লেছেৰি

ভ - অসমীয়া সাঁথৰ, ডাকৰ বচন আৰু মহৎ লোকৰ বাণী - “ভ”

 ❁ অসমীয়া সাঁথৰ:
* ভাবিচিন্তি মইনাহঁত উত্তৰ দিয়াচোন 
   মূৰত টিকনী লৈ পুৰি মৰে কোন
উত্তৰ: মমবাতি
* ভৰিয়ে কৰে লটংপটং হাতে কৰে পোন
   টপৰাই কোৱাচোন সেইটোনো কোন
উত্তৰ: চাইকেল
* ভোমোৰা নহয় সিটো কৰে গুণ গুণ,
বামুণ নহয় কিন্তু আছে লগুণ
উত্তৰ: যঁতৰ

❁ ডাকৰ বচন:
* ভাল দ্ৰব্যক যেখনে পাইব।
   দেৱতা দ্বিজক তেখনে দিব॥
* ভেদ দণ্ড সাম্য কৰন্ত দান।
   চাৰি ৰূপে ন্যায় কৰিয়া জান॥
* ভক্ত গুৰু বিষ্ণু নাম নিচিনে।
   কাহাত বলে ছয় শত্ৰু জিনে॥
* ভাল বস্তু পাইলে আপুনি খাৱে।
   যমদুতে তাইৰ মুখ নচাৱে॥
* ভাল বুলিলে কৰয় খঙ্গ।
   তাইৰ সঙ্গত নিমিলে ৰঙ্গ॥
* ভূমিক চহিবা ডাকে বোলয়।
   বীজ পাব শালী বহুত হয়॥

❁ মহৎ লোকৰ বাণী:
* ভাগ্যৰ বলত মানুহে এটা সময়ৰ বাবে পৃথিৱী শাসন কৰিব পাৰে; কিন্তু প্ৰেমৰ বলেৰে যুগ-যুগান্তৰলৈ পাৰে।
              - লাওচে
* ভৰিৰে পিছল খালে নিজে দুখ পায়।
জিভাৰ পিছলে কিন্তু আপদ ঘটায়॥
          - আনন্দচন্দ্ৰ আগৰৱালা
* ভোগতকৈ ত্যাগ ভাল। খোৱাৰ কাৰণে জীৱন নহয়; জীৱন ৰক্ষাৰ বাবে খাব লাগে।
             - মহাত্মা গান্ধী
* ভগৱানৰ ওচৰত গুহাবাসী সন্যাসী যেনে, তলাতল ঘৰত বাস কৰা ধনীও তেনে।
           - গুৰু নানক