❂ ফকৰা যোজনাঃ
✫ অভ্যাসৰ নৰ, কৰ্ণপথে কৰে শৰ
* অসতীৰ সজ জ্ঞান, গৰু চোৰৰ গঙ্গাস্নান
* অগ্নি ব্যাধি ঋণ এই তিনিৰ নেৰাখিবা চিন
* অজ্ঞানীক জ্ঞান দি মনত পালোঁ কষ্ট,
কণীবোৰ পেলাই দি বাহো কৰিলে নষ্ট
* অতিপাত শলাগণি ফুচুলনিৰ চিন,
আপুনি আঁতৰি যাবা তাক কৰি ঘিণ
❂ মহৎ লোকৰ বাণীঃ
✫ যৌৱন কাল হ’ল আশা, বিশ্বাস আৰু অভ্যাস গঢ়ি তোলাৰ সময়।
- ৰাস্কিন বণ্ড
✫ অৱসাদ, কু প্ৰবৃত্তি আৰু দাৰিদ্ৰ্য - এই তিনিটা মহা ব্যাধিক কামে সদায় বিদুৰ কৰি ৰাখে।
- ভল্টেয়াৰ
* অন্ধকাৰক অভিশাপ দিয়াতকৈ এডাল মমবাতি জ্বলাই দিয়াটোহে অতি আৱশ্যক৷
- কনফুচিয়াছ
❂ সাঁথৰঃ
অ' প্ৰভু, ৰঙাচৰণ
তুমি ওলালেই মোৰ মৰণ
উত্তৰ : কলডিল
অলনিৰ কুকুৰা দলনিত চৰে
নেজত ধৰিলেই কোঁচ খাই পৰে
উত্তৰ : কেৰেলুৱা
অকণমান পানীত বগলীটো চৰে,
পানীখিনি শুকাই গ’লে বগলীটো মৰে
উত্তৰ : চাকি
✾✾ ✾✾
সমলটোত ব্যৱহৃত ছবি আৰু তথ্যসমূহ ইংৰাজী আৰু অসমীয়া ৱিকিপিডিয়াৰ পৰা সংগ্ৰহ কৰা হৈছে।
✾✾ ✾✾