আজি দিনটোৰ তাৎপৰ্য | ১ জুন ২০২২
✿ আজি ইংৰাজী ২০২২ চনৰ জুন মাহৰ ১ তাৰিখ।
✿ অসমীয়া লেখেৰে ১৪২৯ ভাস্কৰাব্দৰ ১৭ জেঠ।
✿ আজি বুধবাৰ।
❂ আজিৰ বৰ্ণ “দ”
❂ সাঁথৰঃ
দল দোপ দল দোপ দলৰ দোপা।
হাড় নাই মূৰ নাই মঙহৰ থোপা॥
উঃ জোক
❂ ডাকৰ বচনঃ
দেশ কাল ভাৱ বুঝিয়া মনে৷
সেবিবে ৰাজাক বহু যতনে॥
নীচ সঙ্গত নহৈব কথা৷
একো কালে তাৰ নাপাইবা বেথা॥
❂ মহৎ লোকৰ বাণীঃ
দেশবাসীৰ হৃদয়ত স্বদেশ-প্ৰেম জগাব নোৱাৰিলে দেশে একতাৰ মোল নুবুজে।
- কমলাকান্ত ভট্টাচাৰ্য
❂ উল্লেখনীয় ঘটনাঃ
✿ ১৯৩৬ চনৰ আজিৰ তাৰিখতে অসম চৰকাৰৰ 'অসম সৌৰভ' বঁটা লাভ কৰা খ্যাতনামা চিত্ৰশিল্পী নীলপৱন বৰুৱাৰ জন্ম হৈছিল।
✿ ২০১১ চনৰ আজিৰ তাৰিখতে ২৫বাৰ সফল উৰণৰ পিছত মহাকাশযান এণ্ডেভাৰে চূড়ান্ত অৱতৰণ সম্পন্ন কৰিছিল।
✿ ২০০৪ চনৰ আজিৰ তাৰিখতে অসমৰ সুকবি, গীতিকাৰ আৰু লোক-সংস্কৃতিৰ গৱেষক নিৰ্মলপ্ৰভা বৰদলৈৰ মৃত্যু হৈছিল।
✿ ১৯২৬ চনৰ আজি তাৰিখতে এগৰাকী আমেৰিকান অভিনেত্ৰী, গায়িকা আৰু মডেল মেৰিলিন মন্ৰ'ৰ জন্ম হৈছিল।
✿ ১৯৪১ চনৰ আজি তাৰিখতে অসমীয়া ভাষাৰ শিশু সাহিত্যিক গগনচন্দ্ৰ অধিকাৰী জন্ম হৈছিল।
✿ ১৯৭৫ চনৰ আজি তাৰিখতে ভাৰতীয় ভাৰোত্তোলক কৰ্ণম মালেশ্বৰীৰ জন্ম হৈছিল।
✿ ১৯৭৯ চনৰ আজি তাৰিখতে অসমীয়া চলচ্চিত্ৰ নিৰ্দেশক, প্ৰযোজক আৰু ৰাজনীতিবিদ সুমন হৰিপ্ৰিয়াৰ জন্ম হৈছিল।
✿ ১৯৮৫ চনৰ আজি তাৰিখতে ভাৰতীয় আন্তৰ্জাতিক ক্ৰিকেটাৰ দীনেশ কাৰ্তিক জন্ম হৈছিল।
✿ ১৮৪২ চনৰ আজি তাৰিখতে শিক্ষাবিদ ডেভিড হেয়াৰৰ মৃত্যু হৈছিল।
✿ ১৯৬৮ চনৰ আজি তাৰিখতে মাৰ্কিন মানৱতাবাদী, লেখিকা আৰু ৰাজনৈতিক কৰ্মী, উদ্যমী বক্তা হিচাপে বিশ্ববিখ্যাত বিশেষভাৱে সক্ষম নাৰী হেলেন কেলাৰৰ মৃত্যু হৈছিল।
✿ ১৯৮১ চনৰ আজি তাৰিখতে ভাৰতীয় অভিনেত্ৰী নাৰ্গিছ দত্তৰ মৃত্যু হৈছিল।
✿ ১৯৯৬ চনৰ আজি তাৰিখতে ভাৰতৰ ষষ্ঠগৰাকী ৰাষ্ট্ৰপতি নীলম সঞ্জীৱ ৰেড্ডীৰ মৃত্যু হৈছিল।
✿ ২০০৭ চনৰ আজি তাৰিখতে ভাৰতীয় গান্ধীবাদী আৰু ভাৰতৰ স্বাধীনতা সংগ্ৰামী ৰামৰাও কৃষ্ণৰাও পাটিলৰ মৃত্যু হৈছিল।
✿ ১৮৩১ চনৰ আজি তাৰিখতে জেমছ ক্লাৰ্ক উত্তৰ চুম্বকীয় মেৰুত খোজ দিয়া প্ৰথমজন ইউৰোপীয় হিচাপে পৰিগণিত হয়।
✿ ২০০১ চনৰ আজি তাৰিখতে নেপালৰ ৰাজকুমাৰ দীপেন্দ্ৰই পিতৃ-মাতৃকে ধৰি পৰিয়ালৰ কেইবাজনো সদস্যক গুলীয়াই হত্যা কৰিছিল।
❂ আজি বিশ্ব গাখীৰ দিৱস।
ধন্যবাদ!
✾✾ ✾✾