❁ অসমীয়া সাঁথৰ:
* ৰজাৰ লাঠি
ঘন ঘন গাঠি
উত্তৰ: কুহিয়াঁৰ
* ৰজাৰ আলিবাট
তিয়াব পাৰি শুকুৱাব নোৱাৰি
উত্তৰ: জিভা
* ৰজাৰ আলিবাট
মেলিব পাৰি জপাব নোৱাৰি
উত্তৰ: চোতাল
* ৰঙাকৈ বামুণটি খোজ কাঢ়ে খৰ
পিছফালে দেখি আহিছোঁ বাঁহৰ তলত ঘৰ
উত্তৰ: আমৰলি পৰুৱা
* ৰঙাকৈ বামুণটি খোজ কাঢ়ে খৰ
দিখৌমুখত দেখি আহিছোঁ দিচাংমুখত ঘৰ
উত্তৰ: আমৰলি পৰুৱা
* ৰামে বোলে লক্ষ্মণ ভাই
কি গুটিৰ বাকলি নাই
উত্তৰ: শিলগুটি
* ৰজাৰ ঘৰৰ ক’লী গাই
ঘাটে ঘাটে পানী খাই
উত্তৰ: বৰশী
* ৰজাৰ ঘৰৰ ক’লী গাই
এক পিয়ন দি মৰি যায়
উত্তৰ: কলগছ
* ৰজাৰ পুতেকে ভাত খাই
চাৰি কুকুৰে আছে চাই
উত্তৰ: পীৰা
* ৰজাৰ ঘৰৰ হাতী
ধান খাই পাচি পাচি
উত্তৰ: ঢেঁকী
* ৰুণুক ঝুণুক কৰে জুনুকা নহয়
পাখি মেলি বহে পখিলা নহয়
উত্তৰ: জাল
* ৰান্ধনী বাই ৰান্ধনী বাই
কি শাকৰ গুটি নাই
উত্তৰ: ঢেকীয়া
❁ ডাকৰ বচন:
* ৰূপ সোণা হীৰাৰ মূল্য।
গঙ্গাৰ জলত নুহিকে তুল্য॥
* ৰাগৰ মিঠা বড়াৰি।
যুৱাৰ মিঠা সহাৰি॥
* ৰজাৰ সেবাত সবাকে পাই।
দুগ্ধত যেন গুৰ মিশলাই॥
* ৰাজাক চিনিবা দানত।
ঘোৰাক চিনিবা কাণত॥
* ৰন্ধন কৰয় বচন মিষ্ট।
সেই গৃহিণীক বোলয় ইষ্ট॥
* ৰৌদ্ৰত ৰান্ধে কাঠে খেৰে।
বৰ্ষাত ৰান্ধে চালে বেৰে॥
* ৰদে বৰখুণে সমে যাই।
তেবেসে কৃষিৰ লাভক পাই॥
* ৰবি ৰবিসুত ভুমি নন্দনে।
মাঘৰ আঁওসী তৃতীয়া দিনে॥
* ৰাগ নাজানি গাই গীত।
পৰৰ নাৰীত সদায়ে চিত॥
❁ মহৎ লোকৰ বাণী:
* ৰুগীয়াৰ কাৰণে জীৱন মানেই প্ৰত্যাশা।
- চিচাৰু
* ৰজাৰ সন্মান ভিতৰতহে, কিন্তু এজন শিক্ষিত লোকৰ সন্মান সকলোতে।
- ৰবীন্দ্ৰনাথ ঠাকুৰ
* ৰাজনীতি হল ৰক্তপাত নকৰাকৈ কৰা যুদ্ধ আৰু যুদ্ধ হল ৰক্তপাত কৰা ৰাজনীতি।
- মাও চে তু
* ৰাজনীতি এনে এটা যন্ত্ৰণাদায়ক বস্তু যে ভালপোৱাজনক তাৰ মাজত নোসোমাবলৈহে মই উপদেশ দিম।
- টমাছ জেফাৰচন
* ৰাজনৈতিক দলবোৰে এখন দেশ বা এটা জাতি গঢ়িব পাৰে, কিন্তু তাত প্ৰাণ প্ৰতিস্থা কৰিব নোৱাৰে।
- বিষ্ণু প্ৰসাদ ৰাভা
* ৰসাত্মক, তথ্যাত্মক আৰু তত্ত্বাত্মক - তিনিও বিধ সমানভাবে বিকাশ প্ৰাপ্ত হ’লেহে এটা সাহিত্যক পূৰ্ণ বিকশিত উন্নত সাহিত্য বুলি আখ্যা দিব পাৰি।
- তীৰ্থনাথ শৰ্মা