লেছেৰি

আজি দিনটোৰ তাৎপৰ্য | ২৮ মে' ২০২২

আজি দিনটোৰ তাৎপৰ্য | ২৮ মে' ২০২২



✿ আজি ইংৰাজী ২০২২ চনৰ মে' মাহৰ ২৮ তাৰিখ।
✿ অসমীয়া লেখেৰে ১৪২৯ ভাস্কৰাব্দৰ ১৩ জেঠ।
✿ আজি শনিবাৰ।

❂ আজিৰ বৰ্ণ “চ”

❂ সাঁথৰঃ
চুই চা চুই চা,
চুই দিলে পইছা

উঃ কেৰেলুৱা

❂ ডাকৰ বচনঃ
চাউল দিবা যেতেক তেতেক।
পানী দিবা তিনি তেতেক॥
পাগ আহিলে দিবা কাঠি।
তেবে কৰিবা জুই ভাঠি॥
যেবে দেখা নিসিজে চাউল।
তেবে বুলিবা ডাকক বাউল॥

❂ মহৎ লোকৰ বাণীঃ
চকুৰে নেদেখাজনক অন্ধ বুলিব নােৱাৰি,
নিজৰ দোষ ত্রুটিবােৰ লুকাই ৰখা
জনহে প্ৰকৃতাৰ্থত অন্ধ।
                    - মহাত্মা গান্ধী

❂ উল্লেখনীয় ঘটনাঃ
✿ অসমৰ বিশিষ্ট ৰাজনৈতিক নেতা, অধ্যাপক আৰু লেখক চৰণ নাৰ্জাৰীৰ জন্ম হৈছিল ১৯৩৩ চনৰ আজিৰ তাৰিখতে।
✿ ১৯৫৯ চনৰ আজিৰ তাৰিখতে আমেৰিকাই দুটা বান্দৰ মহাকাশলৈ প্ৰেৰণ কৰি জীৱন্ত অৱস্থাত ঘূৰাই আনিবলৈ সক্ষম হয়।
✿ ১৯৯৬ চনৰ আজিৰ তাৰিখতে এইচ ডি দেবেগৌড়া ভাৰতৰ প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত হৈছিল।

✿ ১৭৪২ চনৰ আজিৰ তাৰিখতে লণ্ডনৰ প্ৰথম আভ্যন্তৰিণ সাতোৰাপুখুৰী (চুইমিংপুল) আৰম্ভ কৰা হৈছিল।

✿ ১৮৮৩ চনৰ আজিৰ তাৰিখতে হিন্দু মহাসভাৰ সদস্য বিনায়ক দামোদৰ সাভাৰকাৰৰ জন্ম হৈছিল।

✿ ১৯২৩ চনৰ আজিৰ তাৰিখতে ভাৰতৰ জনপ্ৰিয় অভিনেতা, প্ৰযোজক, পৰিচালক আৰু অন্ধ্ৰপ্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী এন টি ৰামা ৰাওৰ জন্ম হৈছিল।

✿ ১৯৩০ চনৰ আজিৰ তাৰিখতে আমেৰিকান (আমেৰিকা যুক্তৰাষ্ট্ৰ) জ্যোতিৰ্বিজ্ঞানী আৰু জ্যোতিঃপদাৰ্থবিজ্ঞানী ফ্ৰাঙ্ক ড্ৰেকৰ জন্ম হৈছিল।

✿ ১৯৪৬ চনৰ আজিৰ তাৰিখতে ভাৰতীয় কবি আৰু সমালোচক কে সচিদানন্দনৰ জন্ম হৈছিল।

✿ ১৯৫২ চনৰ আজিৰ তাৰিখতে ভাৰতৰ প্ৰথম লোকপাল পিনাকী চন্দ্ৰ ঘোষৰ জন্ম হৈছিল।

✿ ১৯৩৭ চনৰ আজিৰ তাৰিখতে অষ্ট্ৰীয়াৰ মনোবিজ্ঞানী আলফ্ৰেড এডলাৰৰ মৃত্যু হৈছিল।

✿ ২০১৪ চনৰ আজিৰ তাৰিখতে আমেৰিকান কবি, আত্মজীৱনীকাৰ আৰু নাগৰিক অধিকাৰ আন্দোলনৰ কৰ্মী মায়া এঞ্জেলোৰ মৃত্যু হৈছিল।


❂ আজি নেপালৰ গণতন্ত্ৰ দিৱস।

❂ আজি ঋতুস্ৰাৱ স্বাস্থ্য দিৱস।

ধন্যবাদ!
✾✾ ✾✾