❂ অসমীয়া সাঁথৰ
* ধপলাধপল পাত তাতো নাখায় ভাত,
❂ ডাকৰ বচন
লোমা-লোমে গুটি তাকো নাখায় উঠি।
উত্তৰ: অমিতা
* ধোঁৱাৰ নিচিনা গাৰ বৰণ
অহা-যোৱা চোৰৰ ধৰণ
খচ্খচকৈ আহে যায়
পৰৰ আৰ্জন পৰে খায়
উত্তৰ: নিগনি
* ধান হ’লে ৰোৱা সবে সাফল৷
ধান নহ’লে সকলো বিফল॥
* ধনৰ মধ্যত ধানেসে শোভন।
ধান নহলে মৰা তেতিক্ষণ॥
* ধোবাৰ চিকণ বস্ত্ৰ।
কমাৰৰ চিকণ অস্ত্ৰ॥
* ধন আশ এড়ি সুধিব সাক্ষী।
ৰাজাক তেৱে ধৰ্ম্মে ফুৰে ৰাখি॥
* ধনীৰ জয় সকলোৰে ৰঙ্গ।
ডাকে বোলে হৈল নিধনী ভঙ্গ॥
* ধান বনাই আনোৱাই পানী।
বোলন্ত ডাকে সিজনী ৰাণী॥
* দধি দুগ্ধ দেই অন্ন বিপুল।
ঔষধ দানত নাহিকে তুল॥
* নিধনী জন যি ঘৰে যাই।
আছোক ভাত মাতকে নপাই॥
* অপৰাণী হলে নপাই মান্যতা।
বেলি পৰি গৈলে নোহে সোধোতা॥
* দধি মধু ঘৃত শুক্ল তণ্ডুল।
শুকুলা চামৰ শুকুলা ফুল॥
* অপৰাধী হলে নকৰে ৰঙ্গ।
অকাটন কটাৰিত উঠে খঙ্গ॥
❂ মহৎ লোকৰ বাণী
* ধ্বংস হোৱাটো যিহেতু সুনিশ্চিত সেইবাবে সজ কামত জীৱন উছৰ্গা কৰিবা।
- স্বামী বিবেকানন্দ
* ধৰ্মৰদ্বাৰা মানুহৰ কল্যাণ সাধন হয়; কিন্তু সেই ধৰ্ম অহিংসা, সংযম আৰু তপস্যাৰ ওপৰত প্ৰতিষ্ঠিত হ’ব লাগিব।
- মহাবীৰ জৈন
* ধাৰ্মিকে যেনেকৈ ধৰ্ম লাভ কৰি অজ্ঞানী পাপীক তৰিবৰ বাট নেদেখুৱা মহাপাপ, তোমালোকেও শিক্ষা লাভ কৰি পণ্ডিত হৈ মূৰ্খক জ্ঞান নিদিয়া মহাপাপ।
- কমলাকান্ত ভট্টাচাৰ্য
* ধেমেলীয়া মানুহে এন্ধাৰতো নিজৰ অস্তিত্ব প্ৰকাশ কৰাৰ বুধি জানে।
- ৰবীন্দ্ৰনাথ ঠাকুৰ
* ধৈৰ্যশীল মানুহে বহুতো কথাৰ দিক্ নিৰ্ণয় কৰিব পাৰে।
- ছক্ৰেটিছ
* ধন ব্যয় কৰাত ফুটি ওলায় মানুহৰ জীৱনবোধৰ পৰিচয়।
- গ্যেটে