লেছেৰি

আজি দিনটোৰ তাৎপৰ্য | ২৯ মে' ২০২২

 আজি দিনটোৰ তাৎপৰ্য | ২৯ মে' ২০২২



✿ আজি ইংৰাজী ২০২২ চনৰ মে' মাহৰ ২৯ তাৰিখ।

✿ অসমীয়া লেখেৰে ১৪২৯ ভাস্কৰাব্দৰ ১৪ জেঠ।

✿ আজি দেওবাৰ।


❂ আজিৰ বৰ্ণ “ছ”


❂ সাঁথৰঃ

ছয় চৰণ, কৃষ্ণ বৰণ,

আধা চিঙিলেও নাই মৰণ।


উঃ পৰুৱা


❂ ডাকৰ বচনঃ

ছয়ে চোটা চাৰিয়ে মোটা৷ 

বিচাৰি কিনিবা বলদ গোটা॥


❂ মহৎ লোকৰ বাণীঃ

ছাত্ৰশক্তি যদিও প্ৰৱল শক্তি, সি সংযত হ’লেহে দেশহিতকৰ হয়, নতুবা সি অনৰ্থ উৎপাদন কৰে। 

  - লক্ষ্মীনাথ বেজবৰুৱা


❂ উল্লেখনীয় ঘটনাঃ

✿ ১৯৫৩ চনৰ আজিৰ তাৰিখতে টেনজিং নৰ্গে আৰু এণ্ডমান হিলাৰীয়ে যৌথভাবে পৃথিৱীৰ সৰ্বোচ্চ শৃঙ্গ মাউণ্ট এভাৰেষ্ট জয় কৰিছিল।

✿ ১৯১৬ চনৰ আজিৰ তাৰিখতে অসমৰ প্ৰখ্যাত সাহিত্যিক আৰু সাহিত্য সমালোচক অতুল চন্দ্ৰ বৰুৱাৰ জন্ম হৈছিল।

✿ ১৯৭১ চনৰ আজিৰ তাৰিখতে ভাৰতীয় থিয়েটাৰ আৰু বোলছবিৰ অভিনেতা, ভাৰতীয় গণনাট্য সংঘৰ প্ৰতিষ্ঠাতা পৃথ্বীৰাজ কাপুৰৰ মৃত্যু হৈছিল।

✿ ১৩২৮ চনৰ আজিৰ তাৰিখতে পঞ্চম ফিলিপে ফ্ৰান্সৰ ৰাজমুকুট গ্ৰহণ কৰিছিল।

✿ ১৪৫৩ চনৰ আজিৰ তাৰিখতে কনষ্টাণ্টিনোপল বিজয়: ছুলতান দ্বিতীয় মুহাম্মদৰ নেতৃত্বত উছমানী সেনাই ৫৩ দিন অবৰোধৰ পাছত বাইজেণ্টাইন ৰাজধানী কনষ্টাণ্টিনোপল জয় কৰে আৰু বাইজেণ্টাইন সাম্ৰাজ্যৰ সমাপ্তি ঘটিছিল।

✿ ১৭২৭ চনৰ আজিৰ তাৰিখতে দ্বিতীয় পিটাৰ ৰাছিয়াৰ ৰজা হৈছিল।

✿ ১৯৬৮ চনৰ আজিৰ তাৰিখতে মানচেষ্টাৰ ইউনাইটেড ফুটবল ক্লাবে ইউৰোপীয়ান কাপ জয় কৰিছিল।

✿ ১৬৩০ চনৰ আজিৰ তাৰিখতে ইংলেণ্ড, স্কটলেণ্ড আৰু আয়াৰলেণ্ডৰ ৰজা দ্বিতীয় চাৰ্লচৰ জন্ম হৈছিল।

✿ ১৮৬৩ চনৰ আজিৰ তাৰিখতে ইংৰাজ ক্ৰিকেট খেলুৱৈ আৰ্থাৰ মোল্ডৰ জন্ম হৈছিল।

✿ ১৮৬৮ চনৰ আজিৰ তাৰিখতে সৰ্বশেষ উছমানীয় খলিফা দ্বিতীয় আব্দুল মজিদৰ জন্ম হৈছিল।

✿ ১৯১৭ চনৰ আজিৰ তাৰিখতে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৩৫তম ৰাষ্ট্ৰপতি জন এফ. কেনেডিৰ জন্ম হৈছিল।

✿ ১৯২৯ চনৰ আজিৰ তাৰিখতে বাংলাদেশী প্ৰকৃতিবিদ দ্বিজেন শৰ্মাৰ জন্ম হৈছিল।

✿ ১৯৪১ চনৰ আজিৰ তাৰিখতে বাংলাদেশী কবি, সাহিত্যক, সম্পাদক আৰু মুক্তিযোদ্ধা অৰুণাভ সৰকাৰৰ জন্ম হৈছিল।

✿ ১৮২৯ চনৰ আজিৰ তাৰিখতে ইংৰাজ আৱিষ্কাৰক আৰু প্ৰখ্যাত ৰসায়নবিদ, ডেভি চাকি (কাৰ্বন আৰ্ক লেম্প), কেলছিয়াম আৰু পটেছিয়ামৰ আৱিষ্কাৰক ছাৰ হামফ্ৰে ডেভিৰ মৃত্যু হৈছিল।

✿ ১৯৭৭ চনৰ আজিৰ তাৰিখতে বঙালী ভাষাতাত্ত্বিক পণ্ডিত, সাহিত্যিক আৰু শিক্ষাবিদ সুনীতিকুমাৰ চট্টোপাধ্যায়ৰ মৃত্যু হৈছিল।

✿ ১৯৭৯ চনৰ আজিৰ তাৰিখতে কানাডীয়-আমেৰিকান চলচ্চিত্ৰ অভিনেত্ৰী আৰু প্ৰযোজক মেৰী পিকফোৰ্ডৰ মৃত্যু হৈছিল।

✿ ২০০৪ চনৰ আজিৰ তাৰিখতে একুশে পদক বিজয়ী বাংলাদেশী সঙ্গীতশিল্পী আঞ্জু মান আৰা বেগমৰ মৃত্যু হৈছিল।


❂ আজি মূলগাভৰু দিৱস।

❂ আজি আৰ্জেণ্টিনাৰ সেনাবাহিনী দিৱস।

❂ আজি আন্তৰ্জাতিক জাতিসংঘ শান্তিৰক্ষী দিৱস।


ধন্যবাদ!

✾✾ ✾✾