❂ অসমীয়া সাঁথৰঃ
ক্ষয় নাই লয় নাই আৰু নাই যতি
ইনো কি মহাধন দিলেও নাযায় টুটি
উত্তৰ: বিদ্যাধন
❂ ডাকৰ বচনঃ
চক্ষু ধেল গজ কম্পাল৷
সুখে যায় সৰ্ব্বতিকাল॥
সাক্ষী মুখে কথা কৰাই বাজ৷
যদি ধৰ্ম্ম কৰি সোধন্ত ৰাজ॥
চক্ষু থাকোঁতেও নহ’বা কণা৷
ই তিনি কথা জগতে জনা॥
❂ মহৎ লোকৰ বাণীঃ
✫ শিক্ষা হৈছে সুখ দুখ অনুভৱ কৰিব পৰা ক্ষমতা।
- প্লেটো
✫ শিক্ষাৰ কোনো লক্ষ্য নাই৷ ই অন্য বস্তুৰহে লক্ষ্য।
- এণ্ড্ৰিউ এবট
✫ শিক্ষা সমৃদ্ধৰ বাবে এক অলংকাৰ, দুৰ্ভগীয়াৰ বাবে আশ্ৰয়।
- ডেম'ক্ৰিটাছ
✫ শিক্ষাৰ উদ্দেশ্য হ'ল মানুহক মানুহ ৰূপে গঢ়ি তোলা, মানুহৰ পৰিচয় প্ৰকাশত শিক্ষাৰ অৱদান তুলনাবিহীন।
- ৰাজা ৰামমোহন ৰায়
✫ শিক্ষা জাতিৰ মেৰুদণ্ড। এই মেৰুদণ্ড ভাঙিলে জাতিৰ উন্নতিৰ সকলো পথেই অৱৰূদ্ধ হয়।
- ৰাজা ৰামমোহন ৰায়
✾✾ ✾✾
সমলটোত ব্যৱহৃত ছবি আৰু তথ্যসমূহ ইংৰাজী আৰু অসমীয়া ৱিকিপিডিয়াৰ পৰা সংগ্ৰহ কৰা হৈছে।
✾✾ ✾✾