লেছেৰি

আজি দিনটোৰ তাৎপৰ্য | ২৭ মে' ২০২২

জি দিনটোৰ তাৎপৰ্য | ২৭ মে' ২০২২



✿ আজি ইংৰাজী ২০২২ চনৰ মে' মাহৰ ২৭ তাৰিখ।
✿ অসমীয়া লেখেৰে ১৪২৯ ভাস্কৰাব্দৰ ১২ জেঠ।
✿ আজি শুক্ৰবাৰ।

❂ আজিৰ বৰ্ণ “ঘ”

❂ সাঁথৰঃ
ঘূৰালেই গোঁ গোঁ ভোমোৰাৰ গুণ
লগুণ পিন্ধে গাত নহয় বামুণ৷

উঃ যঁতৰ

❂ ডাকৰ বচনঃ
ঘন সৰিয়হ পাতল মাহ৷
আৱৰণ দিবা কপাহ বাঁহ॥

❂ মহৎ লোকৰ বাণীঃ
ঘৃণা হৈছে মানৱ চৰিত্ৰৰ আটাইতকৈ ডাঙৰ দুৰ্বলতা। - মহাবীৰ জৈন

❂ উল্লেখনীয় ঘটনাঃ
✿ জালিয়ানাৱালাবাগৰ ঘৃণ্য আৰু বৰ্বৰোচিত হত্যাকাণ্ডৰ প্ৰতিবাদ জনাই ৰবীন্দ্ৰনাথ ঠাকুৰে ব্ৰিটিছ চৰকাৰে প্ৰদান কৰা “নাইট” উপাধি ত্যাগ কৰিছিল ১৯১৯ চনৰ আজিৰ তাৰিখতে।
✿ ১৯৫৭ চনৰ আজিৰ তাৰিখতে ভাৰতীয় ৰাজনীতিবিদ আৰু উদ্যোগপতি নীতিন জয়ৰাম গাডকাৰীৰ জন্ম হৈছিল।
✿ ১৯৬৪ চনৰ আজিৰ তাৰিখতে স্বাধীন ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৰ মৃত্যু হৈছিল।

✿ ১৩৩২ চনৰ আজিৰ তাৰিখতে উত্তৰ আফ্ৰিকাৰ এজন দাৰ্শনিক, আধুনিক সমাজবিজ্ঞান, ভূগোল, বুৰঞ্জী আৰু অৰ্থনীতি বিজ্ঞানৰ অন্যতম পণ্ডিত ইবন খালদুনৰ জন্ম হৈছিল।

✿ ১৮৫২ চনৰ আজিৰ তাৰিখতে পেশাদাৰী ইংৰাজ ক্ৰিকেটাৰ বিলি বাৰ্নছৰ জন্ম হৈছিল।

✿ ১৯৫৯ চনৰ আজিৰ তাৰিখতে লেজাৰ বিষয়ে গৱেষণা কৰি, লেজাৰৰ উন্নতি সাধন কৰাৰ বাবে বিখ্যাত কানাডিয়ান পদাৰ্থবিদ ডনা থিয় ষ্ট্ৰিকলেণ্ডৰ জন্ম হৈছিল।

✿ ১৯৬২ চনৰ আজিৰ তাৰিখতে ভাৰতীয় ক্ৰিকেটাৰ ৰবি শাস্ত্ৰীৰ জন্ম হৈছিল।

✿ ১৯৭৭ চনৰ আজিৰ তাৰিখতে শ্ৰীলংকাৰ ক্ৰিকেটাৰ মাহেলা জয়াবৰ্ধনেৰ জন্ম হৈছিল।

✿ ১৯১০ চনৰ আজিৰ তাৰিখতে নোবেল বঁটা বিজয়ী জাৰ্মান জীৱ বিজ্ঞানী, যক্ষ্মা, কলেৰা আৰু এনথ্ৰাক্স বেক্টেৰিয়াৰ আৱিষ্কাৰক ৰবাৰ্ট কখ মৃত্যু হৈছিল।

✿ ১৯৮৬ চনৰ আজিৰ তাৰিখতে ভাৰতীয় ৰাজনৈতিক নেতা, পশ্চিম বংগৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অজয় মুখাৰ্জীৰ মৃত্যু হৈছিল।

✿ ২০১৯ চনৰ আজিৰ তাৰিখতে অসমৰ ৰাজনৈতিক নেতা মণি কুমাৰ চুব্বাৰ মৃত্যু হৈছিল।

✿ ২০২১ চনৰ আজিৰ তাৰিখতে অসমৰ শিক্ষাবিদ, সাহিত্যিক, সমালোচক আৰু অনুবাদক দিলীপ বৰুৱাৰ মৃত্যু হৈছিল।

❂ আজি নাইজেৰিয়াৰ শিশু দিৱস।

ধন্যবাদ!
✾✾ ✾✾