❂ অসমীয়া সাঁথৰঃ
* পাত আছে ডাল নাই,
কথা আছে মাত নাই
উত্তৰ: কিতাপ
* পাখি নাই জখলা নাই
আকাশলৈ কোন যায়
উত্তৰ: ধোঁৱা
* পেট আছে পেটু নাই,
মুখ আছে জিভা নাই।
উত্তৰ: কলহ
* পেট ডাঙৰ মুখ সৰু
গিলি খাই মানুহ গৰু
উত্তৰ: ঘৰ
* পিটিকিলেই ভাঙে,
আফালিয়ালেও নাভাঙে
উত্তৰ: ভাত
* পৰ্বতৰ টিঙত ক’লী গাই চৰে
দুই পৰ্বতে হেঁচা মাৰি ধৰে
উত্তৰ: ওকনি
* পাৱ, পিঠি, চকু, কাণ, নাক, নাই
এইটো আকৌ কি কোৱাচোন ভাই
উত্তৰ: মানুহ
* পাণ্ডৱ নহয় পঞ্চ ভাই,
তাক কিন্তু মনুষ্যই খায়।
উত্তৰ: ঔটেঙা
❂ ডাকৰ বচনঃ
* পিতৃ মাতৃ দুইৰো বন্দে চৰণ।
বোলন্ত ডাকে সাৰ্থক জীৱন॥
* পূবে ভঁৰাল, পশ্চিমে গঁৰাল।
উত্তৰে চৰু, দক্ষিণে গৰু॥
* পুহত আহু জেঠত শালি।
তেবেসে জানিবা গৃহস্থালী॥
❂ মহৎ লোকৰ বাণীঃ
* পৃথিৱীৰ আটাইতকৈ সুন্দৰ বস্তুটো হৈছে ফুল, কিন্তু তাৰ শিপা মাটি আৰু গোবৰতহে থাকে।
- লৰেঞ্চ
* প্ৰাণহীন সমাজৰ সংস্কৃতি মৰিশালীৰ দৰে নিষ্প্ৰাণ।
- হেম বৰুৱা
* পাৰিলে সৎকথাৰ আলোচনা কৰিবা, নহ'লে মনে মনে থাকিবা।
- বেঞ্জামিন ফ্ৰেংকলিন
* পুথি অধ্যয়ন বিদ্যা উপাৰ্জনৰ এটা ঘাই উপায়।
- সত্যনাথ বৰা
* প্ৰত্যেক মানুহে প্ৰথমে নিজক জানিব লাগে আৰু নিজৰ ব্যৱহাৰ উন্নত কৰিব লাগে।
- কনফুচিয়াচ