লেছেৰি

য - অসমীয়া সাঁথৰ, ডাকৰ বচন আৰু মহৎ লোকৰ বাণী - “য”

 ❁ অসমীয়া সাঁথৰ:
* যিয়ে দিয়ে তাকে খায়
   পানী দিলে মৰি যায়
উত্তৰ: জুই
* এযোৰ পক্ষী আছে
   কাকো কোনেও নেদেখে
উত্তৰ: চকু
* যিমানে কাটিবি মোক,
দীঘল হৈ দেখুৱাম তোক
উত্তৰ: সূতা

❁ ডাকৰ বচন:
* যিহকে দিবে তাহাকে পাই।
   পৰলোকে গৈয়া বসিয়া খাই॥
* যেবে সুতিকাৰ ৰাখিব জীৱ।
   যতন কৰিয়া ঔষধ দিব॥
* যদি গৈয়া গঙ্গা স্নান কৰে।
   সকলে পাতক তেখনে হৰে॥
* যেবে ভাল ৰূপে সাক্ষী কহিব।
   তেবেসে সভাত ন্যায়ে জিনিব॥
* যিজনে ধৰ্ম্মত নকহে সাক্ষী।
   ডাকে বোলে তাক থৈবাহা ৰাখি॥
* যি ঘৰৰ ঘৈণী নয় নুবুজে।
   সি গৃহস্থক মৰণে মজে॥
* যাৰ নাই তৰ্জ্জুতুল।
   সি কিজানে বাণিজ্যৰ মুল॥
* যৈতে ৰজা থাকি প্ৰজাক পালে।
   তহিতে বসতি কৰিবা ভালে॥
* যি পথে যাই সি পথে আসে।
   ডাকে বোলে ভাল মনত ভাসে॥
*   যিতোৱে নুবুজে ৰাজ কাজ।
   তাক নপঠাইবা সভাৰ মাজ॥
* যি ঘৰত অতিথি পূজা নকৰে।
   লখিমী নাথাকে তাহাৰ ঘৰে॥
* যি গৃহিনীৰ আউল কেশ।
   কন্দল কৰে বিপৰীত বেশ॥
* যি জনী দিনত নিদ্ৰাক যাই।
   স্বামীয়ে দণ্ডিলে দোষে নপাই॥
* যথাত কলা কপাহৰ বাৰী। 
   তথাত সুভিয়া সকল নাৰী॥
* যেবে কৃষিক কৰিবা আশ।
   তেবে নকৰিবা শাওণত চাষ॥
* যদি হালে হৱে নাঙ্গল ভঙ্গ।
   বৎসৰত তাৰ নিমিলে ৰঙ্গ॥
* যদি বৰিষয় জলৰ কণা।
   ৰঙ্গ কৰি নাচে কৃষক জনা॥
* যি নৰে সদা কৃষিক কৰে।
   বেহাৰ ফল পাইব ঘৰে॥

❁ মহৎ লোকৰ বাণী:
* যি মানুহৰ শিক্ষা নাই, তেওঁ এডাল শুকান কাঠৰ নিচিনা।
          - হজৰত মহম্মদ
* যি লোক তোমাতকৈ কোনো কথাত শ্ৰেষ্ঠ, তেৱেঁই তোমাৰ মান্য।
        - হেমচন্দ্ৰ বৰুৱা
* যি ঈশ্বৰ চিন্তাত মগ্ন থাকে, যিজনে লালসাৰ মাজত থাকিও লালসাহীন হৈ থাকে, তেনেলোকক দুখ-বেজাৰে নেপায়।
             - গুৰু নানক
* যুক্তি যদি নামানা, যুক্তিয়ে তোমাৰ গাঁথিত খুন্দিয়াব।
          - বেঞ্জামিন ফ্ৰেংকলিন
* যি সাহিত্য - শিল্পই নৈতিক আৰু মানসিক উন্নতি সাধিব নোৱাৰে, সেই সাহিত্য-শিল্পীজন কল্যাণকামী আৰু শ্ৰদ্ধাভাজন হ’ব নোৱাৰে।
         প্লেটো