লেছেৰি

শ - অসমীয়া সাঁথৰ, ডাকৰ বচন আৰু মহৎ লোকৰ বাণী - “শ”

 ❂ সাঁথৰঃ
* শদিয়ালৈ নাযাবা শতফুল নাখাবা
   কেঁচা পাতত নাবান্ধিবা লোণ
   উপজিয়েই বগা হয় কোন?
উত্তৰ: নহৰু
* শদিয়ালৈ নাজাবা, শতফুল নাখাবা,
   কেচাঁপাতত নাবান্ধিবা লোণ,
   উপজিয়ে লৰমাৰে কোন
উত্তৰ: জেঠী
* শোষক বীৰৰ ভাই
   মূৰ দুপিয়াই তেজ খাই
উত্তৰ: তেজপিয়া
* শাহটো পেলাই বাকলিটো খায়,
   সেইটোনো কি বস্তু কোৱাচোন ভাই
উত্তৰ: ঔ টেঙা
* শ শ তাৰ ঘৰ, ৰস তৃপ্তিকৰ 
   সেৱাতো লাগে দৰৱতো লাগে
   নাম তাৰ মৰমৰ
উত্তৰ: মৌ
* শিল যেন ডুব যায়, তুলা হেন ভাঁহে
   বাঘ যেন জঁপিয়ায়, কুকুৰ যেন বহে
উত্তৰ: ভেকুলী

❂ ডাকৰ বচনঃ
* শাক শুকলতি দিনত বাছে৷ 
   সেই ঘৰত জানিবা লক্ষ্মী আছে॥
* শূদ্ৰ জনে যদি বধে বিপ্ৰক।
   বধিব নৃপতি সিতো শূদ্ৰক॥
* শিৰে নবন্দে মাধৱৰ পাৱ।
   সবে বিড়ম্বনা জানিবা মাৱ॥
* শীতকালে যাৰ নভৈল বস্ত্ৰ।
   যুদ্ধ সময়ত ধুকাইল অস্ত্ৰ॥
* শাশুৰীত পুছি কৰে আয় ব্যয়।
   সেই নাৰীক সদা লক্ষী নেৰয়॥
* শত ভাঙ্গি কৰ পঞ্চাশ।
   দয়ে বামে কৰিয়া চাষ॥
* শীত সৰিয়হ মিত মাহ।
   শৰণত নাকাটি বেত বাঁহ॥
* শীত সৰিয়হ মীত মাহ।
   গণ্ড যোগত নুৰুইবা বাঁহ॥
* শিঙ্গ ভগা গৰু নুযুৰি হালে।
   ৰঙ্গা বৰণীয়াক যুৰিয়ো হালে॥
* শাওনৰ কঠিয়া নহয় ধান।
   আহিনৰ গোছ বিফল জান॥
* শিয়ে পিয়ে লিয়ে।
   এই তিনি ওপৰতে জীয়ে॥

❂ মহৎ লোকৰ বাণীঃ
* শিক্ষকৰ ব্যক্তিসত্ত্বাৰ পৰশত নিৰস পাঠ্যক্ৰমো সৰল আৰু সঞ্জীৱিত হৈ পৰে।
             - ত্ৰৈলোক্য নাথ গোস্বামী
* শিক্ষাৰ উদ্দেশ্য সৈনিক, বিচাৰক, পুৰোহিত সৃষ্টি কৰা নহয় - মানুহ সৃষ্টি কৰাহে।
           - ৰুচো
* শিক্ষা জীৱনৰ আৰম্ভ গল্প আৰু খেল-ধেমালিৰ যোগেদি হ’ব লাগে।
           - প্লেটো