লেছেৰি

ন - অসমীয়া সাঁথৰ, ডাকৰ বচন আৰু মহৎ লোকৰ বাণী - “ন”

 ❂ অসমীয়া সাঁথৰ:

* নদী আছে পানী নাই,
   চহৰ আছে মানুহ নাই।
উত্তৰ: মানচিত্ৰ
* নমতাকৈ বিয়া ঘৰৰ ৰভাতল ভৰিল,
   বিয়াৰ পিছত কইনাজনী পানীত পৰি মৰিল
উত্তৰ: পূজাৰ প্ৰতিমা
* নদ-নদী শুকাই গ’ল
   গছৰ আগত পানী ৰ’ল
উত্তৰ: নাৰিকল
* নভবা নিচিন্তাকৈ গ’লো, বস্তু এটা পালোঁ
   নোচোবাই নিগিলি, মুখত নিদিয়াকৈ খালোঁ
উত্তৰ: উজুটি
* নমৰা নিজীয়া দুই ভাই, জীৱ নহয় চলি যায়
   ঘোঁৰা নহয় ঘটক ঘটক, থাকে ভকতৰ পদৰ তলত
উত্তৰ: খৰম

ডাকৰ বচনঃ

* নিস্ফল জীৱন নিতে লোৰে খড়ি।
   নিস্ফল জীৱন ধৰুৱা নিয়ে ধৰি॥
* নিস্ফল জীৱন পৰত কৰে আশ।
   নিস্ফল জীৱন খাটে প্ৰবাস॥
* নিধনী জন যি ঘৰে ঘাই।
   আছোক ভাত মাতকে নপাই॥
* নিধনীৰ ককা, বেঙ্গেনাৰ পকা,
   দৰিদ্ৰৰ সোদৰৰ ভাই।
* নষ্ট গৈল কৃষি মধ্যে হৈল বাট।
   নষ্ট গৈল নাৰী বেহাই হাট॥
* নষ্ট গৈল আঠুৱা ঝাপত গোৰে।
   নষ্ট গৈল মাগুৰ জুইত পোৰে॥
* নৰৰ লঘু লেপ লেপোৱা।
   তিৰীৰ লঘু বাৰী বেৰোৱা॥
* নীচৰ সঙ্গত নহৈব কথা।
   একো কালো তাৰ নপাই বেথা॥
* নাঙ্গল বলদত সবাৰে আশ।
   যাৰ নাই তাৰ সকলে নাশ॥

মহৎ লোকৰ বাণী

নিজ মাতৃক অৱহেলা কৰি দেশ-মাতৃৰ কৰা সেৱাৰ চেষ্টা ভণ্ডামি মাথোন।
        - তৰুণৰাম ফুকন
* নিজৰ মনক নিয়ন্ত্ৰিত কৰিব পাৰিলে সমগ্ৰ পৃথিৱী শাসন কৰিব পাৰি।
           - এ পি জে আব্দুল কালাম