আজি দিনটোৰ তাৎপৰ্য | ২৬ মে' ২০২২
✿ আজি ইংৰাজী ২০২২ চনৰ মে' মাহৰ ২৬ তাৰিখ।
✿ অসমীয়া লেখেৰে ১৪২৯ ভাস্কৰাব্দৰ ১১ জেঠ।
✿ আজি বৃহস্পতিবাৰ।
❂ আজিৰ বৰ্ণ “গ”
❂ সাঁথৰঃ
গছৰ ওপৰত গুটি, গুটিৰ ওপৰত গছ,
ই নো কি গছৰ সঁচ?
উঃ মাটিকঁঠাল
❂ ডাকৰ বচনঃ
গৰু কিনিবা চিকণ জালি৷
দুই চাৰি ছয় দন্তীয়া ভালি॥
❂ মহৎ লোকৰ বাণীঃ
গ্ৰন্থ হৈছে এনে এখন বাগিছা, যি সকলোকে আশ্ৰয় দিয়ে - চিডনী স্মিথ
❂ উল্লেখনীয় ঘটনাঃ
✿ ১৮০৫ চনৰ আজিৰ তাৰিখতে নেপোলিয়ন বোনাপাৰ্ট ফ্ৰান্সৰ সম্ৰাট পদত অভিষিক্ত হৈছিল।
✿ ১৯৮৩ চনৰ আজিৰ তাৰিখতে ক্ৰমাগতভাৱে দুখন অলিম্পিকত পদক লাভ কৰা একমাত্ৰ ভাৰতীয় মল্লযোদ্ধা সুশীল কুমাৰৰ জন্ম হৈছিল।
✿ ২০১৭ চনৰ আজিৰ তাৰিখতে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই লোহিত নদীৰ ওপৰত ভূপেন হাজৰিকা সেতু আনুষ্ঠানিকভাৱে মুকলি কৰিছিল।
❂ আজি জৰ্জিয়া আৰু গুয়ানাৰ স্বাধীনতা দিৱস।
ধন্যবাদ!
✾✾ ✾✾