লেছেৰি

আজি দিনটোৰ তাৎপৰ্য | ৩১ মে' ২০২২

 আজি দিনটোৰ তাৎপৰ্য | ৩১ মে' ২০২২



✿ আজি ইংৰাজী ২০২২ চনৰ মে' মাহৰ ৩১ তাৰিখ।

✿ অসমীয়া লেখেৰে ১৪২৯ ভাস্কৰাব্দৰ ১৬ জেঠ।

✿ আজি মঙ্গলবাৰ।


❂ আজিৰ বৰ্ণ “ট”


❂ সাঁথৰঃ

টুপ টুপ টুপলি

পানী পালে মুকলি


উঃ খেৱালি জাল


❂ ডাকৰ বচনঃ

টিক বলধে ওলায় মাটি৷ 

মাক ভালেহে জীয়েক জাতি॥


❂ মহৎ লোকৰ বাণীঃ

টান কাম সহজ হৈ থাকোঁতেই আৰু ডাঙৰ কাম সৰু হৈ থাকোঁতেই আৰম্ভ কৰিবা।

          - লাও চে


❂ উল্লেখনীয় ঘটনাঃ

✿ ১৮৫৯ চনৰ আজিৰ তাৰিখৰ পৰাই ক্লক টাৱাৰৰ বিগ বেং নামৰ ঘড়ীটো চলিবলৈ আৰম্ভ কৰিছিল।

✿ ১৮৮৯ চনৰ আজিৰ তাৰিখতে পেৰিচৰ আইফেল টাৱাৰ উদ্বোধন কৰা হৈছিল।

✿ ১৫৭৭ চনৰ আজিৰ তাৰিখতে মোগল সম্ৰাট জাহাঙ্গীৰৰ প্ৰধান ৰাণী নুৰ জাহানৰ জন্ম হৈছিল।

✿ ১৯১১ চনৰ আজিৰ তাৰিখতে উত্তৰ আয়াৰলেণ্ডৰ বেলফাষ্টত আৰ.এম.এছ. টাইটানিকৰ শুভ উদ্বোধন কৰা হৈছিল।

✿ ১৯৩৫ চনৰ আজিৰ তাৰিখতে কোয়েটা (বেলুচিস্তানৰ) ভূমিকম্পত ৫০ হাজাৰ লোকৰ মৃত্যু হৈছিল।

✿ ২০০২ চনৰ আজিৰ তাৰিখতে ফিফাৰ ১৭তম বিশ্বকাপ ফুটবল দক্ষিণ কোৰিয়াৰ চিউলত আৰম্ভ হৈছিল। দক্ষিণ কোৰিয়া জাপানৰ সৈতে যৌথ আয়োজক আছিল।

✿ ১৯১২ চনৰ আজিৰ তাৰিখতে তেজস্ক্ৰিয়তাৰ গৱেষণাত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়োৱা চীনা-আমেৰিকান পদাৰ্থবিজ্ঞানী চিয়েন-চিউং উৰ জন্ম হৈছিল।

✿ ১৯৪৬ চনৰ আজিৰ তাৰিখতে জামাইকাৰ বিখ্যাত আন্তৰ্জাতিক ক্ৰিকেট আম্পায়াৰ ষ্টিভ বাকনৰৰ জন্ম হৈছিল।

✿ ১৯৬৬ চনৰ আজিৰ তাৰিখতে শ্ৰীলঙ্কাৰ আন্তৰ্জাতিক ক্ৰিকেটাৰ ৰোচন মহানামাৰ জন্ম হৈছিল।

✿ ১৮৩২ চনৰ আজিৰ তাৰিখতে ফৰাচী গণিতবিদ এভাৰিষ্ট গালোৱাৰ মৃত্যু হৈছিল।

✿ ১৯৮৬ চনৰ আজিৰ তাৰিখতে আমেৰিকান পদাৰ্থবিজ্ঞানী জেমচ্ ৰেইনৱাটাৰৰ মৃত্যু হৈছিল।


❂ আজি বিশ্ব ধঁপাতবিৰোধী দিৱস


ধন্যবাদ!

✾✾ ✾✾