❂ সাঁথৰঃ
* গছৰ ওপৰত গুটি, গুটিৰ ওপৰত গছ,
ই নো কি গছৰ সঁচ?
উত্তৰ: মাটিকঁঠাল
* গৰু নহয় ঘাঁহ খায়
পখী নহয় উৰি যায়৷
উত্তৰ: ফৰিং
* গুণ গুণ কৰে কিন্তু ভোমোৰা নহয়,
লগুণ আছে কিন্তু বামুণ নহয়
উত্তৰ: যঁতৰ
* গৰজি গৰজি আহাৰ খায়
পেটত হ’লে একো নাই
উত্তৰ: ঢেঁকী
❂ ফকৰা যোজনাঃ
* গছ নাইকিয়া দেশত
এৰাগছেই বৰগছ
গৰুৰ আগত টোকাৰী বায়,
কাণ জোকাৰি ঘাঁহ খায়
❂ ডাকৰ বচনঃ
* গৰু কিনিবা দীঘল নেজা।
মৈত উঠিলে নহয় কুজা॥
* গাঁৱৰ বলদ নিকটৰ ভূঁই৷
ইহাক নেৰিবা জানন্তা হুই॥
* গৰু কিনিবা চিকণ জালি৷
দুই চাৰি ছয় দন্তীয়া ভালি॥
* গৰু কিন চিত পাখৰ।
তাক মেলিবা একে আখাৰ॥
❂ মহৎ লোকৰ বাণীঃ
* গ্ৰন্থ হৈছে এনে এখন বাগিছা, যি সকলোকে আশ্ৰয় দিয়ে।
- চিডনী স্মিথ
* গভীৰ অনুতাপ কৰা মানেই হ’ল, নকৈ জীৱন আৰম্ভ কৰা।
- হেনৰী ডেভিদ থৰো
* গভীৰ অমানিশা অথবা কালৰাত্ৰিৰ বুকুতে যেনেদৰে প্ৰভাত লুকাই থাকে, তেনেদৰেই বুকুত সাহস বান্ধি আগুৱাই গৈ থাকিলে হেজাৰ পৰাজয়ৰ পাছতো জয়লাভ নিশ্চিত হৈ উঠে৷
- ভূপেন হাজৰিকা
* গানে নিষ্ঠুৰক চেনেহিয়াল কৰে, কঠিনক কোমল কৰে, ভীৰুক সাহিয়াল কৰে আৰু স্বাৰ্থপৰক পৰোপকাৰী কৰে।
- লম্বোদৰ বৰা
* গ্ৰন্থ হৈছে যৌৱনৰ খাদ্য, প্ৰৌঢ়ত্বৰ আলোক, প্ৰগতিৰ অলংকাৰ, দুৰ্ভাগ্যৰ পৰা নিৰাপত্তা, ঘৰ এখনৰ পোহৰ আৰু যাত্ৰাৰ সংগী।
- টুলিয়াছ চিচেৰো