লেছেৰি

ঘ - অসমীয়া সাঁথৰ, ডাকৰ বচন আৰু মহৎ লোকৰ বাণী - “ঘ“

 ❂ সাঁথৰঃ
* ঘূৰালেই গোঁ গোঁ ভোমোৰাৰ গুণ
  লগুণ পিন্ধে গাত নহয় বামুণ৷
উত্তৰ: যঁতৰ
* ঘৰৰ তলত ঘৰ,
  তাতে পৰি মৰ
উত্তৰ: আঁঠুৱা
* ঘৰ আছে দুৱাৰ নাই
  মাত আছে মানুহ নাই
উত্তৰ: ৰেডিঅ’
* ঘন ঘন গাঁঠিৰে ডিঙিত পিন্ধি মণি
   আকাশলৈ চাই থাকে কোনে চুলি মেলি৷
উত্তৰ: তামোল গছ

❂ ফকৰা যোজনাঃ
* ঘৰৰ কথা নক’বি পৰক
ঘৰ হয় লৰক ফৰক

❂ ডাকৰ বচনঃ
* ঘন সৰিয়হ পাতল মাহ৷ 
  আৱৰণ দিবা কপাহ বাঁহ॥
* ঘৰৰ বাজে চাৰি চুকত৷
  বচ সিজু বগৰী ৰুব সতত॥
* ঘনে ঘনি, পৰেকত ছেপা৷ 
  সদায় ৰাখিবা তিৰীত বেথা॥

❂ মহৎ লোকৰ বাণীঃ
* ঘৃণা হৈছে মানৱ চৰিত্ৰৰ আটাইতকৈ ডাঙৰ দুৰ্বলতা।
          - মহাবীৰ জৈন
* ঘৰ সাজিবলৈ যিদৰে ওখ ভেঁটি কৰি লব লাগে সেইদৰে কথা প্ৰকাশ কৰিবলৈও মনতে এবাৰ দ কৈ চিন্তা কৰি লোৱা উচিত।
              – ইভানবুনিন
* ঘৃণাৰে নিজক ভাৰাক্ৰান্ত কৰি নল'বা; তুমি ভবাতকৈ ই অতি গধুৰ বোজা।
        - মেডাম দা চেভিন
* আনক ঘৃণা নকৰিবা, নিজ ঘৃণিত হ'বা।
        - স্বামী বিবেকানন্দ