❂ ফকৰা যোজনাঃ
* দুষ্টৰ দুদিন, সন্তৰ শ দিন
* বিষ্ঠাক চন্দ্ৰপ্ৰায় দেখিব লাগে
ভকত হ’লে
* ৰাক্ষসৰ আগত ধোৱা চাউল
❂ সাঁথৰঃ
* ঋষিও নহয় কিন্তু বাকলি বসন
সদাশিৱ নহয় কিন্তু তিনিটি নয়ন
উত্তৰ: নাৰিকল
❂ ডাকৰ বচনঃ
* কৃষিৰ বিফল ডাকৰ বচন সাৰ।
যদি হোৱে বুধ, বিৰচতি শুক্ৰবাৰ॥
* নষ্ট গৈল আঠুৱা ঝাপত গোৰে।
নষ্ট গৈল মাগুৰ জুইত পোৰে॥
* বৰ্ষা কালত বেঙ্গৰ ৰাও।
হাল গৰু লৈয়া পথাৰক ধাও॥
* কিৰিষিত যদি কৰিবা মন।
হাল গৰু ৰাখি কৰা যতন॥
* কৃষি ৰাখিবা বেড়ি যতনে।
সফল কৃষি মানিবা মনে॥
❂ মহৎ লোকৰ বাণীঃ
* শিক্ষাৰ উদ্দেশ্য মন প্ৰশস্ত কৰা, চিন্তা শক্তি বঢ়োৱা, শিক্ষাৰ্থীক ন ন ভাৱ দি ভৱিষ্যত জীৱন যুদ্ধত দেশৰ আৰু জগতৰ কল্যাণ সাধনত সৰ্ব প্ৰকাৰে যোগ্যৱান কৰা।
- তৰুণৰাম ফুকন
* ক্ষমতাই মানুহক দুৰ্নীতি পৰায়ন নকৰে; মুৰ্খই যেতিয়া ক্ষমতা পায়, তেতিয়া ক্ষমতাকহে কলুষিত কৰে।
- জৰ্জ বাৰ্ণাৰ্ড শ্ব’
* শিক্ষাৰ লক্ষ্য একেটাই, সেইটো হৈছে সাহসী হ’বলৈ শিক্ষাদান কৰা৷
- আলফ্ৰেড এডলাৰ