লেছেৰি

ঔ - অসমীয়া সাঁথৰ, ডাকৰ বচন আৰু মহৎ লোকৰ বানী “ঔ”

❂ ফকৰা যোজনাঃ
ঔটো পৰিলে তললৈ যায়
যাচি যাচি কিল খায়

ঔটো পৰি কপৌটো মৰিল,
বগে নিৰামহি খায়;
সখীয়তী চৰায়ে ছমাহলৈ বিনালে,
সমন্ধত একোডাল নাই

❂ মহৎ লোকৰ বাণীঃ
ৰৌ মাছ খাব খুজিলে ৰৌ মাছৰ দাম দিবলৈ প্ৰস্তুত হ'ব লাগিব।
           - হোমেন বৰগোহাঞি

❂ সাঁথৰঃ
ঔফুল ফুলি আছে পিন্ধোতা নাই
সু-বিছনা পৰা আছে শোওতা নাই
উত্তৰ: তৰা, নদী

ঔৰ তললৈ গৈছিলোঁ,
ঔ ফুল খাইছিলোঁ,
কেঁচা পাতত বান্ধিলোঁ লোণ,
কাণেৰে বাট বুলে কোন
উত্তৰ: কাৱৈ মাছ

ধন্যবাদ!
✾✾ ✾✾
সমলটোত ব্যৱহৃত ছবি আৰু তথ্যসমূহ ইংৰাজী আৰু অসমীয়া ৱিকিপিডিয়াৰ পৰা সংগ্ৰহ কৰা হৈছে।
✾✾ ✾✾