লেছেৰি

স - অসমীয়া সাঁথৰ, ডাকৰ বচন আৰু মহৎ লোকৰ বাণী - “স“

 ❂ অসমীয়া সাঁথৰঃ
* সৰুৰে পৰা ডাঙৰ হ’লোঁ
   ঘৰৰ পিছফাল নেদেখিলোঁ
উত্তৰ: পিঠি
* সাহটো পেলাই বাকলিটো খায়,
   সেইটোনো কি ফল কোৱাচোন ভাই
উত্তৰ: ঔ টেঙা
* সোণৰ গুটি, ৰূপৰ পাত
   আগবঢ়ালে মাৰ্জ্জনা হয়, শত অপৰাধ
উত্তৰ: তামোল-পাণ
* অসম দেশৰ বিষম কথা,
   কি গছৰ পাত গোটা
উত্তৰ: পিয়াজ

❂ ডাকৰ বচনঃ
* সততে ফুৰিবা হৰিক স্মৰি৷ 
   তেবেসে যাইবা সংসাৰ তৰি॥
* সোণা ৰূপা কিবা কৰি।
   ভাত নেখালে ভোকতে মৰি॥
* সোণাৰ তুল্য কন্যাৰ দান।
   ডাকে বোলে তাৰ স্বৰ্গেসে স্থান॥
* সুদৃঢ়ে বান্ধিব কটিৰ বস্ত্ৰ।
   সুতিকা নিকটে ৰাখি অস্ত্ৰ॥
* সত্য কৰি যদি সাক্ষী নকৱে।
   যম দুতে নিয়া নৰ্কত থৱে॥
* সাক্ষী মুখে যদি ভঙ্গক জানি।
   মধ্যস্থ জনৰ বচন মানি॥
* সজ্জনে যদি গুৰু বধ কৰে।
   ভিক্ষা ভুঞ্জি ভ্ৰমে বাৰ বছৰে॥
* সোকোতাৰ পাত বেশুৱাৰ ঝোল।
   তেলৰ ওপৰে দিয়া আৰু তোল॥
* স্বামীৰ সেৱা গধূলী ৰাতি।
   ডাকে বোলে সেই লক্ষ্মীৰ জাতি॥
* সাতে পাতল পাঁচত ঘন।
   ছয়ত তামােল নদন বদন

❂ মহৎ লোকৰ বাণীঃ
* সকলো বিপদৰ একমাত্ৰ ঔষধ হৈছে ধৈৰ্য।
               - প্লেটো
* সমাজসেৱাই মানুহৰ প্ৰকৃত ধৰ্ম।
            - বিষ্ণুপ্ৰসাদ ৰাভা
* সিদ্ধি নহ’লে কাম এৰি দিয়া চঞ্চল মানুহৰ ৰীতি।
            - সত্যনাথ বৰা
* সংসাৰত ভাল-বেয়া দুয়োটাই আছে, বেয়াটো এৰি ভালটো গ্ৰহণ কৰিলেই শিক্ষাৰ পথ সুগম হয়।
        - ভল্‌টেয়াৰ
* সময়ৰ জোখ কামতহে, ঘড়ীৰ কাঁইট কেইডালত নাই।
        - নীলমণি ফুকন
* সভ্যতাৰ অৰ্থ হৈছে সুশৃঙ্খল সমাজ সংগঠন; এনে এখন সমাজ য’ত সংস্কৃতিয়ে নিৰলে পোখা মেলিব পাৰে।
       - হেম বৰুৱা
* সংসাৰত উদগতি কৰিবলৈ মানুহক মনৰ একাগ্ৰতা লাগে, পঢ়নৰপৰা সেই একাগ্ৰতা জন্মে।
              - সত্যনাথ বৰা