লেছেৰি

ম - অসমীয়া সাঁথৰ, ডাকৰ বচন আৰু মহৎ লোকৰ বাণী - “ম”

 ❂ অসমীয়া সাঁথৰঃ
* মাটিৰ তলৰ বগী বুঢ়ী,
   সাজ পিন্ধে কুৰি কুৰি।
উত্তৰ: নহৰু
* মাকে বৰশী বায়,
   পুতেকে সৰগলৈ চায়
উত্তৰ: বাঁহ গছ আৰু গাজ
* মাত আছে মানুহ নাই,
   ঘৰ আছে দুৱাৰ নাই
উত্তৰ: ৰেডিঅ'
* মাক জুটুলী পুতুলী,
   পুতেক চোকা টেকেলা
উত্তৰ: জলকীয়া
* মামাহঁতৰ বাৰীলৈ গ'লোঁ
   সোমাব পাৰিলোঁ, ওলাব নোৱাৰিলোঁ
উত্তৰ: চেপা
* মায়ে মাতে বাই বুলি
   দেউতাই মাতে তাকে,
   তুমিও মাতা বাই বুলি
   ভাইটিয়ে চাই থাকে
উত্তৰ: জোন
* মামাৰ ঘৰৰ ক’লী গাই
   এক পিয়ন দি মৰি যায়
উত্তৰ: কলগছ
* মোমাইদেউৰ তিনিটা টেঙা
   এটা ভাগিলে লাগে জেঙা
উত্তৰ: উধান

❂ ডাকৰ বচনঃ
* মাছৰ চিকুণ মোৱা৷ 
   টোপনিৰ চিকুণ পুৱা॥
* মৰে অলপ পানীৰ মাছ।
   মৰে নদী কুলৰ গাছ॥
* মাগুৰ মাছৰ চিৰকুটিয়া।
   হালধি মৰিচ হিঙ্গক দিয়া॥
* মধুৰ বচন বোলে সদাই।
   স্বামীৰ বচন কিছু নেপেলাই॥
* মেঘত আদিত্য তুলাতে খোৰ।
   যিমত ভৌম নাহিকে জোৰ॥
* মেষ কাকৰ তুলা মকৰ।
   এই চাৰি ৰাশি গণিতা সাগৰ॥
* মেঘক দেখিয়া হাল কোবাই।
   জানা শস্য তাৰ অধিক পাই॥
* মাঘত ৰৌদ্ৰ বৈশাখত শীত।
   চাৰি মাহ অল্প বৃষ্টি ভূমিত॥
* মাঘৰ শেষত বৰিষে পানী।
   অল্প বৃষ্টি আগলৈ জানি॥
* ধনু মীন কন্যাত শনিৰ বাস।
   হাতী ঘোৰা গৰু মানুহ নাশ॥
* মাজে জান যদি যাই বহিয়া।
   খাই সুখে থাক ঘৰে বসিয়া॥

❂ মহৎ লোকৰ বাণীঃ
* মানুহৰ মাজত যি পূৰ্ণতা বিৰাজমান, তাৰ প্ৰকাশেই হ’ল শিক্ষা।
             - স্বামী বিবেকানন্দ
* মুৰ্খ আৰু অজ্ঞানীয়ে সত্য কি নাজানে।
           - বুদ্ধদেৱ
* মোক তেজ দিয়া, মই তোমাক স্বাধীনতা দিম৷
              - সুভাষ চন্দ্ৰ বসু
* মৃত্যুতকৈ কষ্টেৰে জীয়াই থাকিবলৈ বেছি সাহসৰ প্ৰয়োজন হয়।
           - নেপোলিয়ন বোনাপাৰ্ট
* মানুহে যিমানে কিতাপ পঢ়িবলৈ শিকে সিমানে ভাবিবলৈ শিকে।
          - জৱাহৰলাল নেহৰু
* মানুহ এদিন মৰিবই লাগিব, দোষ কৰি মৰাতকৈ বিনাদোষে মৰা বেছি ভাল।
           - চক্ৰেটিছ