপ দলৰ দোপা।
   হাড় নাই মূৰ নাই মঙহৰ থোপা॥
উত্তৰ: জোক
* দীঘলকৈ পুখুৰী, চুটিকৈ ঘাট
   বত্ৰিশ জোপা কলগছ, এখনহে পাত
উত্তৰ: জিভা
* দেশ আছে মানুহ নাই,
   নদী আছে পানী নাই
উত্তৰ: মানচিত্ৰ
* দাঁত নাই, মুখ নাই,
   পকাই-কেচাই ফৰ ফৰকৈ খায়
উত্তৰ‌: জুই
* দিনে ৰাতি ঘূৰি থাকে
   চাবি নিদিলে ভাগৰি পৰে
উত্তৰ: ঘড়ী

 ডাকৰ বচন
* দেশ কাল ভাৱ বুঝিয়া মনে৷ 
  সেবিবে ৰাজাক বহু যতনে॥
* দধি দুগ্ধ দেই অন্ন বিপুল।
   ঔষধ দানত নাহিকে তুল॥
* দুষ্টা তিৰীক নিদিবা ঠাই।
   ঘন পোঁৱাটীৰ নহবা জোঁৱাই॥

             
 ❂ ফকৰা যোজনা
* দিনৰ পাহাৰ ৰাতিৰ জুই
   তাক নেখেদি থাকিবা শুই

 মহৎ লোকৰ বাণী
* দেশবাসীৰ হৃদয়ত স্বদেশ-প্ৰেম জগাব নোৱাৰিলে দেশে একতাৰ মোল নুবুজে।
          - কমলাকান্ত ভট্টাচাৰ্য
* দেশ যিমানেই দুৰ্নীতিগ্ৰস্থ হয়, সিমানেই আইনৰ সংখ্যা বৃদ্ধি পায়।
            - টেছিটাছ
* দেহত এক বিন্দু তেজ থাকে মানে শত্ৰুৰ বিপক্ষে যুদ্ধ কৰিবা; তথাপি বশ্যতা স্বীকাৰ নকৰিবা।
         - নেপোলিয়ন বোনাপাৰ্ট
* দেশতকৈ মোমাই ডাঙৰ নহয়৷
          - লাচিত বৰফুকন