লেছেৰি

ব - অসমীয়া সাঁথৰ, ডাকৰ বচন আৰু মহৎ লোকৰ বাণী -“ব”

 ❂ অসমীয়া সাঁথৰঃ
* বাঘ হেন জাঁপ মাৰে, কুকুৰ হেন বহে।
   শিল হেন তল পৰে, তুলা হেন ভাহে॥
উত্তৰ: ভেকুলী
* বৰসাপ যায়,
   চিন চাব নাই
উত্তৰ: নাও
* বগা বগা চাহাবৰ ক’লা ক’লা টুপি,
   এক ঘোচা মাৰি দিলে উঠে জ্বলি-পকি
উত্তৰ: জুইশলা
* বুঢ়ীৰ ঘৰৰ ভিজা কঁঠা
   সেইখন নহলেই ডাঙৰ লেঠা
উত্তৰ: জিভা
* বাৰীত কাহে, মাতিলে নাহে।
উত্তৰ: কুঠাৰ
* বাৰটা মাহত তেৰটা মাত,
   থম্ থম্ কৈ বহি থাকে
   চকুটেলেকাৰ জাত
উত্তৰ: ফেঁচা
* বাঁহ খায়, কাঠ খায়
   পানী পালে মৰি যায়৷
উত্তৰ: জুই

❂ ডাকৰ বচনঃ
* ব্যৱহাৰে চিনিবা যাৰ আছে দয়া৷ 
   গমনতে চিনিবা মানুহ ভাল নে বেয়া॥
* বাৰী শুৱনি বাঁহে৷ 
   ভোজন শুৱনি মাহে॥
* ব্ৰাহ্মণৰ পিতৃ দেৱ অৰ্চ্চন।
   ক্ষেত্ৰিয় সবৰ প্ৰজা পালন॥
* বৈশ্যৰ বাণিজ্য ধন আৰ্জ্জন।
   শূদ্ৰৰ স্বধৰ্ম্ম নীতি সেৱন॥
* বাঘ চাব লাগিলে বোন্দাকে চাবা।
   মানুহ চাব খুজিলে আলিলৈ যাবা॥
* বুঢ়া গৰুৰ শিঙ্গেই ভাৰ।
   ঘৰণীৰ মুখে ৰূপ যুৱাৰ॥
* বাণৰ লঘু বড়সীবাণ।
   ৰোগৰ লঘু কুকুৰি কাণ॥
* বাই মৰা ভিনিহি।
   কঠিয়া মৰা কিৰিষি॥
* বলদ কিনি বহু বুজিয়া।
   বাচি সুধিবা ধোবা তেলিয়া॥
* বোলন্ত ডাকে ঢিল মাটি পাই।
   কান্ধত নাঙ্গল ধৰিয়ো যাই॥
* বৰ্ষা কালত বেঙ্গৰ ৰাও।
   হাল গৰু লৈয়া পথাৰক ধাও॥
* বাপে পোৱে যদি কন্দল বাঝে।
   পুত্ৰক দণ্ডিবে পণ্ডিত বাজে॥
* বিপ্ৰে বৃষ্টি কৰে যাহাৰ শীৰে।
   প্ৰত্যেক দিবসে ভোজন ক্ষীৰে॥

❂ মহৎ লোকৰ বাণীঃ
* বেয়া কাম কৰি প্ৰখ্যাত হোৱাতকৈ নাই নাইকিয়া হোৱাও ভাল।
          - কালিৰাম মেধি
* বন্ধুত্ব ধনৰ দৰে - ঘটিবলৈ সহজ, কিন্তু ৰাখিবলৈ টান।
              - ছেমিয়েল বাটলাৰ
* বিশ্ব মানৱৰ অসংখ্য তাঁৰৰ এডালো তাঁৰ যি সাহিত্যিকে কঁপাব পাৰিব, তেওঁৱেই প্রকৃত সাহিত্যিক।
           - লক্ষ্মীনাথ বেজবৰুৱা
* বিদ্যা মানৱ মনৰ দীপ্তি, তাৰ ৰশ্মিৰ পোহৰত কাম কৰি মানুহে ধন, মান আৰু যশস্যা লাভ কৰে।
            সত্যনাথ বৰা
* বেয়া কাম কৰি প্ৰখ্যাত হোৱাতকৈ নাম নাইকিয়া হোৱাও ভাল।
             কালিৰাম মেধি