লেছেৰি

ল - অসমীয়া সাঁথৰ, ডাকৰ বচন আৰু মহৎ লোকৰ বাণী - “ল”

 ❂ অসমীয়া সাঁথৰঃ
* লিকি লিকি ডিমৰু চিকি চিকি পাত,
   সূৰুযমুখে যাব লাগে ছয় মাহৰ বাট।
উঃ তামোল
* লাগিলে পেলাই থয়
   নালাগিলে জপাই থয়
উত্তৰ: আঁঠুৱা
* লিকি লিকি ডিমৰু চিকি চিকি পাত,
   পালেং বাবৰি ওঠৰ হাত।
উত্তৰ: বেত গছ
* লোৰ দামুৰী কাঠৰ গাই
   যিমানে দিবা সিমান খায়
উত্তৰ: খুন্দনা

❂ ডাকৰ বচনঃ
* লগ্নৰ লগত শনিৰ মেলা।
   সকলো কাৰ্য্যত কৰাৱে হেলা॥
* লাজুকা বামুণ কহুৱা চোৰ।
   জাকৰুৱা আলহি হাৰাম খোৰ॥
* লাদে পুটিলো কায়।
   সুবৃক্ষক আশ্ৰয় কৰিলো
   মৰিতেও নেৰাইলো দায়॥
* লিখনে চিকণ কাপ।
   বাড়ীৰ চিকণ ধাপ॥

❂ মহৎ লোকৰ বাণীঃ
* লোকৰ হুবহু অনুকৰণ শাৰীৰিক, মানসিক আৰু আধ্যাত্মিক দুৰ্বলতাৰ চিন।
                 - নীলমণি ফুকন
* লক্ষ্য সাধন কৰিবলৈ দীঘলীয়া পৰিশ্ৰম, ধৈৰ্য আৰু অধ্যৱসায়ৰ প্ৰয়োজন।
         - জগদীশ চন্দ্ৰ বসু
* লোকৰ কথা মন দি শুনিবা, ভাল কিতাপখন মন দি পঢ়িবা আৰু তাৰ অসাৰুৱা ভাগ বাদ দি সাৰুৱা ভাগ জুকিয়াই মনত থবা।
       - লক্ষ্মীনাথ বেজবৰুৱা
* লোকৰ দোষ ধৰাটো বুদ্ধিমানৰ কাম, কিন্তু নিজক নিৰ্দোষী কৰাটো তাতোকৈ বুদ্ধিমানৰ কাম৷
          - মহাত্মা গান্ধী