❂ অসমীয়া সাঁথৰঃ
* ফল এটা দিনত পকে, এটা পকে ৰাতি,
এইকেইটা কি ফল কোৱাচোন ভাবি-চিন্তি
উত্তৰঃ বেলি আৰু জোন
* ইফালেও ঢাপ, সিফালেও ঢাপ
মাজেদি সৰকে কাঁৰশলা সাপ
উত্তৰ: মাকো
* ফল বুলি মাতে মোক সবাৰো বিদিত
ৰস জীৱ নাই মোৰ জানিবা নিশ্চিত
উত্তৰ: কাগজৰ বা ছবিৰ ফল
❂ ডাকৰ বচনঃ
* ফাগুণৰ শেষে চৈত্ৰ প্ৰবৰ্ত্তে, যেই হৱে বাৰ।
আকে শিতলী, শনিৰে পাতলি, ধুলি এন্ধাৰ॥
* ফটা কঠাত উৰহ হয়।
বেশ্যা তিৰীত থাপ থয়॥
* নিস্ফল জীৱন নিতে লোৰে খড়ি।
নিস্ফল জীৱন ধৰুৱা নিয়ে ধৰি॥
* নিস্ফল জীৱন পৰত কৰে আশ।
নিস্ফল জীৱন খাটে প্ৰবাস॥
❂ মহৎ লোকৰ বাণীঃ
* সাফল্যৰ উচ্চতম শৃংগত যদি আৰোহণ কৰিবলৈ ইচ্ছা কৰিছা, তেন্তে নিম্নতম পৰ্যায়ৰ পৰা সাধনা আৰম্ভ কৰা।
- ছাইৰাছ
* ফুল আৰু পখিলাক বাহ্যিক ৰূপেৰে জুখিবা, মানুহক নুজুখিবা।
- ৰবীন্দ্ৰনাথ ঠাকুৰ