আজি দিনটোৰ তাৎপৰ্য | ৩০ মে' ২০২২
✿ আজি ইংৰাজী ২০২২ চনৰ মে' মাহৰ ৩০ তাৰিখ।
✿ অসমীয়া লেখেৰে ১৪২৯ ভাস্কৰাব্দৰ ১৫ জেঠ।
✿ আজি সোমবাৰ।
❂ আজিৰ বৰ্ণ “জ”
❂ সাঁথৰঃ
জলত জন্ম স্থলত বাস,
মাকে চুলে হয় সৰ্বনাশ?
উঃ নিমখ
❂ ডাকৰ বচনঃ
জালুক পীপলি আদা খায়৷
ডাকে বোলে তাৰ কাঁহ পলায়॥
❂ মহৎ লোকৰ বাণীঃ
জীৱনটো এখন সংগ্ৰামৰ থলী। সাহসী আৰু কৰ্মপটুজনেহে এই সংগ্ৰামত জয়লাভ কৰিব পাৰে।
- নেপোলিয়ন বোনাপাৰ্ট
❂ উল্লেখনীয় ঘটনাঃ
✿ ১৯২৩ চনৰ আজিৰ তাৰিখতে অসমীয়া উদ্যোগী আৰু ব্যৱসায়ী, ভোলানাথ বৰুৱাৰ মৃত্যু হৈছিল। এখেতৰ নামতে বি. বৰুৱা মহাবিদ্যালয় উছৰ্গা কৰি স্থাপন কৰা হৈছিল।
✿ ১৯৫৫ চনৰ আজিৰ তাৰিখতে জনপ্ৰিয় বলিউডৰ অভিনেতা পৰেশ ৰাৱালৰ জন্ম হৈছিল।
✿ ১৪৩১ চনৰ আজিৰ তাৰিখতে ফৰাচী বীৰাংগনা আৰু ৰোমান কেথ’লিক মনিষী জোৱান অফ আৰ্কৰ মৃত্যু হৈছিল।
✿ ১৯৮৭ চনৰ আজিৰ তাৰিখতে গোৱাই ভাৰতৰ ২৬ তম ৰাজ্য় হিচাপে স্বীকৃতি পাইছিল।
✿ ২০১৯ চনৰ আজিৰ তাৰিখতে শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতৰ প্ৰধানমন্ত্ৰী হিচাপে তেওঁৰ দ্বিতীয়টো কাৰ্যকালৰ শপত গ্ৰহণ কৰিছিল৷
✿ ১৯৮০ চনৰ আজিৰ তাৰিখতে ইংলেণ্ডৰ ফুটবল খেলুৱৈ ষ্টিভেন জেৰাডৰ জন্ম হৈছিল।
✿ ১৭৭৮ চনৰ আজিৰ তাৰিখতে ফৰাচী লেখক আৰু দাৰ্শনিক ভলটেয়াৰৰ মৃত্যু হৈছিল।
✿ ১৯৬৫ চনৰ আজিৰ তাৰিখতে ডেনমাৰ্কৰ ভাষাবিজ্ঞানী লুই ইয়েল্ম্স্লেভৰ মৃত্যু হৈছিল।
✿ ১৯৮১ চনৰ আজিৰ তাৰিখতে বাংলাদেশৰ স্বাধীনতাৰ ঘোষক, ৰাষ্ট্ৰপতি আৰু সেনাপ্ৰধান আৰু বীৰ উত্তম উপাধিপ্ৰাপ্ত মুক্তিযোদ্ধা জিয়াউৰ ৰহমানৰ মৃত্যু হৈছিল।
✿ ২০১৩ চনৰ আজিৰ তাৰিখতে ভাৰতীয় শিক্ষাবিদ, বাওঁপন্থী কৰ্মী আৰু নাৰীবাদী বীণা মজুমদাৰৰ মৃত্যু হৈছিল।
❂ আজি নিকাৰাগুয়াৰ মাতৃ দিৱস।
ধন্যবাদ!
✾✾ ✾✾